ৰাতি তৰা দেখা আমাৰ ঘৰখন
আজিওঁ সৌ আকাশত তৰাৰ ৰাগিনী
যোৱা,পৰহিৰ নিশাৰ দৰে
একেই উত্ৰাৱল
মাথো কিছু অনুভৱ তিল্-মিল্ তৰাৰ ।
হৃদয়ৰ জপনা খুলি খুলি থৈছো
তৰাৰ মেলানিক চাবলৈ ,
সোমাই আহঁক সতীৰ্থ ॥
তুমি চোৱা মোৰ বুকুৰ গহবৰাত
তম্বুৰ ত্ৰিপাল আকাশত উৰে
নিচলা আইৰ মৌছুমীয়ে লৈ যোৱা
আজিয়ো চাব পাবা
"ৰাতি তৰা দেখা আমাৰ ঘৰখনত ॥
চিক-মিক বিজুলীৰো কিনো চেনেহ
নিচুক-চুকমাত তাইৰ চকু নিগৰি নিগৰি সৰে
বীজে! শুকান বুকুত ত্ৰিপাল বিহীন জীৱন
এই আকাশত ,তৰা দেখা ঘৰখন॥
উহ! উহ! ঠাণ্ডা ঠাণ্ডা
গাৰ নোম থিয়ৰি উঠিছে
ৰঙচুৱা গা'টিয়ো বৰস্ফিত হৈছে
থাকো কেনেকৈ....
ৰাতি তৰা দেখা ঘৰখনত ॥
বাওঁফালে চকু থওঁ কংক্ৰিট হাবি
তাহানিৰ দৰে একোৱেই চিনাকী
বাঘ কতো দেখা নাই,
সোফাঁলেওঁ চকু দিওঁ
কৃত্ৰিম ৰূপেৰে ডাকা ভেজাল হাহিঁ
পানীৰ লগত মিশ্ৰিত গাখীৰৰ দৰে ।
কতো দেখা নাই
স্বৰ্গ আকাশ বিশাল পকী ঘৰ
পুৰ্বেওঁ আছো বৰ্তমানো আছো
নৰকিত ! ৰাতি তৰা দেখা ঘৰত ॥
বৰষাই দি যায় টোপ টোপ মৰম
নিয়ৰো দিয়ে একাজঁলী মৰম শিৰতে
বৰষা-নিয়ৰৰ চেনেহে কিনো সানে
দীনবন্ধুৰ গাত,
তথাপিয়ো হেৰুৱাব খোজা নাই
ৰাতি তৰা দেখা ঘৰখনিক
ঈশ্বৰ দেখা ঘৰলৈ তানি নিয়াৰ,
চন্দ্ৰ-তৰাক তাহানিতেই চিনাকী
সপোন আছে তেখেতক লগ পোৱাৰ
এই যে ৰাতি তৰা দেখা ঘৰতেই থাকি।
সময় পালে দেখা দিবা ক্ষন্তেক
দিবলৈ একোৱেই নাই
আচল হাহিঁ দিব পৰা মুখৰ বাহিৰে
তুমিটো জানাই
আমি তম্বুৰ মানুহ !
ৰাতি জোনাকৰ লগত কথা পাতো।
নামি-দামী তাৰকাগৃৰ সমান
আমি থকা নিলয়তেই পাবা,
কাচি জোন নে নাই
দিপলিপ তৰা নে পূৰ্ণিমা
নতুবা তুমি চাব পাৰা বাওঁ-সোঁফালে চকু দি
বাৰে-বৰণীয়া ব্যক্তিৰ অভিনয়
আমাৰ ইয়াতেই
ৰাতি তৰা দেখা ঘৰখনত ॥
◼তপন পায়েং
লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়


0 Comments