Header Ads Widget

জীপাল হোৱা দিনবোৰ পৰৱৰ্তীৰ ষ্মৃতি হৈ,◼তপন পায়েং(কাৰ্চাং)

 জীপাল হোৱা দিনবোৰ পৰৱৰ্তীৰ  ষ্মৃতি হৈ,◼তপন পায়েং(কাৰ্চাং)




জীপাল হোৱা দিনবোৰ পৰৱৰ্তীৰ  ষ্মৃতি হৈ,◼তপন পায়েং(কাৰ্চাং)

সময়ক বিশ্বাস কৰিব পৰা নাযায়, ই মাথো বৈ যায় সমুদ্ৰলৈ ,সেই যে স্মৃতিবোৰ সাচি ৰাখিবলে এলবামত ৰখা আজিচোন হেৰাঁল। আজিৰ যুগ  বৰ্তমান যুগ,আধুনিকতাৰ আপুনি সাচি ৰাখিব পাৰে এটা মবাইলৰ স্নেফচটত নতুবা থব পাৰে কোনোবা ছচিয়েল মেডিয়াৰ ঘৰত ,সেয়ে সাচি থলোঁ আজি ফটো আৰু বিডিঅৰ  ৰূপত হয়তো কব নোৱাৰি পৰৱৰ্তী  সময় মই বা আপোনালোকৰ ওচৰত দেখা দিব  পাৰোনে নোৱাৰো সেয়া সময়ে কব,..হয়তো  পৃথিৱীৰ পৰা সোণকালেওঁ মেলানি মাগিবওঁ পাৰে নেদেখা নদীৰ ঘাটত , মোক বিচৰাজনে বিচাৰি যাতে থমকি নৰয় তাৰে এটা স্বৰূপ বৰ্তমানৰ লেখা ,ছচিয়েল মেডিয়া  কোনে জানে আপোনাৰ মোৰ বিধিৰ লিখনবোৰ  মানুহে কয় আধুনিকতাৰ যুগে যিমান কামবোৰ চমু কৰিছে তাতকৈ আমাৰ জীৱনবোৰ ভগৱানে চুটীকৈ লিখি পঠিয়াইছে।  তাৰেই স্মৃতিবোৰ জীপাল হোৱা স্বাৰ্থত আজি আকৌ আপোনালোকৰ ওচৰত কাষ চাপিলোঁ। সময়ক মনত ৰাখিব নোৱাৰি কিন্তু সময়ত ঘটি যোৱা ঘটনাবোৰকে থাকি যায় হয়তো হব পাৰে সেয়া আপোনাৰ বিলোপ নতুবা সুখময় ।  
                        দুদিনৰ আগৰে পৰা প্ৰস্তুতি তেখেত সকলৰ  জৰিয়তে মূখ্যত  ডেইজী গগৈ ,প্ৰজ্ঞান প্ৰতিম বৰা ,বিশ্বজিৎ দাস,ভৱেশ টাইড,শিৱানী বৰা তেখেত সকলৰ জৰিয়তে মহাবিদ্যালয়তো আলোচনা কৰা হৈছিল । আৰু তাৰেই স্বৰূপে আজি লখিমপুৰ জিলাৰ বগীনদীত স্থিত Boginadi Soil ত প্ৰীতিৰে খাদ্য তৃপ্তীলোঁ ।  তেওঁলোকৰ বিশেষকৈ ডেইজী গগৈৰ অণুৰুধৰ ক্ৰমত মান্তি হলো ,নহলে ভিতৰি ভিতৰি বৰকৈ চিন্তিত হৈছিলোঁ। কাৰণ ডাঙৰ বাইদেওঁৱে কৈছিল "দেউতাৰ স্বাস্থ্য ভাল হৈ থকা নাই"খবৰটো শুনি  হৃদয়ত কিবা খেলি-মেলি লগাইছে যাওঁ নে নাযাওঁ বুলি কিন্তু যোৱা কালিৰ পৰাওঁ ডেইজীৰ সতে কথা পাতিছিলোঁ মই যদি অমান্য কৰো কথাষাৰ জানো ভাল হব । অৱশেষত কোনো মতে আতঁৰাই অণুৰুধ পালন কৰিবলৈ ওলাঁলো ,কুকাৰত ভাত দি বোলো ডিম্ব দুটা সিজাই,খাই। বেগত বিশেষ কিবা কিতাপ বঢ়াই সেয়া মোৰ অভ্যাগত পঢ়ক নপঢ়ক বেগত কিতাপ থাকিবই।  ভৱেশক খবৰ কৰি গম পালো যে তেওঁলোক এতিয়াওঁ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰতেই আছে ,ভৱেশ কোৱা মতে মই শনি মন্দিৰলৈ আহিলো তাতঁ থকা দোকানৰ কাষত  এখন্তেক থিয় হলোঁ,দোকান খন আছিল সৰু-সুৰাকৈ হলেওঁ কিতাপ দোকান আছিল দোকানীজনৰ লগত কথা পাতি সময় অতিবাহিত কৰিলোঁ,কিবা  ব্লেকবৰ্ডৰ দামৰ বিষয়েওঁ সুধিলো কোৱা মতে দাম হেনো আঠশ টকা । অলপ সময় ৰৈ ভৱেশক আকৌ ফোন কৰিলো সি আৰু ৰাকেশ দাস এতিয়াওঁ তাতেই আছে ,কেৰাকৈ হলেওঁ তালৈ চকু দিলো ওচৰৰ হোটেলখন খোলা আছেনে বাৰু কাৰণ আজি দেওঁবাৰ । ওফ হোটেলখন খোলা আছে চাহ খোৱাৰ নামত ফেনৰ বতাহ খাই থাকিব পাৰিম বুলি সোমালো  চাহ একাঁপ দিবলৈ কলোহি ,এক্কেবাৰে ফেনৰ তলে তলে বহিলো ,বেগত থকা কিতাপখন উলিয়ালো দুটামান পৃষ্টা বাৰুকৈয়ে চকু দিলো। কিছুসময়ৰ পিছত ,,ভৱেশৰ ফোন আহিছিল সিহঁত গাড়ীসহ  আহি পাইছিল এইখিনিতে কওঁ যে খানাৰ বাবে কোনো গাড়ী ৰিজাৰ্ব কৰা নাছিল সেয়া আমাৰ সহপাঠী ধীৰাজ দত্তৰ গাড়ীয়ে ,এখ‍েতসকল শনিমন্দিৰ কিছু মিনিটৰ দুৰত থকা তেল ডিফুলৈ গৈছে কথাটো শুনি হোটেলৰ পৰা ওলাই আহিলোঁ ।ওলাই আহি দেখিলো সিহঁত নাই মানে সিহঁত ডিফুত আছে পিছে কাষত লগ পালো শিৱানী বৰাক তাইৰ  সতে একে থিয় দিলোঁ।কিছুসময়ৰ পিছত সিহঁত আহি পাইছিলেগৈ ।ধীৰাজৰ গাড়ীত অম্লানজ্যোতি হাজৰিকা,তপন দত্ত,ৰাকেশ দাস আৰু ভৱেশ টাইড।
যাত্ৰা আৰম্ভ কৰিলো, কিছুদুৰ গৈ আজিৰ খানাটোৰ পৃষ্টপোষকতা কৰা ডেইজী গগৈৰ ঘৰৰ পালে সোমোৱা ন-আলি পালোহি। তেখেত ক্ষন্তেক সময় ৰ'ব কোৱাত ৰৈ দিলো। তেখেত আহি পাইছিল আৰু তেওঁৰ লগত শিৱানী বৰাওঁ ,ডেইজীৰ নিজা বাহন স্কুটীৰে আগলৈ আগবাঢ়ি যায় আৰু আমিওঁ ষ্টাৰ্থ কৰিলো । বগীনদী তিনিআলিত সহপাঠী গনেশ স্বৰ্গীয়াৰিওঁ বজাৰ কৰি আছে আজিৰ দিনটোৰ বাবে আৰু বিশ্ব ,প্ৰজ্ঞানো আহি পাইছিলগৈ। লাহে লাহে বগীনদী চইললৈ গাড়ীৰ দিশ থোৱালোঁ।

জীপাল হোৱা দিনবোৰ পৰৱৰ্তীৰ  ষ্মৃতি হৈ,◼তপন পায়েং(কাৰ্চাং)
Boginadi Soil


মানুহ তাত সমাগম শুনামতে তাত সদায়েই পাৰ্টী হৈয়েই থাকে হেনো ,মানুহৰ ভিৰ লেকলৌ পৰুৱা পিকনিক ছিজন সময় ন-পোৱাতেই যদি এনে ৰূপ জানুৱাৰী-ফেব্ৰুৱাৰীত আৰু কিমান হ'ব লাগে । মই কেৱল এটা কথাই লক্ষ্য কৰিছোঁ ,মানুহবোৰে তাত লেতেৰা কৰি যায় খোৱা স্থলীটো যদিয়ে প্ৰতিটো গোটেই ছপা কৰি যায় কিমান পৰিস্কাৰ হৈ থাকিব তেতিয়াহে ভৱিষ্যতেওঁ পিকনিক প্লেছ হৈ  থাকিব।ওচৰৰ পৰা প্ৰজ্ঞানে চৰু-কেৰাহীৰ জোগাৰ কৰিছে।শিৱানী ,বিশ্ব ,ভৱেশ, ডেইজীয়ে পিয়াজ আলু কটাত হাত ধৰিছে আৰু মই বিডিঅ ৰেকৰ্ডিংঙত কাৰণ মোৰ ইউটিউব চেনেল কাৰ্চাং তাকাৰত বিডিঅবোৰ আপলোড দিবলৈ । অৱশ্যে দুই -এটাওঁ ফটো মাৰিছো বাৰু । ডেইজী গগৈয়ে ক্ৰমে মাংস বাজিৰ লগতে চব্জি বনাবলৈ হাত ধৰিছিল মইয়ো পিছে হাত নধৰা নহয় বাৰু; আৰু পৰৱৰ্তী বিডিঅৰ কামটো বন্ধু বিশ্বজিৎ দাসৰ হাতলৈ ঘটাই দিয়া হয় । চব্জি হোৱাৰ পিছত গনেশ আৰু বিশ্বজিতে টেষ্ট কৰি চায় কলে যে থিকেই আছে হেনো । ইমানেই টেষ্টি বুলি কৈছে যে গনেশে  ডিস্থটো চেলেকি চেলেকি খাব লগা হৈছে । মই পিছে বিডিঅওঁ নকৰা নহয় সেই দৃশ্যটো ,সেই সময়তে বিশেষ ফোন আহিছিল গুণ গোবিন্দ সোনাৱালৰ সি এনো আজি নহয় বুলি  অহা নাই পিছতে এনো গম পাইছে মোৰ ওৱাটছাপ ষ্টেটাছৰ যোগেদি সেয়েহে দৌৰি আহিছে কাৰণ সি ভাৱিছিল অহা দুই অক্টোবৰেহে হব বুলি। চব্জি হোৱাৰ পাছত ভাত বনোৱাৰ ফালতো মোৰ ভাগত পৰিছিল,অম্লান প্ৰজ্ঞান আমি একেলগে বনালোঁ আৰু কিছু সময় ৰৈ বিলাহী গাজৰ চাটনি বনায়  খানাটো খাবলৈ আৰম্ভ কৰিলোঁ। ভাল লাগিল ,আজিৰ দিনটোত আমন্ত্ৰিত কৰাৰ বাবে ধন্যবাদ জনালোঁ সকলোলৈ ,আৰু সকলোৱে মিলি ফটো তুলিলো । ষ্মৃতিৰ বাবে । আপোনালোকে তলত দিয়া বিডিঅটো চাব :----







                             ধন্যবাদ

Post a Comment

0 Comments