Header Ads Widget

লৰালিৰ ভোগালী বিহু ,Tapan Payeng,Karchang

লৰালিৰ ভোগালী বিহু

ভোগালী বিহু বুলি কলেই শৈশৱৰ  ভোগালী বিহুলৈ বৰকৈ  মনত  পৰে । বাহ! কি দিন আছিল  , কি আনন্দ আছিল । ভোগালী বিহুলৈ বুলি প্ৰায় দহ - বাৰ  দিন থাকোতে ষষ্ট-সপ্তমমানত পঢ়োতে চাৰি-পাচঁ কিলোমিটাৰ খোজ -কাঢ়ি গৈ মেজি বনাবলৈ ব্যৱহাৰ কৰা নল-কাগৰি কাটিবলৈ গৈছিলো ,গাত অকনমানো ভয়-ভাৱ নাছিল ॥কাবুলী ঘাটত নাওঁত উঠি ইটো পাৰলৈ যোৱা ,ভোগালী বিহুৰ উলাহত  নাছিল  অকনমানো ভয়  ,ৰদৰ কি তাপ,কষ্ট কি? ভাগৰ কি? কোনো আলাপ-বিলোচনা নাছিল, মাথো ভয়  মাজে মাজে ঘৰৰ মানুহলৈ , তহঁতক কোনে পঠাইছিল কাবুলী ঘাটলৈ গৈ নল-কাগৰি কাটিবলৈ  এইবুলি কয় তপিনাথ এচাৰি নিদিলেই হল বুলি তাকেই ভাৱি ঈশ্বৰক চিন্তি আহিছিলো তাৰ পৰিৱৰ্তে ভয় কৰিবলৈ একোৱেই নাছিল কাৰণ  সেই সময় উদন্ত সময় অৰণ্যৰ সিংহ আমিয়েই আছিলো ॥ কষ্ট কি একোৱেই  অনুভৱ কৰা নাছিলো মুৰত নল-কাগৰিৰ মোঠাটো  লৈ চাৰি-পাঁচ কিলোমিটাৰ খোজ-কঢ়াৰ দিনবোৰ আজিওঁ বৰকৈ মনত পৰে  কেতিয়াব কাবুলী ঘাটলৈ গলে মাঘ-বিহুলৈ মনত  পৰে । মুঠতে ভোগালী বিহুৰ প্ৰস্তুতি , আমি আটাইকেইটাই  ঘৰে ঘৰে গৈ মেজিৰ বাবে কাঠ-খৰি কাটি ফুৰা । চুৰ কৰা মহাপাপ কিতাপৰ পাঠ্যত তেনে বাক্যবোৰ পাইয়েই আছিলো  কিন্তু এটা কথা জানেনে ? আমাৰ মনলৈ আহিছিল মাঘ বিহু মানেই বাৰীত আলু-লাওঁ চুৰ কৰা  ,অথচ খেলিমেলি লাগিছিল ভোগালীকে মাঘ বিহু বুলি কয়নে নে কঙালীকেই মাঘ বিহু বুলি কয় । মুঠতে মাঘ বিহুত মেজি বনাব লাগে আৰু ৰাতি  কুকুৰা চুৰ কৰিব লাগে ।কোনো দিনেই ভয় লাগে বুলি কয় ৰাতি ঘৰৰ  পৰা নোলোৱাজনেওঁ মাঘ বিহুৰ উৰুকা ৰাতিৰ দিনা কুকুৰা চুৰ কৰিবলৈ ওলাইছিল  ,ইয়াকেইটো কয় মাঘ বিহুৰ পাৱাৰ ॥  উৰুকাৰ দিনা বস্তাত খেৰ লৈ বাৰীত সোমাই খেৰৰে ৰছী বনাই গছ-গছনিৰ যেনে তামোল,কঠাল,আম আদিবোৰত লগোৱা কামবোৰক আজিওঁ এই তামোল জোপাবোৰক দেখিলেই মনত পৰে সেয়াইটো পৰম্পৰা মাঘ বিহুৰ । আনহাতে বিহুৰ দিনা ৰাতিপুৱা তিনিটা বজাত শুই উঠি  দমকলৰ পানীৰে গা-ধুৱা । 


গা-পাত ধুই শনিবৰীয়া বজাৰৰ পৰা দেউতাই কিনি আনা জেপ থকা কাপোৰ পিন্ধি মেজিৰ ওচৰলৈ গৈ, কি বিহু মাঘৰ বিহু চিঞৰা আজিয়ো যেন মনত আছে । দেউতাই কিনি দিয়া জেপ থকা কাপোৰটোৰ জেপটোত তিল পিঠা ,জহা চাউলৰ পিঠা গুৰি ভৰাই থৈছিলো আৰু প্ৰত্যেক লৰাকেইজনৰ নতুন কাপোৰটোৰ জেপ থকা  নতুবা প্লাষ্টিক এটা লৈ  প্ৰত্যেকজনৰ ঘৰলৈ গৈ "তিল পিঠা,গুৰি পিঠা, চুঙা পিঠা,মিঠা আলু সিজোৱা তুলি আনি  গছৰ তলত বহি  খোৱা আৰু পিছদিনা পেট চলি দুদিনলৈ  ঘৰুৱা ঔষদ খায় মা'ৰ পৰা গালি খোৱা  । ভাৱিছিলো ভোগালী বিহু মানেই খায় খায় ভোগ আঁতৰোৱা কিন্তু  পাহৰিয়েই পেলাইছিলো যে বিহুৰ পিঠা বেছি খালে আমাৰ যে পেট বেয়া হব পাৰে মনলৈ  অহাই নাছিলো ,সেইবোৰেইটো শৈশৱৰ ভোগৰে ভোগালী বিহু। সেই দিনৰ ভোগৰে ভোগালী বিহু আজিওঁ মাতে মাঘৰে মেজিক দেখিলে ॥

লৰালিৰ ভোগালী বিহু ,Tapan Payeng,Karchang

লৰালিৰ ভোগালী বিহু ,Tapan Payeng,Karchang


Post a Comment

0 Comments