ফ্লৰা প্ৰাচীৰ পত্ৰিকা ২০২২ ॥ উদ্ভিদ বিজ্ঞান বিভাগ॥ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়॥
সাহিত্য হৈছে সমাজৰ দাপোনস্বৰূপ , হয়তো সকলোৱে জ্ঞাত যে কোনো এটা জাতি জীয়াই থাকিবলৈ হলে ভাষা জীয়াব লাগিব আৰু ভাষা জীয়াব হ'লে সাহিত্য ,সংস্কৃতি আদি জীয়াব লাগিব । এইসুত্ৰ আমাৰ লক্ষীমপুৰ তেলাহীঁ কমলাবৰীয়া মহাবিদ্যালয়ৰ সপ্তাহৰ প্ৰতিযোগীতাত আমাৰ উদ্ভিদ বিজ্ঞাম বিভাগেওঁ প্ৰাচীৰ পত্ৰিকা আলোচনী প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰা হয় । উক্ত প্ৰাচীৰ পত্ৰিকাখনৰ বাবে আমাৰ বিভাগীয় প্ৰধান অধ্যাপিকা শ্ৰদ্ধাৰ জুলী গোহাঁই নেওঁগ বাইদেওঁৰ আদেশনুক্ৰমে আমাৰ এই আলোচনীখনত সম্পাদনা সমিতি গঠন কৰা হয় । আলোচনীখনৰ বাবে শ্ৰদ্ধাৰ যদুমনি শইকীয়া চাৰৰ নেতৃত্বত "ফ্লৰা প্ৰাচীৰ পত্ৰিকাখনৰ বাবে সমিতি গঠন কৰা হয় আৰু উক্ত সমিতীখনত সম্পাদক হিচাপে স্বয়ং (তপন পায়েং) মোক আৰু সহসম্পাদক বিশ্বজিত দাসৰ লগতে সদস্য শিৱানী বৰা,আতিফা বেগম, সংগীতা দত্ত,বীনাপানী দলে,ভনীকন কামান ,হোমেন দাস,ৰাকেশ বৰা,ভৱেশ টাইড আৰু বেটুপাত অংকনত পাৰ্থপ্ৰতিম শইকীয়াক আৰু অনুলেখক অংগ সজ্জাত প্ৰজ্ঞান প্ৰতিম বৰা,অংকিতা দত্ত,প্ৰীতি ছেত্ৰী আদিক লৈ সমিতি গঠন কৰা হয় ।
আমাৰ এই ফ্লৰা আলোচনীখনত বৰ্তমান সময়ৰ লেখা,বিজ্ঞান লেখা,অণুগল্প,কুইজ আদি প্ৰকাশ কৰা হয় । যেনে এই প্ৰাচীৰ পত্ৰিকাখনত অন্তভূক্ত হোৱা লেখা বিলাকৰ ভিতৰত কবিতা বিজ্ঞানৰ ডালেৰে এটি কবিতা(তপন পায়েং),মা(পৰিস্মিতা দত্ত),কৌতুক আতিফা বেগমৰ ও অসমীয়া প্ৰবন্ধ আৰ্কিড (ৰাকেশ বৰা ) আদিৰ লেখাৰে আমাৰ ফ্লৰা প্ৰাচীৰ পত্ৰিকাখন সুন্দৰকৈ আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ শ্ৰেনীকক্ষৰ কাষত প্ৰতিষ্ঠাপন কৰা হয় লগতে আমাৰ সেই প্ৰাচীৰ পত্ৰিকা আলোচনীখনত উপদেষ্টা হিচাপে সন্মানীয় শিক্ষাগুৰু জুলী গোহাঁই নেওঁগ বাইদেওঁ,ভাৰত হাজৰিকা চাৰ,প্ৰভাত শইকীয়া চাৰৰ লগতে যদুমনি শইকীয়া চাৰে প্ৰাচীৰ পত্ৰিকাখনৰ তত্ত্বাবধায়ক হৈ সম্পুৰ্ণকৈ সজোৱাত সহায় কৰে । আমাৰ এই প্ৰাচীৰ পত্ৰিকাখন পুৰস্কাৰ পাওঁক নাপাওঁক কিন্তু এনেই কামেই ভৱিষ্যতেওঁ স্মৃতি হৈ থাকক তাৰেই কামনা॥

0 Comments