ভাললগা দিনবোৰ আকৌ পোৱাহেতেন ?
কাৰ্চাং তাকাৰ
অনুভৱ লেখা
লখিমপুৰ
মোক যদি শুধা ,তোমাৰ আটাইতকৈ ভাললগা দিন কোনটো? আচলতে ভাললগা দিনবোৰ অথবা ভালপোৱা দিনটো বুলি এটি বাক্যৰে নতুবা এটা দিনৰ কথাৰে প্ৰকাশ কৰিবলৈ বৰ অসুবিধা । যেতিয়াৰ পৰা সূখ আৰু দূখ অনুভৱ কৰিবলৈ শিকিছো তেতিয়াৰ পৰাই ভাললগা দিনৰ আবিৰ বোৰ যেন অনুপস্থিত হৈছে। মনে বিচৰা বস্তুবোৰ যেন পোৱাৰ পৰা লাহে লাগে দূৰলৈ গৈছে । মোৰ বাবে ভাল লগা দিনবোৰ যেতিয়া আইৰ কোলাতে জনম লৈছোহি তেতিয়া সূখ অসীম আছিল কিন্তু এতিয়া শিশু হৈ থকা নাই ।
সৌ সিদিনাৰ কথা ভাইটি সুনিলৰ সৈতে লখিমপুৰ চহৰৰ পৰা গাৱঁলৈ উভতিছো । মুকলি আকাশৰ তলেদি ,কাষেদি যদি প্ৰচণ্ড বেগৰ মটৰ চাইকেলবোৰ চলালে বাটত থকা ধূলিয়ৰিয়ে চকুত পৰিছিল তেনেক্ষণত মনলৈ বাৰুকৈয়ে ভাহি উঠে এই দিনবোৰ ,গাৱৰ ৰাস্তাৰ মাজেদি কোনোবা এখন অট গাড়ী নতুবা টেম্পু পাৰ হৈ গ'লে গাড়ীখনৰ পিছপালে উঠি যোৱা আজিওঁ মনত আছে । কি যে ! হাইৰামী,কিতাপ পত্ৰত পোৱা গাড়ী-মটৰৰ ধোৱাঁত নিৰ্গত হোৱা কাৰ্বন-ম'ন অক্সাইডে মানৱ জাতি তথা সমস্ত জীৱকুলৰ বাবে ভয়ানক কিন্তু তেতিয়া আমি জ্ঞাত নাছিলো ,আমি পিছে এই কাৰ্বন-ম'ন-অক্সাইডৰ ধোৱাঁক শুহিবলৈয়েই গাড়ীৰ পিছফালে দৌৰি গৈছিলো ,কিযে হাস্যকৰ আছিল । ভাল কি? বেয়া কি?ক'ত অচিনাকি আছিলো,মাথো বাৰেপতি আই-পিতাইয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ তিনিটা বান্দৰৰ উদাহৰণ লৈ কৈছিল বেয়া কথা নকবা,বেয়া কথা নুশুনিবা আৰু বেয়া বস্তু নাখাবা ? আৰু এতিয়া আই-পিতাইয়ে বেয়া বস্তু খোৱা দেখিলে লাজ লাগে।
| ramdenu magazine |
সেই দিনবোৰ জানো আকৌ ঘুৰি আহিব পাৰে ?কেতিয়াওঁ নাহে, অতীতবোৰ যেন মৃত্যুৰ দৰে ,বোৱতী নৈৰ দৰে আমি মাথো স্মৰণ কৰিবহে পাৰে অতীতৰ এই দিনবোৰ । গা ফুৰা ৰদৰ তলত পথাৰৰ মাজত ফুটবল খেলা ,ফুটবলৰ সলনি এদম প্লাষ্টিকেৰে বনোৱা ফুটবল খেলা কথা । আৰুনো কি খেলা নাছিল ,এটকা-দুটকা মুদ্ৰা লৈ কোনাবা নিজান বাহঁনিত "যোৱা খেল" খেলা আজিয়ো মনত আছে মনত নপৰিব পাৰে কেনেকৈ য'ত ডাঙৰ দাদাই চিৰ্ চিৰাই যোৱা কোমল আগলি বাহেঁৰে ভৰিত যে দিছিল মনত পৰিলে আজিওঁ বিষ অনুভৱ কৰে । আজি কালিৰ লৰা -ছোৱালীনো ক'ত খেলে ,অৱশ্যে মইয়ো ইমান ডাঙৰ নহয় বিংশ শতিকাতে এইবোৰৰ প্ৰতি কমকৈ হলেওঁ সোৱাদ পাইছো । তেতিয়াৰ দিনৰ প্ৰেমো যেন কম হোৱা নাছিল , চকী-বেন্সত নতুবা স্কুলৰ চৌহদত লিখিছিল যেনে "দি প্লাছ বি" বা দিপক আৰু বিনীতা । সেইবোৰৰ মাজতো কেতিয়াবা আনন্দওঁ বিচাৰি পাইছিলো ,কেতিয়াবা ভালো লাগি যায় আকৌ কেতিয়াবা কেতিয়াবা খঙো উঠিছিল আৰু যেতিয়া খং উঠে এই লিখাজনক খেদি ফুৰা বা কি দিন আছিল । স্কুলৰ দিনৰ দুই ঘন্টাৰ ঘন্টা বজাৰ লগে লগে চাইকেল লৈ কাষৰ বালিকা বিদ্যালয়ত একান্ত হৈ গেটৰ কাষত "চানা-চল"দোকান দিয়াৰ দৰে থিয় হৈ থকা দিনবোৰ আজিয়ো দুটি চকুহালত জিকমিকাই । বা : কি যে অফুৰন্ত দিন আছিল ।নতুন বছৰ বা বিহু বুলি নতুন কাপোৰ এযোৰ পিন্ধিব নাপালে মাটিত বাগৰি বাগৰি কান্দিব নাপালে যেন এনেকুৱা লাগিছিল অভিমানৰ ভোক যেন পেটলৈয়েই নাযায় । আজিয়ো মনত আছে নৱবৰ্ষ বুলি বনভোজৰ টকাৰ বাবে কান্দি -কান্দি টকা উলিয়াইছিলো এতিয়া জানো কন্দা-কটা কৰি টকা-পইচা উলিয়াব পাৰি । জীৱন চক্ৰত আমি কিছুদূৰলৈ আগবাঢ়ি আহিলোঁ এতিয়া আমাৰ মূখলৈ চাই আই-পিতাইয়ে বাহ পাতে আমাৰ লৰা-ছোৱালীয়ে কিবা এটা কৰি মূখত ভাত এসাজ দিব বুলি । এতিয়াচোন সকলো নিমিত্তেযেন অনুভৱ হৈছে,সকলোবোৰ অভাৱ-অনাৱ অনুভৱ কৰিলেওঁ প্ৰকাশ কৰিবলৈওঁ দ্বিদ্ধা প্ৰকাশ কৰাত বাধ্যত পৰিছো কাৰণ আমি এতিয়া লাহে লাহে ডাঙৰ হৈছো ,সকলোবোৰ বুজি উঠিছো। প্ৰয়োজন বুলি জানিয়ো খুজিব লাজ লগা হৈছে । আৰু কিমানবাৰ ঘামিব লাগিব এই দুখৰ হুমনিয়াহবোৰক লৈ আৰুটো ভৱিষ্যত আছেই , কি হ'ব? নহব এই জীৱন ,শৈশৱৰ জীৱনবোৰেই ভাল আছিল,কিন্তু মোৰ হৃদয়ে কয় যে বৰ্তমান কামক সুন্দৰকৈ লৈ যোৱা ভৱিষ্যত ফুল হৈ সুবাস দিব,সেয়ে কাম কৰি যোৱা ॥ কান্দি কান্দি মা'ৰ ওচৰত যাব পাৰিছিলো মা মোক এইটো লাগে এতিয়া কাৰ ওচৰত কান্দিম । কয় পঠিওৱা বস্তু ননাত বুকু ধপধপাই কন্দাটো কাৰ এতিয়া কাৰ ওচৰত কান্দিমগৈ । সচাকৈ এই ভাললগা দিনবোৰ ঘূৰাই পোৱা হলে ভাল আছিল ।

0 Comments