শেষ শোভাযাত্ৰা ২০২২ ,এদিন নহয় এদিন তোমালৈ বৰকৈ মনত পৰি থাকিম॥LTK College
| pori suwasun |
অহ মোৰ সোণাৰুৰ সোণগুটি কতনো থাকিবা।
আহাচোন তুমি মোৰ ভৱিষ্যতৰ এপাহীঁ সুগন্ধি ফুল হৈ॥
আজি শেষ শোভাযাত্ৰা ,মোৰ লগতে সমুহ সহপাঠীৰো । সেয়ে আৰম্ভণিতে শিৰোনামাটি এনেকৈয়ে "শেষ শোভাযাত্ৰা "বুলি হাতত কলম তুলিলো । যোৱা কালিৰ পৰা আমি আমাৰ শেষ শোভাযাত্ৰাৰ বাবে সহপাঠী ভৱেশ টাইড,বিশ্বজিত দাস,ৰাকেশ দাস, প্ৰজ্ঞান প্ৰতিম বৰা ,আতিফা বেগম সহ আমি প্ৰস্তুতি চলালোঁ । কাৰণ আমাৰ শেষ শুভাযাত্ৰা । শোভাযাত্ৰাৰ বাবে আমি বাচি লৈছিলো"কৰণাক বনৌষদিৰে নিৰ্মূল কৰণ "॥ আৰু এই শোভাযাত্ৰাৰ বাবে বিভিন্ন ধৰনৰ উদ্ভিদৰ নাম লিখি আৰু বিচাৰি আনিবলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু জুলী গোহাঁই নেওঁগ বাইদেওঁৰ তত্ত্বাবধানত কামবোৰ সম্পুৰ্ণকৈ হৈ উঠে। মোৰ ভাগত পৰিছিল ,মাৰ্চাং সেয়ে কলেজৰ পৰা গৈয়েই মবাইলৰ ফ্লেচলাইট জ্বলাই আমাৰ ভাড়াঘৰৰ মালিকৰ পিছফালে থকা বাৰীত চালোগৈ ।
| সন্মানীয় চাৰ বাইদেওঁ সকলৰ পতাকা উত্তোলনৰ ফটো |
বিভিন্ন জনৰ বিভিন্ন বনৰ নাম যেনে মোৰ ভাগত মাৰ্চাং,ৰাকেশৰ মহানিম,প্ৰীতি ছেত্ৰীৰ ডালচেনী,বিশ্বজিতৰ জালুক,ভৱেশৰ ওকলতি ,ডেইজীৰ হালধী ইত্যাদি ইত্যাদি । দুৰ্ভাগ্য যে সেইবাৰ বিডিঅ যে কৰিব নোৱাৰিলো আপোনালোকৰ বাবে । ৰাতিটোত টোপনি অহা নাছিলো কাৰণ আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয়টো বেলেগতকৈ বেলেগ আছিল অন্য বিভাগবোৰ অনৈক্যৰ মাজত একৈ,বিহু পৰম্পৰা ইত্যাদি কিন্তু আমাৰটো কোনোদিনেই কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে নকৰা বিষয় আছিল সেয়ে ওৰেইটো ভাৱিলো আমি বাৰু পুৰস্কাৰ পামনে ? আমাৰ বিভাগীয়ৰ সহপাঠী ,অনুজ সকল আহিবনে লগতে এটাই বৰ আৱেগিক কৰি তুলিছিল কাৰণ আজিৰ সেই শোভাযাত্ৰাখনেই শেষ শোভাযাত্ৰা আৰু ইয়াৰ পিছত কটোৱেই সেই আনন্দবোৰ নাপাওঁ আৰু কোনে জানে মহাবিদ্যালয়ৰ পাছত বিশ্ববিদ্যালয়ত গৈ আকৌ এই আনন্দবোৰ আকৌ পামনে ? হয়তো আমাৰ কপালত নাথাকিবওঁ পাৰে । চাৰ -বাইদেওঁৰ লগত কঠোৱা সময়বোৰ জানো আকৌ পামনে? এইয়া মাথো প্ৰশ্নবোধক ? শৈশৱ হব কিশোৰো হব আৰু হব বৃদ্ধ আৰু শেষত গৈ মৃত্যু সেয়াই চিৰন্তন সত্য । ঠিক তেনেদৰে কলেজীয়া জীৱনৰো একেই সমাধি একেই স্থান । সেইখন মহাবিদ্যালয়ৰ পিছত জানো মোৰ ম্ৰিয়মান বন্ধুসকলক জানো আজিৰ দিনবোৰত পোৱা ধৰনে জানো আকৌ পামনে তাকেই ভাৱি ৰাতিটো টোপনিওঁ যেন মোৰ তাত আহিবয় খোজা নাছিল । উপায়বিহীন মন দুৱৰিত কুৱঁলী পৰি পমি যোৱা যেন লাগিছে ।
| কিছুমুহুৰ্ত |
কলেজত ন বজাত উপস্থিত হবলগীয়া কথা । উঠিছো ছয় বজাত নিশাটোত টোপনিৰ লগত কাজিয়া কৰোতেই গল দুকুৰি । ভাড়াঘৰত থকা লৰা ভাতসাজঁ নিজে বনাই খাবটো লাগিবই । প্ৰায় আঠ বাজিত অনুজ ভাতৃপ্ৰতিম অম্লান গোস্বামীৰ ফোন তেখেতক মোৰ পলম হোৱাত কলেজলৈ আগবাঢ়ি যাবলৈ কলো । কাৰণ মোক বাট চায় থাকিলে কাম বহুত থাকিব যাব ।সেয়ে বান্টৌৰ পৰা কেবিৰোডলৈ টমটমত উঠি কলেজলৈ যোৱা স্থানলৈ পালোগৈ । ভাগ্য ভাল যে সেইসময় সন্মানীয় জুলী বাইদেওঁক লগ পালো আৰু বাইদেওঁৰ লগত গাড়ীত উঠি আহিলো নহলে দেৰি হলেহেতেন কিজানি। তিনিমিনিটৰ বাট যোৱাৰ পিছত সমুখত সহপাঠী জ্যোতিষ্ক দলে আৰু তৃতীয় ষন্মাসিকৰ ছাত্ৰী ভন্টী ধৰিত্ৰীক দলেক সেউজীয়া চাদৰ -মেখেলা পিন্ধাত বাইদেওঁৰ মন যে উৎফুল্লিত হৈছে সেয়া যেন বাৰুকৈয়ে অনুভৱ কৰিছো কাৰণ বাইদেওঁৱেই মোক কৈছেহি চোৱা ,তাইক third sem ৰ ছোৱালীজনী সেউজীয়া পিন্ধি গৈছে কাৰণ শোভাযাত্ৰাৰ মূল সাজেইটো সেউজীয়া, ছোৱালী সকলৰ বাবে । কিন্তু মোৰ মগজুত ধেমেলীয়াকৈ কি আহিছে জানে ? কেপচিকাম । অৱশেষত কলেজত পালোগৈ ,গেটত সু সম্ভৱত ভন্টী ভনীকন কামানেওঁ বাইদেওঁৱে কোৱাৰ দৰে সেউজীয়া সাজ তাইৰ সখী ধৰিত্ৰীলৈ নিশ্চয় বাট চাই আছিল । ৱাহ ৱাহ কি পৰিৱেশ ,শ্ৰেণীকক্ষটো যেন শাক-পাচলিৰ বাৰীয়ে ইটো বেন্সত ভেদাইলতা আনটোত বিলহনী লগতে বান্ধৱী শিৱানী,ডেইজী ,আতিফা আৰু ভন্টী ধৰিত্ৰী,অংকিতা,প্ৰীতি ,সুনিতা,আদি সেউজীয়া সাজেৰে সম্পুৰ্ণকৈ মুঠতে কব পাৰি শ্ৰেণীকক্ষটো কেপচিকাম অথবা জলকীয়াৰ পাচিয়ে ।
| কেপচিকাম |
ইফালে সাজু গুনগোবিন্দ সোনোৱাল কাৰণ সি মহামাৰী কৰোণাৰ অভিনয় কৰিছে । উফ আমাৰ অতি চেনেহৰ যদুমনি শইকীয়া চাৰে মাৰ্চাং শাকটো টেপমাৰি যিটো লগাইছে নহয় ভালকৈ উশাহ লবই পৰা নাই ভালকৈ বহিবওঁ পৰা নাই ,আহঁ আহঁ এদিন নহয় এদিন সেই স্মৃতিয়েই এদিন কন্দোৱাব মোক ধন্যবাদ দেই চাৰ ।
| তপন পায়েং |
যিকিনহওঁ আমি আটাইকেইজনে মইলোৱাৰ টেপ মাৰি খেলপথাৰলৈ গলো । বাৰেবৰণীয়া সংস্কৃতিৰ মেলাযেন লাগিল কিন্তু মন কৰিবলগীয়া যে দুটা বিভাগীয়ৰ বাহিৰে সকলো আনন্দৰংঙীৰ বিষয়ৰ কোনো এটা বিভাগত মিচিং আলি আয়ে লৃগাং আকৌ অন্য বিভাগ বোৰ ভোগালী বিহু ,ৰামায়ণ ইত্যাদি ইত্যাদি । মাত্ৰ দুটা ডিপাৰ্ট মেন সেয়া হৈছে আমাৰটো ইতিমধ্যে কোৱা হৈছেহি আনটো ডিপাৰ্থমেন্টত ড্ৰাগছ,স্মকিং আদিৰ সজাগতা । পিছে সকলো ভাল লাগিল । শৈশৱতে খেলা তামোলৰ বাকলিত ,চাইকেলৰ ৰিং লৈ দৌৰা আদি দৃশ্য ইটো দিনৰ শৈশৱৰ বৰকৈ ৰোমন্থন যে কৰালে সেয়া মোৰ অনুভুত হৈছে । এটা কথা মন কৰিলো যে লাগিলে যিয়েই নহওঁক বৰ বিশেষ সচেতন মূলক কামেই হওঁক মাজতে যদি বিহুগীত ,ঢোলৰ শব্দ,পেপাঁৰ মাত শুনিলে কোনোমতেই আপুনিওঁ ৰৈ থাকিব নোৱাৰে সেয়া উপলব্ধি কৰিছোহঁক কাৰণ মই নিজেই মন মাৰি আছিলো ঢোলৰ শব্দৰ ছেৱঁত যেন ৰব নোৱাৰি ককাঁল খনকেই এপাকঁ ভাঙি দিলো । কাৰণ আমি অসমীয়া সেই ঢোলৰ শব্দ,পেপাঁৰ মাত আমাৰ মনে-প্ৰাণেই। শোভাযাত্ৰা আৰম্ভ হল সকলোৰে প্ৰদৰ্শনী নিজস্বকৈ ,প্ৰতিটো বিভাগীয়বোৰৰ ॥
দিনবোৰ স্মৃতিৰ এখিলা পাতত সেউজীয়া হৈ থাকক
তাৰেই কামনা ,
জয়তু লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়.
জয়তু উদ্ভিদ বিজ্ঞান বিভাগ
ধন্যবাদ
মই তপন পায়েং
বি:দ্ৰ:-ভূলবোৰ দেখুৱাই দিলে নথৈ মই আনন্দিত হম
আপুনি যদি বিচাৰে তেন্তে তলত বিডিঅ দিয়া আছে চাব পাৰিব

0 Comments