Header Ads Widget

নীলা খামৰ চিঠি॥কাৰ্চাং তাকাৰ॥তপন পায়েং॥ৰামধেনু-অসম ই আলোচনী

 নীলা খামৰ চিঠি॥কাৰ্চাং তাকাৰ॥তপন পায়েং॥ৰামধেনু-অসম ই আলোচনী




প্ৰিয় মৰমৰ

           "নি"

 

 আৰম্ভণিতেই শব্দৰ সাকোঁ,হেৰুৱাব ধৰিছে । শব্দৰ মালাবোৰ কেনেকৈ গাঠিম ,শব্দবোৰ ফুটি উঠিব খোজা নাই ,আজি বৰ মৌনৰে একনিষ্টা হৈ হাতত কলম তুলিলো। দুচকুতে জাংপাই জোনাকৰ দৰে কপালতে কিনো সেন্দুৰীয়া তিলক দিছিলে মৌছুমীয়ে,মোৰ ফালে চাই লাজতে ৰঙা ৰঙা বেলি হোৱা আজিয়ো মনতে আছে,ওফ... ওফ... চেচাঁ কৰি কৰি যোৱা বতাহ বুকুতে সঘনাই খুন্দা মাৰিছে ,পাৰ নোপোৱা নৌকাৰ দৰে মাজতেই ভুৰি আছো আজিয়ো ।

                         যোৱাকালিৰ দৰে কলেজৰ চৌহদত ৰৈ তোমাকেই  চাই আছো ,মন্থৰ হৈ । কিন্তু তুমিচোন একোৱেই নুবুজা নে তুমি অভিনয় কৰা  ,কেতিয়াবা কল্পনাওঁ নকৰা নহয়  আহিন মহীয়া পথাৰৰ বৰ-চকলা টেঙা নবৌৰ লগত টেঙা টেঙা জুতি খোৱা মৰমতে মাতষাৰ দিয়া হেৰি! "ৰবাব টেঙাটো লোৱাহিচোন" কাণ্ডৰ ডাঙৰী বাৰখন এৰি মই হাতদুখন তচ্-মচ্ কৰি দিয়া দিয়া বুলি কোৱা নতুবা দেখো যান্ত্ৰিকতাৰ চহৰখনতো  ব্লেক কোৰ্ট পিন্ধি হাতত গাড়ীৰ চাবিটো লৈ চিঞৰো হেৰি ভাত-চাত হ'লনে অফিচলৈ যাবৰে হল নহয়,তুমি! বৰ দেৰি কৰিছাহি ?মোৰ কথাত তুমি কথাৰ খলং-জপং কৰাদি ক'বা ৰূপহী বিলত জাকৈ মৰাদি ,ই ই তহ! তহ!  বৰ সোণকাল দেখাইছ ছা ,জোৰকৈ নিচিঞৰিবি মাইনা শুই আছে । তুমি বাৰু কেতিয়াবা এনেকৈয়ো কল্পনা  নকৰানে বাৰু? অহ মইচোন পাহৰিয়েই আছিলো, তোমাৰ বাবে মইচোন চিনাকী ঠিকনাৰ অজান পৃথিৱীৰ নিবাসী ।

                  আশা কৰিছো মোৰ সেই নীলা  মৰমৰ নীলা চিয়াহীৰে আকাঁ প্ৰেমৰ ছবিখন  ,বুজি পাবা। লিখিবলৈ বহুতো আছিল সময়ৰ বৰ নাটনিত আধালেখা দস্তাবেজতেই থমকিলোঁ । তোমাৰ চিঠিৰ উত্তৰলৈ বাট চাই থাকিম ॥


                                                ইতি

                                 তোমাৰ অচিন প্ৰেমীক 

                                              "নিয়ৰ"



নাম :- কাৰ্চাং তাকাৰ

শিতান: - নীলা খামৰ চিঠি

জিলা:-লখিমপুৰ

ডাক:- শালমৰা তিনিআলি

গাওঁ:- দোৱাঁৰ গাওঁ

নীলা খামৰ চিঠি॥কাৰ্চাং তাকাৰ॥তপন পায়েং॥ৰামধেনু-অসম ই আলোচনী


Post a Comment

0 Comments