অতীতৰ সেই নৈৰ সোঁতে আকৌ ৰিঙিয়াই
![]() |
| sesaa hill |
অতীতৰ কথাবোৰে আপোনাক আকৌ মাতি নিয়েনে পূৰ্বৰ দিনলৈ ,আপুনি মনত পৰেনে সেই দিনলৈ নে আপোনাৰ মনতেই নপৰে মোৰ কিন্তু নপৰা নহয় ,অতীতৰ কথাবোৰ মনত পৰিলে ভিতৰি ভিতৰি হাহিঁ থাকো কিছু হাস্যকৰ হলে নতুবা বিষাদৰ ৰোমন্থণ হলে গুপুতে গুপুতে ভাৱো মই কিয় কৰিলো ,কিয় এনেকুৱা কৰিলো ইটো নহয় সিটো কথা কিছুমান চকুতেই ভাহি উঠে ফলকতেই যেন আকৌ অতীতবোৰে ফুৰি উৰিছে ।সেই অতীত ভাল দিনেই হওঁক বা বেয়া দিনেই হওঁক অতীত, অতীতেই হয় থাকে কিছুমান অতীতক মনত পেলাবলগীয়া আৰু কিছুমান অতীত পাহৰিবলগীয়া ॥
আৰু আজি সেই চেৱতে অতীতক আকৌ ৰোমন্থণ কৰিছো মোৰ কথাৰে আপুনি শুনক মই সকলো প্ৰকাশ কৰিম,চাওঁতে চাওঁতে কলেজত নবাগতাৰ পৰা পূৰণিলৈ ৰূপান্তৰ প্ৰথম ষন্মাসিকৰ পৰা দ্বিতীয় ষন্মাসিষলৈ উৰ্ত্তীৰ্ণ হলো আজিয়ো মনত আছে আমাৰ উদ্ভিদ বিজ্ঞানটোৰ Mycollogy paper টোৰ syllabus অনুসৰি ক্ষেত্ৰ অধ্যয়ণৰো অন্তৰ্ভুক্ত আছিল সেয়ে সহপাঠী আৰু জেষ্ঠ্যসকলৰ লগত ২০২০ চনৰ মাৰ্চ মাহৰ তেইশ তাৰিখে ক্ষেত্ৰ অধ্যয়ণৰ ভাৱে লখিমপুৰ জিলা আৰু অৰুনাচল প্ৰদেশৰ মাজত অৱস্থিত "চেচাঁ পাহাৰলৈ" মুৰ থোৱাই ললোঁ। কিন্তু এনো সময়ছোৱাতেই বিশ্বজুৰি সৃষ্টি হোৱা কৰণা মহামাৰীৰ বিষমযাত্ৰা হয় ,আৰু এনে প্ৰাকক্ষণতে সমগ্ৰ স্কুল কলেজতেই মহামাৰীৰ ত্ৰাসত চৰকাৰে Lockdown ঘোষিত কৰে । যদিয়ো লকডাউন ঘোষিত কৰা হৈছিল তাৰপিছতো আমি ক্ষেত্ৰ অধ্যয়ণলৈ ডাপলি মেলিছিলো। কোনোৰকমেই থাকিব পৰা নাই সিফালে কৰণা ক্ষেত্ৰ অধ্যয়ণৰ সময়ছোৱাত আনন্দৰ মাজে মাজে কৰণাৰ সুৰে গাঁত জোকাৰি গৈছে ।কোনোবা বিজ্ঞেয় বাতৰিৰ শুনামতে কৰণা সেনো ঠান্ডা হলেহে বেছি হোৱাৰ সম্ভাৱনা থাকে সেয়ে থাকে ভাৱি ঠান্ডা পানীত ভৰি দিব খোজা নাছিলোঁ কিন্তু আমাৰ Botany ৰ plant study ৰ অনুসৰি আমি পানীত নামিব লগীয়া হৈছিল। পিছত গৈ ভাৱিছিলো লাগিলে লাগিব কৰণা ভয় নকৰো যা মৰিলে সবেই মৰিম বুলি ভয়বোৰ আতৰাঁলো। কৰণাক পাহৰি সকলোৱে নৃত্য-গীতেৰে ক্ষেত্ৰঅধ্যয়ণৰ তলীক বিহু তলীলৈ ৰূপান্তৰ কৰিলো সহসকলৰ লগত তথা সহপাঠী Popi kalita,Sibani Bora,Medok Bhuyan,Babesh Taid,Biswajit Das,Amlan,Guno আৰু জেষ্ঠ্য Punkanupunko,Anjai ভাতৃসকলৰ মাজত আৰু এনেকৈ কৰণা ভয়ৰ চিহ্ন আতৰাবলৈ প্ৰয়াস কৰা হৈছিলো
।

0 Comments