Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,ত্ৰয়োদশ খণ্ড,তপন পায়েং

 

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ত্ৰয়োদশ খণ্ড
ত্ৰয়োদশ খণ্ড



                          ত্ৰয়োদশ খণ্ড




 এতিয়া দুয়োজনেই  প্ৰেম উপলব্ধি কৰিব পৰা হল, সিজনে ইজনৰ হৃদয়ৰ অনুভূতিবোৰ বুজি পোৱা হল,অকস্মাতে যে বেমাৰত পৰিলে  শেৱালীয়ে বৰ কষ্ট পায় ,পথাৰৰ পৰা কাম কৰি ঘৰলৈ আহোঁতে যে প্ৰনয় মনত ভয়ভাৱ লাগি থাকে শেৱালীৰ ভাৱে বুকু কপাঁই বুজি পোৱা হল,দুয়োজনৰ মাজতে টোপ টোপকৈ সাগৰলৈ ৰূপ লৈছে প্ৰেমৰ আভায়ে ।দেওবৰ য়াকামী ভাতৃ-ভগ্নীয়ো চিনি পোৱা হল ,শেষত মুখত ভাহি উঠিবলীয়া এটাই শব্দ আছিলগৈ ,,মই তোমাক বিয়া পাতিব খুজো । 

                 তেওঁলোকৰ ঘৰৰ মানুহেওঁ বুজিছে ভিতৰি ভিতৰি কল্পনাওঁ কৰিছে দেওবৰে শেৱালীক বোৱাৰী কৰিব পাৰিলে সুখী হম,সৰুৰে পৰাই আমাৰ ইয়াতেই ডাঙৰ হৈছে তাইৰ কথা বুজো ,তাই খুব মৰম কৰিব প্ৰনয়ক মাকৰ দৰে ঘৰখনকো চম্ভালিব পাৰিব,ভিতৰি প্ৰশ্নওঁ কৰিছে ;পিছে য়াকামী বা সন্মতি দিবনে ?সন্মতি দিলেইটো মই বৰ সূখ পাম ,এনেওঁ মোৰ ইচ্ছা ভনীয়েকৰ জীয়েকক বোৱাৰী কৰা । আকৌ ভাৱিছে দেওবৰে প্ৰনয় আৰু শেৱালীৰ সম্পৰ্কৰ বিষয়ে পিছে প্ৰনয়ৰ মাকে বা কি বা ভাৱিছে ,কিনো ভাৱিব শেৱালীৰ দেউতাক নাই ,সৰুৰে পৰাই লৰাৰ লগতেই ডাঙৰ দীঘল হৈছে বেলেগৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থাকিছে ?তাইক কেনেকৈ বোৱাৰী কৰিম। সমাজে ইটো ইটো কব নানা ৰকমৰ উতুল -পুতুল কৰিব লাজতে য়াকামীয়ে বৰ কষ্ট নাপাবনে ?তাৰপিছতো ভাৱিছে নাই নাই,প্ৰনয় আৰু শেৱালীৰ যোৰাতো দেখিছো ভাল লাগিব সিজনে সিজনকো ভালদৰে বুজে দুখত কান্দে সুখত হাহেঁ সিটোৱে ইটোৰ ভাৱে॥ তথাপিয়ো দুয়োজনকে সুধি ললে ভাল হব কাৰ মনত কিবা আছে?এনে সময়তে ধেকীত হাইমুচৰী ধান খুন্দিছে ,সময় অপৰাহ্ন বেলি পশ্চিমত মাৰ যাবৰেসাজু হৈছে পাকঘৰৰ পৰাই প্ৰনয়ৰ দেউতাকে প্ৰনয়ৰ মাক নিৰলাক মাতিছে আৰু কৈছে

দেওবৰ:- হেৰি প্ৰনয়ৰ মাক মই কথা এতি ভাৱিছো?

নিৰলা:- কি কথা!

দেওবৰ:-  প্ৰনয়ৰ বিয়াৰ কথা ভাৱিছো,আমাৰ শেৱালীক কি দেখা ?

নিৰলা:- মইয়ো থাকেই ভাৱিছো এবাৰ য়াকামীকো সুধিলে ভাল হব?

দেওবৰ:- এতিয়া মাত্ৰ ভাৱিছোৱে এতিয়াহে নকওঁ  ৰাতিপুৱাতে ভাৱিছিলো সেয়ে কলো তোমাক,মই ভাৱিছো প্ৰনয়ক বি এছ চিটো শেষ কৰিব দি লওঁ কিবা এটা হৈ লওঁক নে কি কোৱা ?


নিৰলা:-আপুনি এতিয়াই ভাৱিব নালাগে ,ইছ নিজকে বহুত বুঢ়া বুলি ভাৱিছে হবলা তুমি নিজকে চুলি পকা বুঢ়া ভাৱিলে কি হব সেই নিৰলা এতিয়া ঊনৈশ নব্বৈ চনৰ হেমা মালিনী এতিয়াওঁ হৈ আছো মই থাকোতে কত বোৱাৰী ?


দেওঁবৰ :-বাৰু যিকিনহওঁক অহা দেওঁবাৰে টাউনলৈ যাবই নহয় সি ,বস্তু বাহানি যোগাৰ কৰি দিছেনে ?


তিনিদিন ওকলি যোৱাৰ পিছত দেওঁবাৰলৈ এতিয়া শনিবাৰ বাকী আছে?ক্লান্ত সময় চাৰিওঁপাশে নিৰৱতাৰ নৈ ,পাৰতে নিভাজ সেউজীয়া গছ কাষতে বিল বৰশী বাইছে ,শিক্ষাৰ নতুন জীৱন আৰম্ভ কৰাৰ পাতনিৰ বাট-বতৰা কৰিছে তেনে সময়তে প্ৰনয়ে শেৱালীক কলে,

প্ৰনয়:- বলা  টাউনলৈ মোৰ লগত?

শেৱালী:- টাউনত মই কি কৰিম?

প্ৰনয়:- কিয় কলেজ নোযোৱা নেকি?

শেৱালী:- নাই! নাই! মই আৰু নাযাওঁ ঘৰৰ  কামবোৰ কোনে চাব ,ইফালে ঘৰত মা সকলে থাকিব?.. কথাবোৰ শুনি প্ৰনয়ৰ চকুহাল অল-অলীয়া হব ধৰিছে কোনো ক্ষন্তেই এজাক ধুমুহা-বতাহৰ খোবালত বৰষুণ দিয়াৰ দৰে প্ৰনয়ৰ চকুহাল ডাৱৰীয়া হৈছে শেৱালীয়ে হৈটো বুজি পাইছে অতদিনেই ছায়াঁৰ ধৰে ঘুৰি-ফুৰাজনে অকলে অকলে টাউনত থাকিব লাগিব । তাৰ মাজতে আকৌ প্ৰনয় কয়

প্ৰনয়:- টাউনত মই বৰ অকলশৰীয়া হম অ , তোমাৰ অবিহনে কেনেকৈ থাকিম তাত? নতুন মানুহ হব ,সিফালে কোনো দিনে লগ নোপোৱা । শেৱালীয়ে সকলো কথা বুজি উঠিছে ভিতৰি ভিতৰি দুখ অনুভৱ কৰিছে,যদি মোৰ পিতাইয়ো জীয়াই থকা হলে,মামাকনো আৰু কিমাননো সহায় কৰিম সমাজে কি ভাৱিব? তাই মনৰ বোজাবোৰ কমাই কয়

শেৱালী:- তুমি মোলৈ মনত পৰিলে ফোন কৰিবা ,পিছে আহ আমাৰ ইয়াত ৰিছাৰ্জ নাপায়টো তুমিয়েই ৰিছাৰ্জ কৰি দিব লাগিব ।তাই মনক শান্ত কৰিবলৈ  ধেমালীৰ সুৰত এইদৰে কৈছিল । দুয়োৰ মাজতে এনেকুৱা এখন ছবি পৰিস্পুট হৈছে যেন বৰষুণো দিছে ইফালে ৰদো দিছে ।


চাওঁতে চাওঁতে  বিশ জুন  পালে  অৰ্থাৎ প্ৰনয় ঠালি টোপোলা বান্ধিছে টাউনলৈ যাবলৈ ,নতুন পৰিৱেশলৈ এনে  ক্ষণতে নঙলা মুখৰ পৰা শেৱালী চিঞৰি সোমাইছে ; অ মামা  তাৰ হল নে ? তিনি আলিত টাউনলৈ যোৱা ৰঙা বাছটো পালেহি হবলা ,সেইয়া শুনিছানে ? কথাৰ মাজতে শেৱালী প্ৰনয়ৰ কোঠাটোলৈ সোমাইছে আৰু কলে ধেমালীৰ সুৰত

:- ওঁ আমাৰ প্ৰনয়,ওলোৱাই নাই । প্ৰনয় একো মাত দিব খোজা নাই ,প্ৰনয়েহে জানে কি চলিছে হৃদয়ত কোনে বুজিব? আকৌ শেৱালীয়ে কলে ,গহীন ভাৱে চাৰিওঁকাষ চাই __

:- তুমি দুখ নকৰিবা অ,ভালকৈ পঢ়িবা ,অ সেয়া লোৱা তোমাৰ নামেৰে এটা ৰুমাল চিলাইছো মোলৈ মনত পৰিলেই এই ৰুমালখনকে চাবা আৰু লোৱা এই টকাখিনি মইতো  তোমাৰ লগত যাবটো নোৱাৰিলোৱেই ,সেয়া লোৱাছোন ?


কিমান ভাষা লুকাই থাকিব পাৰে ? এইয়া লোৱা ৰুমাল মোলৈ মনত পৰিলে ৰুমাল খনকে চাবা । সেয়ে প্ৰনয়ে সদায় সাচি ৰাখে তাইৰ প্ৰত্যোকটো উপহাৰ । ৰুমালৰ ভাষাৰ মাজতে প্ৰনয়ে মনৰ বোজা  পাতল হোৱাকৈ কলে

:- মইয়ো তোমাক একো দিব পৰা নাই ,পিছে কি আনিম তোমাৰ কাৰনে ? অলপ সময় ৰৈ আশাসুধীয়াকৈ কোমলকৈ কলে প্ৰনয়ে

:- তুমি মাত্ৰ আৰু  কেইবছৰৰ মান অপেক্ষা কৰা সেই সময়লৈ ।


হয়টো তাই বুজি উঠিছে কথাষাৰ কি আলমত ,তাই মিছিকিয়া হাহিঁ মাৰি কৈ বাহিৰলৈ ওলাই যায়,বাছ যাব তোমাক এৰি ? সোণকাল কৰা নহলে নাপাবা ।

মা-দেউতাৰ চৰণ চুই বাছৰ উঠি যায় ।






পৰৱৰ্তী খণ্ডত



দ্ধিতীয় খণ্ড:-click kora

Post a Comment

0 Comments