Header Ads Widget

সাম্প্ৰতিক কৰণা কালত ৰজা আৰু প্ৰজা ⏺কাৰ্চাং তাকাৰ (তপন )

 

সাম্প্ৰতিক কৰণা কালত ৰজা আৰু প্ৰজা                      ⏺কাৰ্চাং তাকাৰ (তপন ) ----


২০১৯ চনৰ পৰা চলি অহা মানুহৰ হাৰাশাস্তি ,বিশ্বৰ মানৱ সমাজক  চীন দেশত উৎপত্তি হোৱা কৰণা মহামাৰীয়ে বৰকৈ জুঠুলা কৰি আহিছে । যাৰ ফলত গোটেই বিশ্বতে লকাডাউনৰ ঘোষনা কৰি আহিছে । বৰ্তমানৰ প্ৰেক্ষাপথত কৰণাৰ বয়স বুলিলে দুবছৰ ছমাহ বছৰত ভৰি দিলে  তেতিয়াৰ পৰাই বিশ্ব স্ব‍াস্থ্য সংস্থাই কিছু নিয়ম লাঘু কৰিছে । যদিয়ে উল্লেখ কৰো তাৰ ভিতৰত পৰে মুখত মাক্স পিন্ধা ,দুই মিটাৰ ব্যৱধানত শাৰীৰিক দুৰত্ব বজাই ৰখা,হাত দুখন চাবোনেৰে ভালকৈ ধুৱা আদি ।লকডাউনে গোটেই দেশখনৰেই অৰ্থনৈতিক অৱস্থা অতিশয় আঘাত সানিছে । এনেকৈ কিমান দিন চলিব লাগিব কৰণাৰ প্ৰটকল মানি ,যেতিয়ালৈকে কৰণাৰ সমাধান নহব তেতিয়ালৈকে এই প্ৰটকলবোৰ মানিব লাগিবই । বৰ্তমান প্ৰেক্ষাপথত কৰণাই মানৱসমাজক বৰকৈ জুৰুলা কৰিছে কৰবাত অক্সিজেন শেষ আকৌ কৰবাত চিকিৎসালয়ত বিছনাৰ অভাৱ ইত্যাদি  তাৰ পিছতো এচাম মানুহে কৰণা আছেনে ? সচাকৈ তাৰ সন্দেহতেই মানুহ গৈছে । সিহঁতেহে জানে  কাৰ  দেউতা,মা,দাদা,বাইদেও এই কৰণাৰ সোতঁত জাহঁ গল ,তেওঁলোকেহে জানে পৃথিৱীত কৰণাৰ কথা,কৰণা কিমান ভয়ংকৰ । আনহাতে এচাম লোকে কৰণাৰ সতৰ্কতা কৰিছে ,কৰণাৰ পৰা ৰক্ষা পাবলৈ ঘৰতেই থাকি মানুহক সজাগ কৰিছে । উৎপত্তিৰ সময়ত কৰণা মহামাৰীৰ  তিনিটা লক্ষণকে দেখিবলৈ পোৱা গৈছিল । পৰৱৰ্তি ২০২১ চনৰ পৰা  কৰণাৰ লক্ষণবোৰ দুগুনলৈ বৃদ্ধি কৰিলে,কৰণা মহামাৰীয়ে যদি নিজৰ লক্ষণবোৰ দুগুনলৈ পৰিবৰ্তিত কৰিব পাৰি তেতিয়ালৈ আমাৰ মানসিকতা মন মগজুক কিয় সু-চিন্তা পথলৈ নিব নোৱাৰে।  বিজ্ঞেয় সকলে টিবিয়ে বাতৰিয়ে প্ৰচাৰ কৰিয়েই আহিছে ইটো প্ৰটকলৰ কথাবোৰ দুই মিটাৰ ব্যৱধানত শাৰীৰিক দুৰত্ব বজাই ৰখা ,সদায়ে মাক্স পৰিধান কৰা আদিবোৰ । কিন্তু আচল প্ৰশ্নটো সেইটোৱে যে কোনো ৰাজনীতি নেতাই নিৰ্বাচনৰ সময়ত চাইকেলেৰে ৰেলী কৰি নিৰ্বাচনত কৰণাৰ প্ৰটকলবোৰ ভংগ কৰা দেখিবলৈ পোৱা গৈছিল আনহাতে নৱনিৰ্বাচিত মূখ্যমন্ত্ৰীয়ে এটা পৰিয়ালত গৈ দহ-পোন্ধৰজন ভাগিনৰ লগত মিলি এসাঁজ সোৱাদ লোৱা আদি? তেতিয়া সাধাৰণ মানুহে কিয় দহজনতকৈ অধিক মানুহৰ সমাগম স্থলী কৰিব নোৱাৰে ? ৰজাই আই নিয়ম ভংগ কৰে প্ৰজাই ভংগ কৰিবই । ৰজাই দেখুৱাহক কৰণাৰ প্ৰটকলৰ নিদৰ্শন তেতিয়াহে জনসাধাৰণে কৰণাৰ প্ৰতি আৰু সচেতন হব ।এখন সংবাদ মেলত কলেই নহব ? তাৰ প্ৰতি সু-নিদৰ্শনো দেখুৱাই দিয়ক আজি যেনিবা সংবাদ মেলত কলেই পিছদিনা আকৌ মানুহৰ সমাগত ঠাইত দেখিবলৈ পালে তেতিয়া হলে  সাধাৰন মানুহৰ আস্থা উৰি যাবই কৰণাৰ প্ৰটকলক লৈ । এইকাৰণে এচাম মানুহে অৱহেলা কৰে ? হয়তো তাৰ উদাহৰণ টিভিয়ে ,চছিয়েল মেডিয়াত দেখিবলৈ পোৱা যায়-মাক্স কিয় পিন্ধা নাই ,নতুবা সিহঁত প্ৰশ্ন কৰে নিৰ্বাচনৰ সম্যত কৰণা কলৈ গ'ল ইত্যাদি ।ৰজাবোৰ ঘৰৰ মাক-বাপেকৰ দৰে হব লাগে যেনেকৈ- ঘৰত যদি মাক-বাপেকে কয় পুতেকক -নিচা জাতীয় বস্তু নাখাবা ,দেহৰ কাৰনে হানিকাৰক কিন্তু পিছদিনা গৈ ৰাতিৰ কথাবোৰ পাহৰি পুতেকৰ আগতেই যদি মাক-বাপেকে তেনে জাতীয় বস্তুবোৰ সেৱন কৰে তেন্তে বিশ্বাস কৰিবনে পুতেকে নিচা জাতীয় বস্তু খালে দেহ হানিকাৰক হয় বুলি  বেছিকৈয়ে আকৰ্ষণ হে হব । সেয়ে পৰৱৰ্তী সময় ৰজাই সেইবিলাকো চকু ফুৰাহক ,সেই নিয়মবোৰ মানি চলাৰ গধুৰ দায়িত্ব পালন কৰক তেতিয়াহে সমাজ আৰু অধিক সচেতন হব । 

      তেতিয়াহে সাধাৰণ মানুহেওঁ নিয়মবোৰ মানি চলিবলৈ দ্ধিধা বোধ নকৰিব। শেষত এটাই অনুৰুধ আহক সকলোৱে কৰণাৰ প্ৰটকলবোৰ মানি কৰণাৰ প্ৰত্যাহত কৰো।.

আমি প্ৰকাশ কৰা অনলাইন আলোচনীটো পঢ়িবৰ বাবে তলৰ  নীলা  ৰঙৰ শব্দটো ক্লিল কৰক

সাহিত্যৰ  ডেউকা

Post a Comment

0 Comments