Header Ads Widget

আজিয়ো আছো ৰৈ তোমাৰ ভাৱে ✍তপন পায়েং

 

আজিয়ো আছো ৰৈ তোমাৰ ভাৱে  ✍তপন পায়েং


নীল আকাশখনে আজি নীলা ৰংঙৰ পৰিৱৰ্তে আকাশে জোনবাইক কাষতে লৈ ধৰিত্ৰী আইক পোহৰত ধুৱাইছে । সমুখতে জিলিকিছে তৰাওঁ ।
এটা কেচা মাটিৰ গুন্ধত সুবাসীত ঘৰৰ সমলয়ত বহ্নিয়েওঁ জ্বলিছে । পোহৰ হৈছে সেন্ধাৰেওঁ  আতৰিছে লাহেকৈ । সম্পুৰ্ণ অসমীয়া সচৰ পাকঘঁৰত ,চৌকাৰ দুইমুৰত আই-পিতাৰ সৈতে একমাত্ৰ পুত্ৰ লৰা  নয়নৰ সৈতে  ভাত-খোৱাৰ দৃশ্যটিয়োওঁ যেন জোনেওঁ লক্ষ্য কৰিছে। ভাত খোৱাৰ চলেৰে  মাজে মাজে দুই এষাৰ কথা-বতৰাওঁ বিনিময় কৰিছে । সেইবুলি কয় নয়নৰ পিতাইয়ে,

পিতা:- নয়ন অহ! তুমিটো দেখিছাই তোমাৰ মাৰা দেউতাই আজি বুঢ়া-বুঢ়ি হলোহি । জানোছা! আমি বা তোমাৰ সন্তানক নাতি বুলিব পৰা সু্যোগ পামনে নাপাওঁ, এই সপোনবোৰেই বহু দুৰলৈ গৈছেগৈ । সেয়েহে আজিয়ো কৈছো তুমি বিয়াখন পাতাচোন ? তোমাৰ মাৰাৰ অৱস্থাওঁ দিনক দিনে বেয়া হৈ গৈছে ,কাম কৰিব নোৱাৰা হৈছেগৈ ॥


" বিয়া  বুলি কোৱাৰ লগে লগে নয়নৰ ভিতৰি ভিতৰি লাজো লাগিছে  মাজে মাজে থমকিছেওঁ বিয়া বুলি  কোৱাৰ কাৰণে"ইয়াৰ পিছতে নয়নৰ  মাকে আকৌ কব ।
আই:-   নয়ন অহ! তুমি পাতি লোৱা ,সময় ৰৈ নাথাকে (অলপ সময় ৰৈ আকৌ কব)...তোমাৰ কাৰণে  ইটো শালমৰা  গাৱৰ  ৰামেশ্বৰৰ  জীয়েক  পাপৰিক  তোমাৰ বাবে কথা দি আহিছো । তুমি বাৰু আমাৰ  ইচ্ছা ,সপোনবোৰ পূৰণ কৰিব নোৱাৰিবানে ? ইয়াৰ পিছতে পিতাইছে আকৌ কব ।
পিতাই:- (আনন্দৰ সুৰত কব) শুনিছো পাপৰি দেখাত তিলোত্তমা ৰূপে-গুণে ,কামতো কামোৱতী, ঘৰৰ  সকলো  কামবোৰ তাইয়েইটো চোৱা-চিতা কৰে ।( অলপ সময় স্থগিত হৈ আকৌ কব)..অৱশ্যে  পঢ়াশুনাত ইমান ভালো নহয় ।
নয়নে কথাবোৰ শুনি আকোৰ-গোজ হৈছে। ভিতৰি ভিতৰি খংঙো কৰিছে,,এনে সময়তে  ভাত  খোৱা ঠাইৰ পৰা খংঙতে হাত ধুই বাহিৰলৈ যায়।
             দ্ধিতীয় দিনাখনেওঁ একেই অৱস্থা ,পাকঘৰত আগৰ দৰেই। আকৌ কন,সেইবাৰ আৰম্ভণি কৰে ,নয়নৰ আইয়ে।
আই:- চোৱা নয়ন, আজি আকৌ কৈছো? পাপৰি ভাল ছোৱালী,ঘৰৰ সকলো কামবোৰ জানে ?





কথাবোৰ শুনি,নয়ন  পুৰ্বৰ দৰে খংঙৰ বিৰাগ হব । ভাতৰ কাহীঁত হাত ধুই পীৰাত বহি কয়,
নয়ন:-  চোৱা মা-দেউতা,মই কেৱল প্ৰহেলিকাকে ভাল পাওঁ তাইৰ সলনি আন পাপৰি ,পপীক ঠাই দিব নোৱাৰিম। আপোনালোকে প্ৰহেলিকাক  বোৱাৰিৰ ৰূপত আদৰি লয়নে নলয়? সেয়া তোমালোকৰ কথা কিন্তু তাই আপোনালোকৰ বোৱাৰী হবই ! সেয়া মোৰ শেষ কথা ।
খোৱা ঠাইৰ পৰা  উঠি বাহিৰলৈ যায়,নয়ন আৰু প্ৰহেলিকাৰ  প্ৰেমৰ সম্পৰ্ক আজি পাচ বছৰত বয়সত ভৰি দিলে । আৰু ইফালে অহা সপ্তাহত তাই অহাৰে কথা ,এনেহেন সময়ত পুৰ্বত ঘটা ঘটনাবোৰ তথা  দিনবোৰ মনত  পৰি মনে মনে হাহিঁ থাকে পেঠে পেটুৱৈ॥......
যোৱা পাচবছৰ আগৰ কথাৰ পৃষ্টাৰ পৰা,,
নয়নে মাক-দেউতাকৰ সৈতে পুৱাতেই উঠি খেতি-পথাৰত হাত ধৰে । নয়নে আলি পাৰ বান্ধি থাকে পানীবোৰ যাতে জমা হয়। সমুখতে ছোৱালী (প্ৰহেলিকা) এজনীয়েই  গৈ আছে মুৰত জলপান লৈ। নয়ন আলি বান্ধিয়েই থাকিব,নয়নৰ চকু প্ৰহেলিকালৈ পৰে তাইৰ সুন্দৰতাৰ মুগ্ধত কামবোৰ যেন পাহৰি গৈছে,নয়নে তাইক চোৱাৰ পৰত ভুৱা লাগি ভাং হৈছে এনেহেন ক্ষণত জোৰকৈ চিঞৰিছে নয়নৰ আই-পিতাইয়ে ॥
পিতা:-  নয়ন ঐ,আলিটো বান্ধা সোণকালে? কি ভুৱা লাগি চাই আছা(ধেমালীৰ সুৰত কব)।





এনে চিঞৰি পিছলি পৰিছে লাজতে সি আকৌ আনে নেদেখক বুলি এফাকি বিহুগীত জুৰিছে ,যেনেকৈ এজনী ছোৱালী জোকায়।
   ছোৱালীজনীয়ে  নয়নৰ এনে দুৰ্দশা দেখি মিছিকিয়া হাহিঁ মাৰি গুচি যায়,আৰু যেতিয়া সেন্ধাৰৰ  মুৰত আকাশে জোনক মাতি আনিছিল তেতিয়া নয়নে বিচনাতে পৰি পথাৰ হোৱা ৰস-ৰঙীন কথাবোৰ মনত পৰি থাকে,যেন অনুভৱ কৰে নয়নে মই যেন তাইৰ প্ৰেমত পৰিছো ।আৰু এনেকৈ নিদ্ৰাত মগ্ন হয়।
পুৱা ন বজাৰ লগে লগে কলেজৰ পোছাকযোৰ পিন্ধি কলেজলৈ যায়,বৰ্তমান সি হাইয়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্টয়েৰ পঢ়ে, নয়নে পঢ়া কলেজখনতেই প্ৰহেলিকাওঁ পঢ়ে দুয়োটাই একেখন শ্ৰেণীৰে ।এইবুলি সি চাইকেলখন লৈ কলেজলৈ ওলাল।
বাটতে তাই অকলশৰীয়াকৈ মুৰতে ছাতিটো লৈ গৈছে,কাষতে কোনো লগৰীয়া নাই,নয়নে পিছফালৰ পৰাই ধৰিব পাৰিছে আগত যোৱাজনী প্ৰহেলিকা,সেইজনীয়েই পথাৰত দেখাজনী। সি হয়তো লাজ কৰিছে । সেয়ে সি চাইকেলৰ বেলটো বজাই আগলৈ গুচি যায়,নয়নক দেখিয়েই প্ৰহেলিকাই পথাৰত ঘটা ৰসবোৰ মনত পৰি মনে মনে হাহি যায় ।





আনহাতে ৰাতিটো নয়নে বিছনাত পৰি ওৰেইটো ৰাতি প্ৰহেলিকাৰ কথাকে ভাৱি থাকে যাৰ ফলত টোপনিয়ো আহিব  খোজা নাই ।
পিছদিনাখন নয়নে লগৰ-সমনীয়া তথা  বন্ধু বৰ্গৰ লগত দেওবাৰ বুলি গাৱৰ তিনিআলিত কেৰম খেলি থাকোতে সিহঁতৰ আগেদিয়ে প্ৰহেলিকাই অকলে যায় । প্ৰহেলিকাই অলপ দূৰ যোৱা দেখি কাষত  থকা চাইকেল খন লৈ  প্ৰহেলিকাৰ পিছে পিছে যায়। নয়নে প্ৰহেলিকাৰ কাষে কাষে যায় কিন্তু প্ৰহেলিকাই নয়নৰ প্ৰতি একো কানসাৰেই  নাই। তাই  সকলোবোৰ কথা গম পাইছে,সেইবোৰ জনা-বুজাৰ স্বত্ত্বেওঁ  তাই তলমুৰ কৰিয়েই গৈছে। নয়ন সদায়েই অপেক্ষা ৰথ প্ৰহেলিকাই যোৱা বাটৰ ঢাৰিত । কেতিয়াবা দোকানত আকৌ কেতিয়াবা বাটৰ কাষে কাষে থকা গছৰ তলত বহি তাৰ পিছতো প্ৰহেলিকা একো কানসাৰেই নাই অথচ কোনোবা দূখৰ অভয়াৰণ্যৰ বাসিন্দাৰ দৰে তল মুৰ কৰি ।
" দুদিনৰ পিছত
প্ৰহেলিকাই লাহে লাহেকৈ হলেওঁ জানিব পৰা গৈছে যে নয়নে যে তাইৰ বাবে এজন পাগল প্ৰেমীক।সেয়ে আজিয়ো কলেজলৈ যোৱা বাটত । নয়নে তাইৰ পিছে পিছে আহি আছে  আনহাতে প্ৰহেলিকাওঁ জানে  নয়নে কত দিনৰ পৰা যে মোক বিচাৰি ফুৰিছে এষাৰ কথাৰ বাবে ,সেয়েহে জানি বুজি থমকি ৰয় সি অহালৈকে। নয়নৰ উকাশ যেন শ্ৰাদ্ধ হৈ গৈ প্ৰহেলিকাই যে নয়নৰ বাবে এখন্তেক ৰৈ দিয়াৰ বাবে । এনেসময়তে প্ৰহেলিকাই কঠোৰ ধ্বনিত নয়নক কয়।




প্ৰহেলিকা:-  হেৰৌ; আপুনি কোন? আপুনি মোক কিয় অতদিনৰ পৰা পিছা কৰি আহিছা ? অন্যই দেখিলে কি বুলি ভাৱিব ।
নয়ন:-  বেলেগ  কি বুলি ভাৱে ? মই একোৱেই নাজানো; কেৱল মই জানো তুমি মোৰ ভাৱে আৰু মই তোমাৰ ভাৱে সেই জীৱন । কাৰণ মই তোমাক ভাল পাই পেলাইছো?
প্ৰহেলিকা:- আপুনি মোৰ বিষয়ে কি জানে? আপুনি হয়তো মোক চিনি নাপায়?
নয়ন:- মই কেৱল চিনি পাওঁ তুমি মোৰ প্ৰেয়সী।
প্ৰহেলিকা:- আপুনি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাছোন? মোৰ মা নাই! সমাজে মোক কুলক্ষণী বুলি ভাৱে ? কাৰণ মোক জন্মদিওতেই মোৰ মাৰ মৃত্যু হল (দুখিত ভাৱে কয়)সেয়ে সমাজে মোক ঘৃণা চকুৰে যায়।
নয়ন:- মই আকৌ কৈছো ? চোৱা মই তোমাক ভাল পাওঁ  চিৰদিন থাকিব । সমাজে যিয়েই ভাৱক বা নাভাৱক মই কিন্তু মই সেইবিলাক নাজানো মই তোমাক ভাল পাওঁ॥
প্ৰহেলিকা:-  এইটো কেতিয়াওঁ হব নোৱাৰে? সেইটো জনমত কি  অহা জনমতো মিলন হব নোৱাৰে ।
সেইবুলি কয় প্ৰহেলিকাই আগলৈ যায়। নয়নৰ চকু তৰ-তৰীয়া অৱস্থা যেন অনুভৱ হয় কান্দিয়েই দিয়ো নেকি? কিন্তু নয়নৰ বিশ্বাস হেৰুৱা নাছিল । সচা প্ৰেমে এদিন মিলন হবই,প্ৰকৃত ভালপোৱাক কোনেওঁ বান্ধি ৰাখিব নোৱাৰি ।






"দুই তিনিদিনৰ পিছত প্ৰহেলিকাই টাউনৰ
কোনোবা এখন কলেজত পঢ়িবলৈ যায়।তিনিআলিৰ বাছ ষ্টেণ্ডত  প্ৰহেলিকাই বাছৰ বাবে অপেক্ষা কৰি থাকে আৰু তাইৰ বিপৰীত দিশত থিয় হৈ চকু সলসলীয়া কৰি নয়নৰ দৃষ্টি কেৱল প্ৰহেলিকালৈ । তাৰপিছতো প্ৰহেলিকাই যোৱা বাৰেৰ দৰে একো কানসাৰেই নিদিলে । বাছ অহাৰ পৰত তাই বাছত উঠি যায় । আৰু ইফালে নয়নৰ  চকু যেন নিয়ৰৰে সেমেকা যেন লাগিল।

"সময় আজি উকলি গল ,মাঘৰ পিছত ফাগুন অহাৰ দৰে ইটো বছৰৰ পিছত ইটো বছৰ  চাওঁতে চাওঁতে নয়নৰ প্ৰেমৰ ৰথ আজিচোন পাচ বছৰেই হল॥

((এনেতে পুৰ্বৰ কথাবোৰ ভাৱি থাকোতে[Flasback return] যেন বাহিৰৰ পৰা যেন কোনোবাই মাতিছে তাৰেই অনুভৱ কৰি ভাৱি থকাৰ বিচলিত হৈ পুনৰ অৱস্থালৈ ঘুৰি আহিছে ।  শুনিছো প্ৰহেলিকা বৰ্তমান কলেজৰ প্ৰপেছাৰ । নয়নে  এনেহেন সময়তে বাহিৰৰ পৰা নয়নৰ বাইদেওঁ আৰু ভিনিদেওঁৱে মাতে ,সি দোৱাৰ খন খুলি দি বিছনাত বহিব কয় । নয়নৰ এনে তলমুৰ কৰা দেখি  বাইদেওঁ‍ৱে কয়। বিয়াৰ কথাশুনি সি একান্তভাৱে থাকে ।
বাইদেও:- অহ! নয়ন তুমি তাইৰ কাৰণে আৰু কিমান দিন এনেকৈ থাকিবা ।
ভিনদেও:-  শুনিছো তাই হেনো এতিয়া প্ৰপেছাৰ ,তোমাৰ নিচিনা অজলা লৰাক জানো এতিয়া ভাল জানো পাব পাৰি ? তুমিয়েই ভৱাছোন সেয়ে কৈছো ৰামেশ্বৰ বৰঠাৰ জীয়েককে ?





"নয়নে সকলোবোৰ  কথা শুনি সহ্য কৰিব নোৱাৰিছিল ,কোঠাটোৰ পৰা এনে সময়ত জ্বলাপুৰা কৰা জলকীয়াৰ ৰূপত উদ্দেক্ষ্ণ হৈ বাহিৰলৈ যায়(যেন অনুভৱ হয় কন্দাৰ দৰে )

দুই-তিনি দিনৰ পিছত ।
একেখন চাইকেলত,একেই সাজত নয়নে বাছ ষ্টেণ্ডত তাইৰ বাবে বাট চাই আছে কাৰণ আজি তাই গাৱলৈ আহিবগৈ। ভিতৰি ভিতৰি নয়নে ভাৱি বহি থাকে যোৱা ৰাতিত বাইদেও-ভিনিয়ে কোৱা কথাবোৰ আৰু মনতে এনেই কিছুমান কথাবোৰ মনতে খেলি মেলিত ভাৱি থাকে'  তাই এতিয়া বহুত পৰিৱৰ্তন হল,আগৰ দিনৰ কলেজৰ প্ৰহেলিকা বৰুৱা এতিয়া প্ৰপেছাৰ প্ৰহেলিকা বৰুৱা হলগৈ ।
          এনেহেন এইবোৰ কথা ভাৱি থাকোতে বাছ ,বাছ ষ্টেণ্ডত আহি ৰখাই দিয়েহি । আনহাতে বাছৰ পৰা প্ৰহেলিকাই নমা দেখি কথাবোৰ ভাৱি উগুল-থুগুলত চিন্তিত হৈ এজন বুঢ়াৰ দৰে থৰক -বৰক চিন্তাত আগলৈ খোজ -কাঢ়ি গুচি যায়॥
এইবাৰ সম্পুৰ্ণ ওলোটা নয়ন আগত আৰু প্ৰহেলিকা পিছত । সি চাইকেলটো লৈ আগফালে খোজ কাঢ়ি গৈছে আনহাতে পিছফালৰ পৰা  প্ৰহেলিকাই মাত দিয়ে নয়ক দুবাৰ-তিনিবাৰকৈ । সি একো শুনা নাছিল ,প্ৰহেলিকাই তাৰ ওচৰলৈ গৈ আকৌ চিঞৰে ,
প্ৰহেলিকা:- নয়ন ৰোৱাছোন?
সি জানিব পাৰিছিল পিছফালৰ পৰা প্ৰহেলিকাই মাতিছে বুলি নয়নে প্ৰহেলিকালৈ ঘুৰি চাওঁতে আকৌ চকুৰ সল-সলীয়াত প্ৰহেলিকাৰো চকু সলসলীয়া হয়। দুয়োজনে একেৰাহে চকুহে চকুৱে চাই থাকে ,আৰু প্ৰহেলিকাই নয়নৰ ওচৰলৈ দৌৰি গৈ দুয়োজনে হাত সাৱটি ধৰে ।আৰু কয় ,


প্ৰহেলিকা:-  মোক বেয়া নাপাবা নয়ন? মই তোমাক প্ৰথম দেখাৰ পৰাই তোমাক ভাল পাই পেলাইছিলো ,মা'ৰ কথাত আৰু মোৰ লক্ষ্যক আজুৰি আনিবলৈ মই তোমাক এনেকৈ প্ৰতাৰণা কৰিব লগা হলো (কান্দি কান্দি কয় সাৱটি ধৰি)।

নয়ন:- তোমাৰ বাবেইটো আজিয়ো আছো ৰৈ !কাৰণ এই জীৱন কেৱল তোমাৰ বাবেই....প্ৰহেলিকা..॥॥॥

(((শেষ...প্ৰেম জনম জনম))




ওপৰোক্ত কাহিনীটো PDF ৰ আকাৰত পাবলৈ তলৰ PDF  শব্দটো ক্লিক কৰক

আজিয়ো আছো ৰৈ তোমাৰ ভাৱে  ✍তপন পায়েং



Post a Comment

0 Comments