খণ্ড- পোন্ধৰ
কত দিন কত ৰাতি উজাগৰে কতালো কত সময় ,যেন অনুভৱ হয় প্ৰেমৰ জেলত কাৰাবদ্ধ হৈ ৰৈছো । প্ৰেমৰ বাৰ্তালাপাত অগনাই মনত পৰিয়ে থাকো কিন্তু আচল এইটোৱে যে ভালপোৱা প্ৰেয়সীৰ সৈতেই কথা-পতা হোৱা নাই ইফালে হাজাৰটো সপোনৰ যতিচিন যত উশাহটো কমাব লাগিছে তাত কমাব পৰা নাই , আজিয়ে বৰকৈ আমনি কৰিছে দুয়োপক্ষতে প্ৰেম নে সেই খেদি ফুৰা সপোনবোৰ । কোনপিনে কাড়ঁ থোৱাওঁ। সকলোৰে হবই সেই প্ৰেম । ৰাতিৰ আকাশত জোনে ছবি আকিঁছে ,পোহৰত !ইফালে গৰম তাৰ মাজে মাজে মৃদু বতাই গাত ছাট ধৰিছে । লাহে লাহেকৈ গাত ঠাণ্ডা পৰিছে যেন অনুভৱ কৰিলো সেই সময়ছোৱাত যদি আমাক কোনোবাই বুঢ়ী আইৰ সাধু শুনালে হয় কিমান ভাল লাগিলহেতেন । তেনেক্ষণতে অচিনৰ ফোন আহিছিল । আমি সকলোৱে সমৱেত হওঁ ফোনত কনফাৰেন্স কৰি কলেজত যি শিকোৱা নহয় ।
অচিন :- কি কৰিছা ঐ, ইমান প্ৰেমত নপৰিবা অ ! ডেকা লৰা নিবেদিতাৰ প্ৰেমত পৰি কলেজত কি চলিছে নচলিছে একদম পাহৰি গৈছা সেইবিলাক বেয়া লক্ষণ । বোলো লৰাজন আজি আকৌ মুৰ তলমুৰ কৰিয়েই থলা যে ।আচলতে সি সচাওঁ নোকোৱা নহয় কলেজৰ চৌহদত তাইক আকৌ দেখিছিলো তাইৰ চকুটোৱে মোৰ চকুলৈ বাৰুকৈ চাইছিল ,হয়তো তাইক বিউতিয়ে সকলো কথাই মুখ খুলি কলে কিজানি ! মই চাবওঁ খূজিওঁ চাব পৰা নাছিলো । অথচ সেইদিনাৰ পৰা যিদিনাৰ পৰা তাইৰ প্ৰেমত পৰিলো । তাই চালেওঁ মই নোচোৱাৰ ভাওঁ ধৰিছো ,আগৰ দৰে তাইৰ কাষত কথা পতাওঁ বন্ধ হৈছে । জানোছা তাই বা কি ভাৱে ! নাই আৰু নোৱাৰি মোৰোটো লক্ষ আছে ,আৰু নোৱাৰি মই আৰু প্ৰেমত নপৰো মোৰ ভাৱে হৃদয়ৰ বাগিছা তাই নহয় কেৱল সেই সপোনবোৰ ,যত নেকি মা-দেউতাই দেখা সপোনবোৰ ফুলিবলে ৰুইছে ফুল । এখন গ্ৰন্থৰ প্ৰথম অধ্যায় শেষ হোৱাৰ দৰে মোৰ অধ্যায় শেষ হোৱাৰ পিছত এতিয়া থাকি যায় কেৱল অচিন আৰু প্ৰনয়ৰ । তেনেস্থলত দ্ধিতীয় অধ্যায় অচিনৰ প্ৰেমৰ পৃষ্টাখনেওঁ বৰকৈ লুঠিয়াই চাবলগীয়া ,কাৰণ তেওঁলোকৰ প্ৰেম বিশাল মোৰ আৰু প্ৰনয়তকৈ । তেওঁৰ প্ৰেম মহানত্ব । প্ৰেম যে অন্ধ অচিন আৰু অনুপমাৰ ক্ষেত্ৰতেই মন কৰিব পাৰি ,বোলো প্ৰেমে নামানে বয়সৰ ঠিকনা প্ৰেমে মাথো জানে সময়ৰ ঠিকনা । অনুপমা চৌধ্য-পোন্ধৰবছৰীয়া আনহাতে অচিন বিশ বছৰ । তাইক আকৌ সেই দিনৰ ধৰে লগ কৰিব গৈছে হাতত লেফাফা লৈ কাৰণ অনুপমাৰ মবাইল নাই ,সেয়ে এতিয়া সিহঁত দুজন সদায় কথা পাতে চিঠিত ।সেই কাৰণেইটো কৈছো সিহঁতৰ প্ৰেম কিমান বিশেষত্ব ,নহলেটো আজিকালি সকলোচোন ডিজিটেলতে চিঠি লিখে । সময় দুই বাজিলেই যায় অনুপমাৰ স্কুললৈ ,অনুপমাও অচিনৰ বাবে ৰৈ চাইকেল খন লৈ ,ঘৰত যদি কেনেবাকৈ সুধে আজি তোমাৰ ইমান পলম হল কিয়?তেতিয়া কয় আমাৰ আজি বহিৰাগত ক্লাছ আছিল । সম্পুৰ্ণ প্ৰাৰ্থক্য আহি পৰিছে সিহঁতৰ মাজত বয়সৰ প্ৰাৰ্থক্যটো আছে । আটাইতকৈ হাস্যকৰ বিষয়ে সেইটোৱে যে ; আগৰ দৰে আকৌ দুই ঘন্টা বজাৰ লগে লগেই অচিনে কলেজৰ পৰা তাইৰ স্কুললৈ যায়,লাগিলে অচিনৰ ক্লাছ থকাৰ পৰ্যন্তেওঁ
ডেউ লগা পক্ষীৰ দৰে উৰি গৈছে কলেজ বয়'জৰ পৰা ছোৱালী চাবলৈ যোৱা লৰাৰ দৰে কলা ৰঙৰ চশমা পিন্ধি, চাৰ্টৰ বুটাম খুলি চলন্ত গতিত যোৱাৰ ফলত চাৰ্টটো নীল আকাশত থকা পতাকাৰ দৰে নাছি গৈছে বাটত বৰষুণৰ অভাৱত পৰি থকা ধুলিবোৰ মটৰ বাইকৰ চাইলেন্সাৰত উৰি গৈছে,বাটৰ কাষে কাষে যোৱা বাটৰুৱাৰ মুখত ধুলি সোমাঁই গৈছে ,ইফালে বাটৰ কাষে থকা ঘৰৰ মানুহবোৰ অবাক লাগি মুখ-চাপৰি বজাইছে ,অনুপমাক লগ কৰাৰ উদ্দেশ্যত সকলো পাহৰি গৈছে তীব্ৰ গতি যে জীৱন ক্ষতি । আচলতে সকলো মানুহৰ ক্ষেত্ৰত সেইবোৰ দেখা নাযায় কিছুমান প্ৰয়োজনীয়তা অনুসৰি সেইবোৰ কাম কৰা দেখা যায় । আনহাতে কিছুমানৰ মটৰ বাইক আছে বুলিয়েই শ্ব-অফ কৰি যায় যাৰ ফলত দুৰ্ঘটনাত লিপ্ত হৈ মৃত্যুৰ মুখত পৰিব লগীয়া হয় ফলত পিতৃ-মাতৃয়ে পুত্ৰহাৰা হবলগীয়া হয়। সেইবিলাকৰ ওপৰত প্ৰতিজন অচিনৰ দৰে যুৱকসকলে সেইবিলাকৰ প্ৰতি গুৰুত্ব দিব লাগে। সিহঁত বাইক চলালে ভৱিষ্যত কথাবোৰ চিন্তা কৰিব লাগে । মানুহে বেয়া পায় বাটত এনেকৈ তীব্ৰগতিত মটৰ চাইকেলবোৰ চলালে ,কাৰণ এনে তীব্ৰগতিত বহুতৰে প্ৰাণ ধুলিৰ লগত মিলি গৈছে । নাই
অহাবাৰ মই অচিনক বুজাম তীব্ৰগতিত বাইক নচলাবা বুলি আমাৰ বুকুৱে বৰকৈ কপায় বুলি । মোৰ বিশ্বাস আছে তেওঁ আমাৰ কথা শুনিব আৰু বুজিব । সি স্কুল পালেগৈ গেটৰ সমুখত অনুপমাই ৰৈ আছে লেডিবাৰ্ড নামৰ লেডিছ চাইকেল লয়। সেইবাৰ অনুপমাৰ অকনমানো লাজ নাই অচিন এতিয়া তাইৰ হিয়াৰ পিণ্ড হল লাজ অহাৰ কোনো কথাই নাই । অচিন গেটৰ সমুখতেই বাইক ৰখাইছিল আৰু নামি দিছিল । সি অচিনে বেগৰ পৰা ব্লেক ছকলেট উলিয়াই দিয়ে ,সি জানে অনুপমাৰ প্ৰিয়-অপ্ৰিয়বোৰ ,প্ৰিয়বোৰ আনি নিদয়াকৈ থাকিব নোৱাৰি অচিনে । এতিয়াহে ঐশ্বৰ্য , দুয়োজনে খোজকাঢ়ি কৈছে । বৰ হাস্যকৰৰ , পথৰ কাষত থকা দোকানবোৰৰ দোকানীসকলে অচিন-অনুপমাক দেখি হাহিঁ উঠিছে কাৰণ অনুপমাই চাইকেল ঠেলিছে ইফালে অচিনে বাইকটো ঠেলি গৈছে পিছে এটা কথা অচিনৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে ,এনে কথাৰ মাজতে থমকি ৰৈ ,আৰু কয়
:- অ,বস্তু এটা থাকিগল ?
:- কি ?
:- এক মিনিট ! বেগত কিবা এটা আছিল ৰবা চাই লওঁ ,অচিনে চাই চিঠিখন তাইৰ হাতত দিয়,
:- সেয়া লোৱা চিঠি ?
:- কি চিঠি নেকি? দিয়া সোণকালে ! বেলেগে চাব , সিহঁত আকৌ ঘৰত লগাব ।
:- চিঠি খনৰ উত্তৰ দিবাগে আহ !
অ ,হব দিয়া মই যাওঁগৈ সিফালে কাইলৈ চেমিনাৰ এটাওঁ আছে নিয়ৰ হতঁৰ লগত মিলি বনাব লাগিব । সেই বুলি কয় সি গুচি যায় । মানুহবিলাক চাইছিল অচিন অনুপমাক ,লাজতে অনুপমাৰ ৰঙা গাল দুখনি ৰঙা হৈ পৰিছিল লাজতে ৰুমালেৰে গাল দুখনিক ঢাকি ৰাখিব বিচাৰিছিল। কাইলৈ আকৌ লগ পাওঁনে নাপাওঁ ভাবি ভাবি সময় নাযায় নোপোৱাইছিল,কাৰণ কাইলৈ চিঠিৰ প্ৰতিত্তোৰ যে কৰিব লাগিব।
অহা খণ্ডত,,,


0 Comments