Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,খণ্ড-ষোল্ল,▪কাৰ্চাং তাকাৰ

                   খণ্ড-ষোল্ল


হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,খণ্ড-ষোল্ল,▪কাৰ্চাং তাকাৰ


সময় উকলি গৈছে ,সময় বোৱঁতী নদীৰ সৈতে উঠি ভাহি গল  যোৱা সময় কোন কাহানিওঁ উভতি অহাৰ কোনো কথাই নাই,শেৱালী ফুলপাহঁ আজিচোন নিশাতেই ফুলি ৰল ,ন-সূৰুয বেলিয়ে   আজি সমস্ত গাৱঁৰ সকলো ছবি পাহৰি প্ৰনয়  নগৰতেই উদয় হোৱাৰ পথত  । সময়বোৰ লাহে লাহে চুটী হৈ পৰিছিল ফলত প্ৰেমৰ দৈৰ্ঘ্যবোৰ প্ৰনয় আৰু চুনামীৰ মাজত মাত্ৰা বৃদ্ধি হৈছিল। এতিয়া প্ৰনয়ে প্ৰেমৰ হিচাপবোৰ জুখিব কেনেকৈ শেৱালীক নে চুনামিক। অধিকতম ধেমালীয়ে প্ৰনয় আৰু চুনামীৰ মাজত যেন বন্ধুত্বই যেন প্ৰেমৰ ঘৰ বান্ধিছে ।সিটো শনিবাৰৰ কথাৰে ,কাৰণ সকলোবোৰ আৰম্ভ হৈছে কলেজৰ মজিয়াতেই নিয়ৰ,অচিন আৰু প্ৰনয়ৰ । শনিবৰীয়া আড্ডা কলেজৰ কেন্টিনত ,কেন্টিনত থকা সকলো কৰ্মকৰ্তাবোৰ ব্যস্ত হৈ আছে অৰ্ডাৰ কৰিবলৈ হলেওঁ মানুহৰ ভিৰ হৈছে ,তিনিকাঁপ চাহঁৰ বাবে শাৰীকৈ থাকিব লগীয়া হৈছে । এখন টেবুলত  বিপৰীতমুখী হৈ প্ৰনয় আৰু চুনামি আনফালেই অচিন আৰু মই । চাৰিকাঁপ চাহঁৰ বাবে অপেক্ষাতেই আছো আৰু কতৰকমৰ কথা কেন্টিনতেই পাতিছে চাৰিপাশে টেবুল আৰু টেবুলৰ কাষে কাষে আছে লৰা-ছোৱালী । মই আগেয়েওঁ কৈছো নিলম ধেমালী কৰি ভালপোৱা লৰা হৃদয়ত অন্য  কাৰোভাৱে বেয়াভাৱ নাই মাথো যিটো মূখত উঠে সেইবিলাকেই কয় দিয়ে কাৰণ কথাবোৰ হজম কৰি ৰাখিব নোৱাৰে । সমুখৰ পৰা জাহ্নৱী আৰু নিলম আহিছিল আহিয়েই লিমাৰিক ভাৱে প্ৰনয়ৰ কাষত আহি কাণত ফুচফুচাই কৈছিল ঐ আজি বেলেন্টাইন ডেয় বুলি পাৰ্টীৰ আয়োজন কৰিছেনেকি। এনেতেই অকস্মাতেই নিলমৰ মূখৰ পৰা উলাই গৈছিল ,

:- ঐ চুনামি বেলেন্টাইন ডেয়ৰ পাৰ্টী নিদিয়ানেকি? চুনামি বুজিব পৰা নাছিল ,বুজাত অসুবিধা হোৱাৰ বাবে নিলমক চাই সুধিছিল ।

:- নিলম কাৰ পাৰ্টী ? কোন নিয়ৰৰ নেকি!চুনামিৰ এনে বক্তব্যত আকৌ নিলমে কৈছিল ,মই বাৰু বুজি উঠিছো চুনামিৰ কথাবোৰ।

:- আৰুনো ?নিয়ৰেইটো দিব বুলি জানোৱেই লগতে তোমাৰ আৰু প্ৰনয়ৰ সম্পৰ্কৰ ভেলেন্টাইনৰ পাৰ্টীটো ? চুনামিয়ে কথাবোৰ শুনি পেটে পেটে হাহিঁছে যদিয়ো লাজ কৰিছে । বেচেৰা প্ৰনয় মুখ বন্ধ কৰা বান্দৰৰ দৰে মূখ বন্ধ কৰি হাহিঁছে । অচিন সম্পুৰ্ণভাৱে নিৰাশ হৈ আছিল কাৰণ তাইৰজনী স্কুলত ,অচিনৰ নিৰাশাৰ যাতনা সহ্য কৰিব নোৱাৰি নিলমে আকৌ চিঞৰি উঠিছিল।

:- ঐ নিয়ৰ ,চোৱাচোন কোন আহিছে? চুনামি ঘুৰি চাইছিল পিছফাললৈ চায় আৰু কয়,

:-  নিয়ৰ ,নিবেদিতা আহিছে?তাই লাহেকৈ কৈছিল। তাইৰ লগত বিউতিয়ো ,বিউতিয়ে ইংগিত দিছে নিবেদিতাক যে কেন্টিনলৈ লৈ আহিছে নিবেদিতাই অনিচ্ছাকৃতভাৱে হলেওঁ বিউতিয়ে জোৰ দিয়াত হেনো আহিছে এতিয়া মোৰে ফালে সকলো খৰচ বহন কৰাটো । এনেই মাজতে অচিন আমাৰ পৰা বিদায় মাগে ,হয়তো তাই গেটৰ সন্মুখতেই ৰৈ আছে কিজানি,সেইবুলি কয় গুচি গৈছিল। সৌ সিদিনা নবাগতা আদৰণিৰ পিছত সেইটোৱেই দ্ধিতীয় দিন যাক মই আজি কাষতে পাইছো কিন্তু মনে বৰকৈ সেইফালেহে টানিছে সেই অযুত সপোনবোৰ। তাই মোৰ কাষতেহে বহিছিল ,মই একো কব পৰা নাছিলো ,চুনামি হাহিঁ মাৰি আছিল নিলমে কোৱা কথাখিনিৰ কাৰনে নে নাই মোৰ অশ্ৰুত শান্ত হিমনা ভাৱে। জাহ্নৱী,নিলম,বিউতি আমাৰ ফালেই চাই আছিল নিবেদিতাই একো কব পৰা নাছিল ,লাজেই পাইছেনে নে? অন্য কিবাৰ কাৰণে এনেই নিৰাশ শান্তক দেখিব নোৱাৰি জাহ্নৱীয়ে মাত দিলে যে  এইবুলি,

:- কি হল কাৰো যে একো মাতভোল নাই যে? কিবা এটাটো কোৱাছোন!আহঁ প্ৰনয় ॥ বিউতিয়ো একেই কৈছিল জাহ্নৱীয়ে কোৱাৰ দৰে ,জানোছা শেষৰ ভাৱে নিবেদিতাই কিবা কবহে নেকি বুলি শুনিবলৈ বৰকৈ ইচ্ছা প্ৰকাশ কৰিছিলো । তাহানিওঁ তেনেকুৱা নহল, চাওঁতে কলেজৰ ফাইনেল বেলহে বাজিছিলগৈ ॥ 


বেলিয়ো ডুকমোকোৱা হৈছেগৈ পশ্চিমত মাৰ যাবলৈহে অনুমতি বিচাৰিছে তেনেস্থলত নিবেদিতাক লৈ কবিতা লিখাৰ কোনো হাবিয়াসেই নাই ,কাৰণ নিবেদিতাক লৈ দেখা সপোনবোৰ লাহে লাহে হেৰুৱাইছো ,তাহানিয়ো দেখা মতলবো নাই॥ মোৰ দৰে প্ৰনয় আৰু চুনামিৰ মাজতো  তেনেই শংকা কিন্তু শুভ লক্ষণহে দুয়োৰে মাজতে ,কলেজৰ কেন্টিনত কোৱা কথাবোৰক লৈ পুনৰবাৰ প্ৰনয়ে চুনামিলৈ ফোন কৰিছিল ।

:- হেল্ল চুনামি কি কৰিছা?

:- প্ৰাণ অ তুমি মোক চুনু বুলিয়ে মাতাছোন ! কিবা এটা ভাল লাগে তেনেকৈ মাতিলে । প্ৰনয় হয়তো কিবা ভাল লগা কুসুমৰ সুবাস যেন পাইছে । প্ৰনয়ে কব বিচাৰিছিল।

:- আজি কলেজত নিলমে ভেলে....॥

:- নাই নাই! নিলমে সচাই কৈছে ন।কাৰন। প্ৰনয় আচৰিত হৈছিল,সেইয়া কি? সি আকৌ কৈছিল।

:- কাৰণ ! তাৰপিছত,

:- কাৰণ  মই তোমাক ভাই পাই পেলাইছোঁ। চুনামিৰ এনে ভাষ্যৰ পৰত প্ৰনয় কোনোমতেই ৰব নোৱাৰে আনহাতে চেঙেলীয়া মন।

:- চুনু মইয়ো তোমাক ভাল পাওঁ। মই তোমাক কতদিনৰে পৰা অপেক্ষাৰথ হৈছিলো এইষাৰ কবলৈ । আই লভ যু চ মাছ।

:- আচলতে মোৰো একেই ,..মাত্ৰ মই তোমাৰ হব বিচাৰো । আই লভ য়ু তো॥


এতিয়া এন্ধাৰ নামিব নোৱাৰে ঘনে ঘনে ,প্ৰেমৰ প্ৰতালিপিয়ে শুব যে নিদিয়ে । দিনে নিশাই আৰেহ থকা  দুই প্ৰেমিক আজি নকৈ জন্ম দিলে । প্ৰনয় চুনামিৰ কথা গম পোৱা হল মানুহে ,সহমত সকলো নিলম,বিনোদ,জাহ্নৱী,অচিনো॥খিৰিকীৰ ইফাৰে থকা নথকা মোৰ প্ৰেম আৰু তাত নুফুলে  আছে মাথো কেৱল সেই যে  ফুল যেতিয়া ফুলি সুবাসে সকলোকে আমোলমোলাব ॥ আৰু সেই সুবাসী ফুল জোপাঁহ ফুলিল উভালি অনাৰ কোনো কথাই নাই।


অহা খণ্ডত

Post a Comment

0 Comments