Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,খণ্ড-সোতৰ◼কাৰ্চাং তাকাৰ

  

                         খণ্ড- সোতৰ

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,খণ্ড-সোতৰ◼কাৰ্চাং তাকাৰ
seventeen



আজিৰে  পৰা যদি নিলমহতে প্ৰেমৰ ওপৰত যদি হাতববৰি কৰে তেতিয়া মই হলে সেইবোৰৰ কানসাৰ নিদিওঁ । মই আৰু সেই ফুল জোপাকেহেঁ ফুলিব দিব খোজো ,সেই ফুল ফুলিবৰ বাবেইটো কত দিনৰে পৰা সপোন দেখি আহিছে আই-পিতাইয়ে । সেই সময়ছোৱাত বৰকৈ মনত পৰিছে সেই দিনটোলৈ তেতিয়া মই সম্ভৱত দ্ধিতীয়  শ্ৰেণীত পঢ়ি আছিলো কিজানি, স্কুল নাযাওঁ নাযাওঁ বুলি কয় আছিল তেতিয়া পিতাইৰ বৰ খং উঠিছিল ,খংঙৰ খুবত  ঠপিনাত এছাৰি খুবাইছিল ,ঠপিনাত এছাৰি পাইয়ো স্কুললৈ যাব খুজা নাছিলো পিতাইয়ে হাঠনি দিবলৈ জেপৰ পৰা দুটকা দিছিল ,আই-পিতাইয়ে স্কুল গলেই সদায়েই মোৰ জেপত দুটকা-পাচটকা ভৰাই দিছিল তেতিয়াৰ পৰা মই আকৌ স্কুল যোৱাৰ আৰম্ভ কৰিছিলো ,লাহে লাহে দ্ধিতীয়ৰ পৰা চতুৰ্থলৈ পাইছিলো । মোৰ আই-পিতাই খেতি কৰে ,পথাৰত হাল বায়, বায়েই সমাজৰ বৰ্ণবোৰ চিনাত শিকাইছিল  । চাওঁতে চাওঁতে আজি মই বিশ বছৰীয়া যুৱক  হলোহি,আজিয়ো গাৱলৈ গলে মোক পথাৰলৈ যাবলৈ নিদিয়ে ,পথাৰলৈ যাব খুজিলেই কয় তুমি এতিয়া নাঙলত হাত নিদিবা তুমি কিবা এটা নোহোৱালৈকে মই কষ্ট কৰিম । আৰু কয় যেতিয়ালৈকে তুমি জীৱনটো কিবা এটা হোৱা তেতিয়ালৈ  মই তোমাক কষ্ট কৰিব নিদিওঁ ,জীৱনটো যদি তুমি কিবা এটা হোৱা তেতিয়াহে ঘৰত শান্তিৰে বহিম ৰজাৰ দৰে । কথাবোৰ মনত পৰিলেই বৰ আবেগিক হৈ পৰো ।সেইভাৱে এই আৱতৰীয়া প্ৰেমৰ ডাৱৰক আতৰাইছো। 

                 মই মাত্ৰ এতিয়া এই পথৰ মাজেদিয়েই যাব খুজিছো ,এই পথত মই বাটৰুৱা হব খুজিছো  আৰু এই পথৰ মাজেদিয়েই ওলাই আহিব খুজিছো ।মই এতিয়া সম্পুৰ্ণ বেলগ ৰাস্তাত । শুনামতে  প্ৰনয় হতঁৰ ঘৰতো  প্ৰনয় আৰু চুনামিৰ প্ৰেমৰ ভাষাবোৰ গম পোৱা হৈছে। ঘৰত এটাই ভয়ভাৱ প্ৰনয়ৰ পৰিয়ালটো ,মাজে সময়ে কয় থাকে দেওবৰে ,ছেঃ মই মুখখনি কত লুকাম ,গাৱৰ মানুহে টু পেলাব ,নানাৰকমৰ কথা কব,লৰাজনকো চহৰত পঢ়িবলৈ পঠিয়াইছিলেনে সেইয়া দেখিলা নহয় ?কি কৰি আহিছেগৈ । অচিনৰো ভয় ভাৱ অনুপমাৰ বাৰু ঘৰত বাধা দিবনেকি আমাৰ প্ৰেমৰ জৰীত ,তাইটো মোতকৈ সৰু । আৰুটো কব নোৱাৰি প্ৰেম বয়সৰ ঠিকনাটো শুধিটো নাহে ,কিবা এটা ভাল লাগিল কিবা কাৰণত ,হাহিঁৰ ভাৱে প্ৰেমত পৰি গল আৰু তাতেনো কি ভূল কৰিলে । আনেই কৰাৰ দৰে প্ৰেমেইটো কৰিছো তাতনো আপুনি নৈৰ কাষে বন্ধা মটাউৰিৰ দৰে থিয় হব বুলি কোনে গম পায় । কলেজৰ শিক্ষাবৰ্ষ আজি তিনিবছৰেই হল অৰ্থাৎ অহা জানুৱাৰীৰ পশিছ তাৰিখে ছেমিষ্টাৰ সম্পুৰ্ণ কৰিব । মনবোৰ অলপ ভালো লাগিছে নামৰ পিছত যে নিয়ৰ,বিএ বুলিযে থাকিব আনফালে দুখো লাগিছে অত তিনিবছৰে প্ৰত্যেকজনৰ লগত ছায়া হৈ থিয় দিছিল ।

          প্ৰায় সপ্তাহৰ পিছত নিলম আমাৰ সকলোৰে ছেমিষ্টাৰটি ফলাফল ওলাব বুলি আমি সকলোৱে মহাবিদ্যালয়ত উপস্থিত হলো । মই প্ৰায় কলেজৰ গেটৰ সমুখত থিয় হৈ মহাবিদ্যালয়খনৰ সেৱা কৰি সোমালো যাতে ৰেজাল্ট ভাল হয় । দৃশ্যটো দেখি হৃদয়খনে বিচলিত হৈছিল ,কোনোৱে হয়টো লিখিছে কাৰোবাৰ পিঠিত বন্ধু তোমাক মনত পৰি থাকিম । একেই দৃশ্য আছিল শ্ৰেণীকোঠাৰ বাৰন্ধাত নিলম আৰু অচিনে চকু-সলসলীয়া কৰি চাইছিল ,মই  চিঞৰি চিঞৰি কান্দিব খুজিছিলো  ,মই জানো ৰেজাল্ট সকলোৰে ভাল হৈছে নিজৰ বিচৰামতে অন্যসকলে পোৱা নম্বৰৰ নিচিনাকৈ নহলেওঁ । প্ৰনয়,চুনামি ,জাহ্নৱী আটাইকেইজনৰো চকুৰ উচুপি দৃশ্য,মনে বৰ কষ্ট পাইছিল এইদিনা ,প্ৰতিজনে ইজনে সিজনৰ চিনস্বৰূপে কিছুমান গুৰুত্বপুৰ্ণ শৈলী বিনিময় কৰি লৈছিলো । ছাত্ৰ-ছাত্ৰীৰূপে পৰিধান কৰা সাজত সকলোৰে পিঠিত নিজৰ নিজৰ নাম লিখিলো ,কিছুসময়ৰ পিছত একেলগে কেন্টিনত বহিছিলো যোৱাবাৰৰ লগত সম্পৰ্ণ  বেলেগকৈ  অত দিনে ধেমালী কৰি ভালপোৱা নিলম সেইদিনাখন শান্ত হৈ পৰিছিল ,নিলমে কৈছিল উচুপি উচুপি

:- তহঁতি মোক বেয়া নাপাবি ,আমি চকু-সলসলীয়াকৈ চাইছিলো ,নিশান্তকৈ ,নিলমৰ উচুপিত চুনামিয়ে কৈছিল ।

:- বন্ধুত্বত কোনো চৰি শব্দ নাই । সেই ছেগতে সকলোৰে মাজত আবেগিক ছবি আতৰাবলৈ হাস্যকৰক আকৌ মাতি কব লগীয়া হল

:- তহঁতি কিন্তু বিয়া পাতিলে ,আমাক মনত নপৰাকৈ নাথাকিবি ।মই কিন্তু চবৰে বিয়া খাব পাম বুলি আশা থাকিল । অচিনে মোৰ কথাত কৈছিল।

:- মই কিন্তু এতিয়াইৱকয় থলো মোৰ বিয়া বহুত দেৰি হব ,মই জনামতে প্ৰনয় আৰু চুনামিৰ বিয়াখন সোনকালেই হব কিজানি? অ পিছে বিনোদ,জাহ্নৱী আৰু নিলমক কৈছো সময়মতে জীৱন সংগী বিচাৰি বিয়াখন পাতিবি দেই,,বাটত ধুনীয়া ছোৱালী দেখি কেচু নহবা দেই । দিনৰ বাৰ ঘন্টা কেনেকৈ পাৰ হল গমকেই নাপালো।বিদায়ৰ বেলাত ,খান্দি খান্দি আহিলো । বেচেৰী সিফালে নিবেদিতাওঁ মোৰ ফালে চাই চকুলো টুপিছিল ,মই চাইয়ো নোচোৱাৰ ভাওঁ ধৰি আতঁৰি আহিছো কাৰণ মনটোক প্ৰেমৰ সাগৰ হবলৈ দিব নিবিচাৰো  । যিকিনহওঁক বিদায়ৰ বেলাত তাইক কবলৈ একো ভাষা নোপোৱা  হৈছিল  ,আৰুনো কি কম মাত্ৰ এটাই কলো "নিবেদিতা ভালকৈ পঢ়িবা দেই "।তাই চকু থিৰ কৰি মোলৈয়ে চাই আছিল তাই খান্দিছিল ,বিউতীয়ো সহভাগী হৈছিল তাইৰ সতে । বিদায়ৰ বেলাত মহাবিদ্যালয়খনক শেষবাৰৰ বাবে সেৱা কৰি বিদায় মাগিলো "শেষত সকলোৱে হাতযোগ কৰি কলো "বন্ধুহঁত আমি এক, যেতিয়াই বিপদত পৰিবা তেতিয়া  তোমাৰ সেই বন্ধুক মনত পেলাবা "।

Post a Comment

0 Comments