Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,খণ্ড-ওঠৰ,কাৰ্চাং তাকাৰ

 

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,১৮
হৃদয়ৰ বাগিছাৰে সুবাসী তুমি


আজি বাৰ জানুৱাৰী  ,প্ৰায় আজি পাচঁ বছৰেই হল।তেনেক্ষণত মই বন্ধুকেইজনক বৰকৈ মনত পৰিছোঁহি ,মই আজি পেটে পেটে হাহিঁছো কলেজৰ সিটো দিনৰ ধেমালীৰ দিনবোৰ ,এলবামত থকা গ্ৰুপফটোবোৰকো, নিলমে কিযে ধেমালী নকৰা নাছিল নহয় । কিবা এটা মুল্যৱান সম্পদ  এৰি থৈ অহাৰ দৰে লাগিল ,সেইদিনৰ কথাবোৰ মনত পৰে অতীতৰ সেই স্মৃতিৰ কথাখিনি । আজি পাচবছৰৰ পিছত নিলম আৰু প্ৰনয়ক লগ পাম ,বৰ্তমান মই জনাত লখিমপুৰ চহৰৰ এজন খ্যাতনাম ব্যৱসায়ীৰ ভিতৰত  নিলমো এজন  ।  ইফালে প্ৰনয় আমাৰ লখিমপুৰ জিলাৰ বেংকৰ মেনেজাৰ হিচাপে কৰ্মচাৰী ,আজি মই নিজকেই গৌৰৱ অনুভৱ কৰিছো ,সিহঁত একো একোজন প্ৰতিষ্টিত ব্যক্তি মই কেতিয়াবা কওঁ সিহঁতৰ বিষয়ে  গাৱঁৰ মানুহৰ আগত।

ঘৰৰ পদুলিতে ৰঙা গাড়ী এখন অহা দেখিছো ,হৰ্ণো বজাইছে বোধ কৰিছো নিশ্চয় সিহঁত আহিছে ।  তথাতয়াকৈ গেটৰ ওচৰলৈ দৌৰি গৈ গেটখন খুলি দিলোহি সম্পুৰ্ণ বেলেগ ৰূপত অৱশ্যে এতিয়াওঁ নিলমৰ চেহেৰা আগৰ দৰেই হৈ আছে কিন্তু প্ৰনয় সম্পুৰ্ণ বেলেগ পেটখন আগলৈ আহিছে বৰ্তমান সি তিনিবছৰীয়া ছোৱালী  সন্তানৰ বাপেক ,প্ৰনয়ৰ আগতে কলেজীয়া দিনৰ চিক্সপেকৰ সলনি  ফেমিলীফেক । মোৰ আজি আনন্দৰ সীমা নাই কাৰণ মোৰ বন্ধুদুজন আহিছে সিহঁত দুজন অহা দেখি মোৰ মানুহজনী পাকঘৰৰ সকলো কামবোৰ এৰি আহিছে আৰু কয়,

:- আপোনালোকে আমাৰ ইয়ালৈ আহি থাকোতে বাটত অসুবিধা পোৱা নাইটো,কি কবা আৰু নতুনকৈ ৰাস্তা বনাইছেহে ?

:- নাই ! নাই! আপুনি জানেনে আমাৰ সেই ছোৱালীজনী সুধিয়ে আহিছে,দেউতা দেউতা নিয়ৰ খুৰাহতঁৰ ঘৰলৈ আৰু কিমান দূৰ আছেহি ? সেইবুলি প্ৰনয়ে কলে । হাতত বেগবোৰ দেখি সুধিলো তহঁতদুজন বহুতদিন থাকি আহিবাগৈ নেকি ? থাকা ,নিলমকো দেখুওৱা প্ৰনয় তোমাৰ গাওঁখনক ।এনেতে পাকঘৰৰ পৰা মানুহজনী কাপত চাহঁ লৈ আহি কলে ,সেইয়া লওঁক ,পিছে আপোনাৰ ছোৱালীজনী একদম মাকলৈ গৈছে দেই,সেইষাৰ কথা শুনি  প্ৰনয় অলপ অশ্ৰান্ত হৈছে,মই তেওঁৰ অশ্ৰান্ত হোৱা দেখি অনুজৰ মাকক কলোহি ,হেৰি এতিয়া তুমি সেইবোৰ কব নালাগে ? ভাতৰ ব্যৱস্থা কৰাগৈ । তেনে কওঁতে নিলমে চিঞৰিল

 :-অ পিছে আমাৰ প্ৰপেছাৰ নিয়ৰৰ কাৰণেওঁ ভাতৰ ব্যৱস্থা কৰিব । 

:- সেই নাই ! মই পিছতেহে ,সেইবুলি কোৱাৰ পৰত প্ৰনয়ে কলে ।

:- তুমি এতিয়াই কোৱা ! বাটত খাবলৈ নাপাবা ,প্ৰনয়ৰ কথা বুজি পাইছো মানে মোকো গাৱলৈ লৈ যাব বিছাৰিচে ।মই জানো সিহঁতদুজন মানি নলব তথাপিয়ো কলো;

:- সেই নাই নাই! মই যাব নোৱাৰিম কলেজত প্ৰিন্সিফালৰ ষ্ট্ৰিক যিয়ে ৰঙা চকু দেখুৱাই ?ইফালে ঘৰত  অনুজ আৰু মাকেহে থাকিব  বৰ অকলশৰীয়া হব ।মোৰ প্ৰতিত্তোৰত নিলমে কলে 

:- তুমি চিন্তা নকৰিবাচোন ? দুদিনৰ কাৰণে যাব নোৱাৰিবানে । পাৰিব পাৰিব সকলে থাকিব সিহঁত ।

:- আপুনি যাওঁক ইমান জুৰ কৰিছে যেতিয়া ,মাত্ৰ দুদিনহে ! কিন্তু  আপোনালোকে আমাৰ ইয়াতো দুদিনমান থাকিব লাগিব ,পিছে আপোনাৰ ছোৱালীজনীৰ নাম নকলা যে দাদা?

:-অওঁ সুপ্ৰিয়া! অহা জানুৱাৰীত তাই চাৰিবছৰ হব  সেইবাৰ তহঁতি নহাকে নাথাকিবা সুপ্ৰিয়াৰ  জনমদিনত আৰু ইফালে সুপ্ৰিয়াৰ মাকৰ  মৃত্যু বাৰ্ষিকো আছে ।হাহিঁ হাহিঁ কলে ।

:- অ পিছে অনুজক এতিয়া নজগাবা,সি মোক যাব নিদিব আৰু এটা কথা বেগত দুটামান কাপোৰ ভৰাই দিবাছোন ।মই এইবুলি অনুজৰ মাক কলোহি । সময় প্ৰায় দহ বাজিছে ,দহ বজা দেখি নিলমে কলে,

:- ঐ দহ বাজিল! সোনকাল কৰ নহলে তাত ৰাতিহে পামগৈ !

:- উম বাৰু ॥


সিহঁত দুজনৰ অণুৰুধ ৰক্ষা কৰি উলালোহি । বৰ চিন্তাত পৰিছো থাকিব পাৰিবনে ? নাই তাইৰ কথা কোৱা নাই অনুজৰ কথাকেহে কৈছে ; কিহৰনো চিন্তা মা দেউতা আছেই নহয় লগত নিচুকাবলৈ ।গাড়ীত উঠিলো ,প্ৰনয়ৰ জীয়েক  সুপ্ৰিয়া আৰু মই পিছফালৰ বহা চিটত বহিছো আগফালে নিলমে বহি চলাইছে কাষত প্ৰনয় ।

গাড়ীৰ ভিতৰত এটি ধুনীয়া গীত বাজিছে ,গীতটি শুনাৰ লগে লগে কলেজৰ সিটো দিনলৈ বৰকৈ মনত পৰিছে ! মাজে মাজে নিলমে কৈছে 

:- ঐ নিয়ৰ মনত পৰিছেনে নাই! আমি যেতিয়া ডেপাৰ্টমেন্ট পিকনিক গৈছিলো আৰু পিকনিকৰ পৰা ঘুৰি আহোতে সেইটো গানটোৰ লগত দিনমনি চাৰৰ লগত আমি চুনামি,অচিন আমি আটাইকেইটাই নাছিচিলো নহয়! তোৰ মনত আছেনে নাই?

:- তুমিয়ো যে কোৱা নহয়,কিয় মনত নপৰিব,বৰকৈ মনত পৰে ইটো দিনবোৰ কলেজৰ কেন্টিনত বহি আড্ডাবোৰ ,ৰাতি ৰাতি চুনামি ছোৱালী হোষ্টেলত চাওমিন যে দিছিলো ,ৱাৰ্ডেনৰ পৰা খেদা খাইছিলো । সেইবোৰোতো মনত আছে আৰু বহুতো । 

কথাবোৰ শুনি প্ৰনয় শান্ত হৈছিল ,গাড়ীত বাজি যোৱা গানটো বন্ধ কৰিছিল সি। শুকুলা আকাশখন যেন কলা ডাৱৰে আৱৰাদি সেমেকিছে যেন পৃথিৱীলৈ বৰষুণ হৈ নামিছে ,প্ৰনয়ৰ চকু হাল যেন ঠিক তেনেদৰেই লাগিল । তেওঁৰ শান্তত আমিয়ো নিৰৱ হৈছিলো ,আমি বুজি পাইছো প্ৰনয়ৰ বিষাদবোৰ আমিয়েই যদি বুজি নাপায় তেতিয়াহলেনো আৰু কোনে বুজিব । আচলতে ,যোৱা পাচবছৰ আগৰে কথা আমি যেতিয়া মহাবিদ্যালয়ৰ শিক্ষাবৰ্ষ শেষ কৰি নিজৰ নিজৰ পৰৱৰ্তী সময়লৈ ঢাপলি মেলিছিলো যদিয়ো আমি আটাইকেইটাই মিলিত নাছিল কাৰণ এজনে ঘৰত আন বাকীবোৰ কৰবাৰ বিশ্ববিদ্যালয়ত ,ঠাইভেদে বেলেগ হৈছিল কিন্তু প্ৰনয় আৰু চুনামি বিশ্চেদ হোৱা নাছিল । মহাবিদ্যালয়ৰ বিদায়ৰ বেলাত বৰ দুখিত হৈছিল প্ৰনয় ,কাৰণ চুনামিৰ অবিহনে জীয়াই থকাটো সি অসম্ভৱ অনুভৱ কৰিছে  ।নাই একো পোৱা নাছিল দুদিনৰ পিছতো ,তেতিয়া দেওবাৰ আছিল  হাতত কোনো কাম নাছিল চুনামিৰো মাজে মাজে ফোন কৰিছিল প্ৰনয় কিন্তু কোনো এখন কামত ব্যস্ত হৈ থকাৰ বাবে তাইৰ ফোনৰ উত্তৰ দিয়াত বাধাৰ সৃষ্টি হৈছিল ।

_ _ _প্ৰায় দুদিনৰ পিছত প্ৰনয়ে চুনামিলৈয়ো  ফোন কৰিছে ,তাইৰ ফোন ৰিচিবো কৰিছে তেনেস্থলত কলে প্ৰনয়ে চুনামিক ,কোমলকৈ

:- চুনু কি কৰি আছা ? বেয়া পালা নেকি ! ফোনটো ৰিছিব নকৰাৰ ভাৱে ,গুৰুত্বপূৰ্ণ কামৰ বাবে ৰিচিব কৰিব নোৱাৰিলো ।

:- কি আছিলে ? কোৱানা! মই গম পাইছোৱে সেইকাৰণেইটো তুমি ৰিচিব কৰিব পৰা নাই বুলি ! (অলপ ৰৈ ভাৱি কলে)...কি কাম আছিলে কোৱাছোন ?সেইবুলি চুনামিয়ে কলে ,তাইৰ উত্তৰত,

:- মই এতিয়া নকওঁ ,অনিমা ৰেষ্টুৰেন্টলৈ আহা ,আবেলি তিনি বজাত ।

 তাই ভাৱে ৱাহ: অতদিনে ৰেষ্টুৰেন্টলৈ গৈ নোপোৱাজনে আজি মাতিছে ,কিবা এটা নিশ্চয় লুকাই আছে । কাৰণ তাইৰ মনত আছে সিযে প্ৰনয়ে কৈছিল "সি যেতিয়ালৈকে নিজৰ ভৰিৰ ওপৰত থিয় নহয় তেতিয়ালৈকে সেইবিলাকত নোহোঁমাওঁ সেয়ে তাই ভাৱিছে এনেকৈ ।

চুনামিৰ মন আহুকাল হৈছিল,বাৰেপতি ফোনত সুধিব বিচাৰিছিল কাৰনটোনো কি? কিন্তু সিযে কয় যে থৈছে চাৰপ্ৰাইজবুলি ।কিন্তু সেইটো কথাৰ প্ৰতি জানিবৰ বাবে চুনামিয়ে বৰ ইচ্ছা প্ৰকাশ কৰিছিল । সেয়ে তাই আবেলি ৰং আৰু ঘড়ীৰ কাটাডালকেই চাই আছিল তিনি বাজিবনো  কেতিয়া কোনো ঠাইতেই নিৰ্দিষ্টকৈ বহিবৰ মন নোযোৱা হৈছিল । ঘড়ীয়ে ঘন্টাডালৰ দুই বাজি হোৱা জাননী দিছে সেয়ে তাই সাজি-কাচি উলাইছে । আৰু তাই এনেকৈ ঠিক প্ৰনয়ে কোৱাৰ দৰে তিনি বজাত আহি পাইছে প্ৰনয়ে কোৱা ৰেষ্টুৰেন্টত । প্ৰনয়ৰ মন যেন পাতল পাতল অনুভৱ কৰিছে ,চুনামিয়ে আহিয়েই হাহিমুখীয়াকৈ কৈছে

:- কোৱাচোন ? 

:- কি খাবা কোৱা !আনন্দত মতলীয়া হয় প্ৰনয়ে কৈছে এনেকৈ .....মই বেংকত চাকৰি পালো মাহেকত  ষাঠি হাজাৰ  ! মাহটো চলিবনে বাৰু । তাই উৎফুল্লিত ভাৱে কৈছে সাৱটি ধৰিছে অথচ কোনো কুন্ঠাবোধ নকৰাকৈ আনে দেখাকৈ চুমা খাইছে   ।অলপ সময়ৰ পিছত 

:- ঐ শুনাছোন ঘৰত দাদা আৰু বৌক কৈছোহি তোমাৰ কথা ,তুমিটো জানাই মোৰ আপোন  বুলিবলৈ কেৱল দাদা আৰু  বৌ ,দাদাই কয় কেতিয়াবা  মা আৰু দেউতা পথৰ দুৰ্ঘটনাত পথিত হৈ মৃত্যু হৈছে বুলি । তাইৰ চকু ভিজিছিল তাইৰ ৰোষত পৰি তাইৰ চকুহালৰ পানী মচি কয়,

:- কিয় ? মই কি তোমাৰ আপোন নহয়নে ? 

দাদা বৌক কলা যেতিয়া ভালেই কৰিলা পিছে মই বিয়া পাতিম জানো? ধেমালীত কলে এনেকৈ চুনামিক । চুনামিয়ে প্ৰনয়ৰ বুকুত হাতৰ মুঠিৰে ঢুকডুকাই কলে,

:- কি  কলি? আকৌ কোৱাছোন ,

:- বাৰু এতিয়া চিৰিয়াচকৈ কৈছো তুমি মোৰ লগত বিয়া হবানে ? তুমি যদি কোৱা অহা সপ্তাহত বিয়া পাতিম । কালি বেংকৰ মানুহজনে কলে যে কাইলৈৰ পৰা জইন কৰিব কৈছে ।

:- মানে কাইলৈ জইন কৰিবা আৰু অহা সপ্তাহত সংসাৰৰ মায়াত ,মই তোমাৰ সন্তানৰ মাক হম । বোধকৰো এখন চিনেমা হলেহেতেন নিশ্চয় ৰোমান্টিক গান বাজিলে হয় ।  সেইদৰে বিয়াৰ প্ৰস্তাৱ দুয়োজনৰ মাজত এতিয়া মাথো দুয়ো বিয়ালৈ অপেক্ষাৰত । ইফালে প্ৰনয় পিতাই দেওবৰ বৰ চিন্তিত ,প্ৰনয়ে চাকৰি পালেনে নাই একো গমকেই পোৱা নাই অৱশ্যে আনৰ মুখে মুখে শুনিছে বৰ্তমান সি বেংকৰ কৰ্মচাৰী বুলি ।চাকৰি পাইছে বুলি শেৱালীৰো আনন্দ ,কিন্তু তাই দেখা সপোনবোৰ জানো সাৰ্থক হব ।

     আৰু এই সপ্তাতেই প্ৰনয় আৰু চুনামি মন্দিৰত গৈ পাতিলে ,আশীৰ্ৱাদ দিবলৈ চুনামিৰ দাদা বৌয়েকেওঁ আছে লগতে ,আচলতে চুনামিৰ দাদা বৌয়েকৰো মন আছিল চুনামিৰ ধুমধামকৈ বিয়া পাতি ঘৰৰ পৰা উলিয়াই দিবলৈ কিন্তু উপায় নাই আধা অংশক টকা চুনামিৰ পঢ়াতেই গল সেয়ে চুনামিয়ে থাকে ভাৱি মন্দিৰতেই বিয়া পাতিব লগা হল । চুনামিৰ দাদায়েকে হৃদয় কোমল কৰি আকুলতাৰে কয়,

:- ভন্টি অ! মোক ক্ষমা কৰি দিয়া মই তোমাক আনে বিয়া পতাৰ দৰে উখল -মাখলকৈ পাতি ঘৰৰ পৰা উলিয়াব নোৱাৰিলো ।তাই কান্দি কান্দি কয়

:- আপুনি মোক কিয় তেনেকৈ কৈছ,আপোনালোক মোৰ আই-পিতাইৰ দৰে ।


আৰু সেই বিয়াই দুখন ঘৰত বিবাদৰ ৰং তুলিলে ,সময়ৰ পৰিপ্ৰেক্ষিতত কান বগৰা কথাই প্ৰনয়ৰ আই-পিতাইৰ কাণত পৰিল। দেওবৰৰ অশ্ৰুত হিমনা কতদিন সপোন দেখিছিল প্ৰনয়ৰ বাবে আৰু আজি ফলকতেই জাহঁ গল ,দেওবৰে বিশ্বাস কৰিব পৰা নাই প্ৰনয়ে যে চহৰৰ ছোৱালী এজনীক বিয়া পাতিব পাৰে বুলি।গাৱঁত ওলা-সোমোৱাটোৱেই বৰ বিৰক্তকৰৰ ,গাওঁ সমাজে আজি দেওবৰৰ পৰিয়ালক মুখ বৰ্বৰ কৰিছে ,গাওঁৰ তিৰোতাই মুখে মুখে কয়  এই বৃদ্ধ বয়সত জানো লাজ লাগিব পাৰে দেওবৰ আৰু নিৰলাৰ । এনে মাজ বাটৰ মাজতে দেওবৰৰ পৰিয়ালে যাব নোৱাৰে মানুহে কয়,এদিন দেওবৰে খেতি চপাই আহিছে এনেতে বাটত দুই-তিনিজনী তিৰোতাৰ আৰু মুখ বেঙী কৰি ফুচফুচাই কোৱা শুনে ,ঐ ঐ চোৱা ? কোন গৈছে ! নাই আমি এইকাৰণে আমাৰ লৰা-ছোৱালীক চহৰত পঢ়িবলে নপঠিয়াওঁ,..এতিয়া পালা নহয় ফল,লৰাটো যেনিবা চাকৰি পালেই কি ঠিকনা এতিয়াবা চাকৰিৰ টকা দিয়ে বা নিদিয়ে এতিয়া চব বোৱাৰিৰে হব ।

দেওবৰ  তলমুৰ কৰি গৈছে শান্ত হৈ আৰুনো কি উপায় আছে ,প্ৰতিত্তোৰ দিবলৈ একো ভাষাওঁ নাই । কোনো ৰকমে থৰক -বৰক কৰি গৈছে শেৱালীৰ ভয়নুভাৱ মামাই আকৌ সেইটো চিন্তা কৰিয়েই আৰ্ট এতেকত নুঢুকালেই হল সেয়ে সন্ধিয়া হলেই দেওবৰ মোমায়েকৰ ঘৰত মাত এষাৰ দি আহিব যায় ,বাহিৰৰ পৰা চিঞৰে ,

:- অ মোমাই ! দেওবৰে শেৱালীৰ মাত শুনি দুখ মচি ভিতৰৰ পৰা চিঞৰে আৰু তাই সোমাই আহে ।

:- অ শেৱালী আহাঁ ,তোমাৰেই  কথাকেই পাতি আছিলো ।

:- কি কথানো মামী ! ( একো নোকোৱাৰ বাবে অলপ সময় ৰৈ আকৌ কয়) অ মামী  তোমাৰ বোৱাৰীয়েকক কেতিয়াকে লৈ আহিব ঘৰলৈ ,মোৰ খুউব চাবলৈ মন গৈছে । শেৱালীৰ কথাত নিৰলাই কয়,

:- শেৱালী !! তোৰ অকনমানো বেয়া লগা নাইনে ?কথাষাৰ শুনি অলপ  সেমেকিছে চকু ।তাইক আকৌ কৈছে দেওবৰে

:- আমাৰ কিমান সপোন আছিল জানানে ? তোৰ মামীয়েক আৰু মই তোমাৰ মাৰাক কথাটো কম বুলি ভাৱিছিলোহে ,...আমি ৰৈ আছিলো প্ৰনয়ৰ বাবে ,প্ৰনয় চাকৰি কৰি লওঁক তাৰ পিছত বিয়া পাতি দিম তোমাৰ লগত  । কিন্তু সি যে এনেকৈ কৰিব বুলি ভৱা নাছিলো ।

:- এনেকুৱা খংঙ উঠিছে কিবা এটাকেই কৰি পেলাম বাপেকক চিনি পোৱা নাই ।সেইবুলি দেওবৰে কলে। তেওঁলোকৰ কথাত শেৱালীয়ে কয়,

:- মামা ,সেইবোৰ নকৰিবি .......তাই অলপ সময় ৰৈ  কয়. বৰ উচুপনিৰে উকউকাই...মইটো ৰৈয়েই আছিলো সেইটো দিনৰ বাবে। শেৱালী যতি চিহ্ন লগাই কোৱাৰ দৰে কৈছে ।

:-  সি ঘুৰি আহিব ,সি মোৰ বছৰৰ বাবে বাট চাবলৈ কৈছে সেয়ে আজিয়ো বাট চাইয়ে আছো । কথাষাৰ শুনি নিৰলা আচৰিত হয় কয়

:- তাৰ পিছতো আজিয়ো ,আমাক কিয় নকলা সিটো কথা  সিদিনাই আহিছিল,মই বেয়া পাইছো তোক শেৱালী।

:- আচলতে মামী কি কম আপোনালোকক ,কথাবোৰ বহুত আছে খুলি কবলৈয়েই উপযুক্ত সময় আৰু মানুহ পোৱা নাই,আপোনালোকেই জানেই মা'ৰ কথা মা দুখবোৰ সহিব  নোৱাৰে।  গাৱৰ মানুহে মোক খেৰা চকুৰে চায়, অন্ধবিশ্বাসত পৰি সমাজে ৰঙা চকুৰে চায়। ইফালে মই কাম কৰা ছোৱালী বেলেগৰ ঘৰত ,মানুহে মোক চালেই বেয়া ভাৱ লয় সেয়ে সিহঁতে কয় মোক আমাৰ আগত তুমি নোলাবাছোন ,,আমাৰ লৰা-ছোৱালীয়ে দেখিলে তোৰ পৰা শিকিব । মোৰ কি ভুল আছিল , বেলেগৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থকাৰ কাৰণেই নেকি , মইয়োটো সুখত থাকিব বিচাৰো , মইয়ে জানো ঘৰখনক কেন‍েকৈ চলাই আছো,,মাজে মাজে দুই-তিনিজন অভদ্ৰ লৰাই আমাৰ ঘৰৰ চৌপাশে ঘুৰি থাকে ,আৰু সেই ঘুৰি থকা দেখি মানুহে মোক কয়, থু-পেলায় চৰিত্ৰহীন বুলি।মানুহে কয় প্ৰনয় আৰু মোৰ মাজৰ সম্পৰ্ক বেয়াকৈ । ৰাস্তাত অকলে অকলে যাব নোৱাৰে মানুহে  অসভ্য আচৰণ কৰে আৰু লাহে লাহে সমাজে মোক এঘৰীয়া কৰিলে ,এঘৰীয়া কৰিছে বুলি আপোনালোকে জানে কিন্তু কিয় কৰিছে সেইটো নাজানে... কাৰণ! সেইটোৱে। দেওবৰ আৰু নিৰলা শান্ত,কান্দিব পৰা হলে কান্দিলেহেতন চাগে ।তাৰ পিছতো কান্দি  কৈছে শেৱালীয়ে ।

:- মই যদি প্ৰনয়ৰ লগত বিয়া হলেহেতেন মোৰ লগতে আপোনাৰ পৰিয়ালো এঘৰীয়া হলেহেতেন সেয়েহে মই বিয়াৰ পৰা অমান্তি হলোহি আৰু এনেওঁ প্ৰনয় চহৰত গৈ সলনি হল ,মোকটো পাহৰিলেই।


:- নাই আমি এইবোৰ মানি লোৱা নাছিলো সেয়ে বাৰম্ভাৰে তোমাৰ লগত বিয়া পতাৰ মন মেলি দিছিলো,সমাজে যি ভাৱক নাভাৱক । 


আৰু ইফালে  প্ৰনয় বিয়া পাতিয়েই ঘৰলৈ যাব বিচাৰিছিল,কিন্তু ঘৰত নিৰলাৰ বাহিৰে দেওবৰ ঘৰত মানি লোৱা নাছিল সেয়ে মাকৰ কোৱামতে ঘৰলৈ আহিব খোজা নাছিল,কাৰণ দেওবৰে প্ৰনয়ৰ ভাৱে সপোন দেখিছিল  আৰু সেই সপোন  পুৰণ কৰাত প্ৰনয়  যোগ দিয়া নাছিল ।

            কালক্ৰমত তিথাপি লৈছিল চহৰত যদিয়ো প্ৰনয়ৰ মন বিৰক্তৰৰ ইমানো সুখী হোৱা নাই । আৰু চাওঁতে চাওঁতে ডেৰবছৰেই হল ,চুনামি সন্তসত্বা । সেইকেইদিন খুউব প্ৰনয়ৰ মৰম বেছিকৈয়ে জাগিছে  ,কাৰণ সিহঁতৰ মাজলৈ আলহী হয়তো দুদিনৰ পিছতেই আহিব  আনন্দতো হবই প্ৰনয়ৰ ।সিটো বেংকলৈ যাবলৈয়েই মন যোৱা নাই তেনেক্ষণত ,চুনামিয়ে কয় 

:- আজি নোযোৱা নেকি ? বেংকলৈ,মৰমৰ সুৰত

:-  নাই আজি নাযাওঁ ,অলপ মৰম কৰি লওঁ তোমাক হয়টো দুদিনৰ পিছত পাওঁনে নাপাওঁ । মৰম  সাগৰত ডুবিব মৰমৰ বেলিটি আজি নুডুবে ,হাতৰ  এটি-দুটিকৈ তাইৰ হাত চুইছে মুখে মুখে মুখ চুব,দুগালে চুমা আকেঁ ।তেনেক্ষণত  আকৌ কয় প্ৰনয়ে,

:- বাৰু কোৱাছোন লৰাহলে কি নাম দিবা আৰু ছোৱালী হলে ,

:- ছোৱালী হলে সুপ্ৰিয়া,আৰু লৰাহলে পিয়ুস । 


নমাহৰ পিছত । এটি ভাল লগা দিন আহি পৰিছে,কাৰণ হয়টো কিছুসময়ৰ পিছতেই সিহঁতলৈ আলহী আহিব ,আনন্দটো লাগিবই ,প্ৰনয়ে কেচুৱাটোৰ বাবে পাউদাৰ,কেচুৱা আঠুৱা আদিয়ো যোগাৰ কৰিছে । অপাৰেশ্বন  থিয়েটাৰত চিকিৎসক সকলে কাম কৰিছে ,প্ৰনয়ৰ বহুত চিন্তিত ,কোনোবা এখন চুকত মৌনভাৱে থিয় হৈ  ভগৱানক প্ৰাৰ্থনা কৰিছে যাতে মাকৰ লগতে সন্তানকো কুশলে যাতে হৈ যায় তাৰেই কামনা। ভিতৰি ভাল লগা সপোনো দেখিছে মোক পাপা বুলি মাতিব আৰু চুনামিক মম বুলি ,হয়টো কিছু দিনৰ পাছত প্ৰাণৰ পৰা লৰাৰ বাপেক আৰু মই ছোৱালী জনীৰ মায়েক বুলি মাতিম । মাজে হাহিঁছেওঁ ,খবৰটো শুনি চুনামিৰ দাদা আৰু বৌয়েকেওঁ দৌৰি আহিছে সিহঁত দুজনৰো মন উৎফুল্লিত চুনামিৰ সন্তানৰে যে মামা-মামীয়েক হব ,আহিবলগীয়া সন্তানৰ বাবে কিছু বস্তুওঁ আনি দিছে । অপাৰেচন থিয়টাৰৰ সমুখত  সকলো বাট চাই আছে সন্তান আৰু চুনামিলৈ । অপাৰেশ্বন কোঠাটোৰ পৰা  ডাক্তৰে ইটো কেবিনৰ পৰা ইটোলৈ বগৰিছে কি বা হৈছে নহয়ছে একো গম পাব পৰা নাই ,অলপ চিন্তিত হোৱাত বাধ্যত পৰিছে।বাটৰ মুখলৈ চাই শান্তভাৱে কোনো অঘাত বিচাৰ নাই ,অৱশেষত অপাৰেশ্বন থিয়েটাৰৰ পৰা ডাক্তৰ কেইজনে ওলালহি ,নাজানো এতিয়া কেনেকৈ কব এই কথাটি ,তথাপিয়ো ডাক্তৰে নিজৰ কাম কৰিবলগীয়াতো কৰিছেহি থাকিবনে নাথাকিব সেইবোৰ চব ভগৱানৰ ওপৰত ।দোৱাৰ খন খুলা দেখি প্ৰনয় আৰু দাদা-বৌয়েকে ডাক্তৰৰ কাষ চাপিছে ,ডাক্তৰজনে বুকুত সাহস বান্ধি কব পৰা নাই ,আনকি প্ৰনয়ৰ চকুলৈয়ো চাব পৰা নাই ,কেনেকৈ কব এই কথাটি । প্ৰনয়ে জানিব বিচাৰিছে কি হৈছে নহয়ছে ,ডাক্তৰ জনৰ ওচৰলৈ গৈ আকৌ  সুধিছে 

:- চাৰ কি হল একো নকলা যে ! তাই থিকেই আছেনে ? ডাক্তৰ জনে সাহস বান্ধি কলে,

:- আই এম ছৰি ,মাক জনীক বচাব নোৱাৰিলো ? কথাষাৰ শুনাৰ লগে হতাশা হৈ প্ৰনয় ভাগৰি পৰিল আৰু চিঞৰি কান্দে কান্দে? কোন কেতিয়া কেনেকৈ পৰলোক হয় কোনেও নাজানে বিধিৰ বাহিৰে ,দাদা বৌয়েকওঁ হয়টো চিঞৰি কান্দিব পাৰিলে হয় কিন্তু দাদা-বৌয়েকেই যদি চকু উচুপিত হয় তেতিয়াহলে প্ৰনয়ক কোনে সান্তনা দিব,কোনে নিনাব ,সেয়ে মচি মচি কয় ,প্ৰনয় নিজকে চম্ভালাচোন ?চুনামি হয়তো কোনো দিনেই নাহে ,এবাৰ যোৱাৰ পাছত তাহানিওঁ অহাৰ কথা নাই । চুনামিৰ মৰাশটোৰ ওচৰত গৈ  কান্দি কান্দি কয় ,

:- সেই চুনু ! চোৱা ,তুমি কিয় মোক এৰি থৈ গলাগৈ এতিয়া তোমাৰ অভিহনে কেনেকৈ থাকিম....(অলপ সময় ৰৈ আকৌ কয়)..এই চোৱা ছোৱালী হল  ! প্ৰনয়ে দেখা সপোনৰ আজি মিট্টিতেই মিলি গল কিমান যে সপোন দেখিছিল ,চুনামিয়ে কন্যাসন্তানক নিচুকনি গীত গাই বিচনাত শুৱাব  আহ! তুমি কিয় মোক এৰি থৈ গলা। প্ৰনয়ৰ এনে দৰধীত বৌয়েকে কয়,

:- প্ৰনয় অহ! তুমি এনেকৈ দুখ নকৰিবাচোন ,তোমাৰ দুখবোৰ বুজিছো ? কোনে জানে তাই যে এদিন এনেকৈ এৰি থৈ যাব ।এতিয়া ভাৱা সন্তানক কেনেকৈ ডাঙৰ কৰিবা ।

আৰু পিছদিনা চুনামিৰ মৰাশটো প্ৰতিকাৰ কৰে । আজিৰে পৰা প্ৰনয়ে চিনাকি মুখ খনিক হয়তো কাহানিওঁ আৰু নেদেখে ,চুনামি এতিয়া হৃদয়ৰ বাহিৰে এতিয়াৰ পৰা কেৱল ফটোফ্ৰেমতেই থাকিব চিৰদিনলৈ ॥


তেনে বৰষুণ অৱস্থা দেখি মাজতে নিলমে মাত দিলেহি ,

:- ঐ কি অবাকত ভুৰ গৈছা ! আৰু কিমান দুৰ যাব লাগিব । ককাল বিষাই গৈছে অ নিয়ৰ আহাচোন গাড়ীটো চলাচোন মই এতিয়া অলপ সুপ্ৰিয়াৰ লগত বহি গান শুনি যাম । নিলমে তেনে কোৱাত আগত বহি যাত্ৰা আৰম্ভ কৰিলো ,সমুখত ওখ ওখ ঘৰ দেখিছো,সকলো পকা ৰাস্তা দেখিছো তেনেই সময়ৰ মাজতেই প্ৰনয়ে কলে,

:- ঐ নিয়ৰ দেখিছা সৌ ,ঘৰ খন আগতে তাত হাবি আছিল আজি কালি চব ঘৰ হৈ গল তাত,কেতিয়াবা দেউতাই কৈছিল সেই হাবিখনত বাঘ ,সিংহ আদিয়ো পোৱা গৈছিল এতিয়া মানুহৰ সলনি তাত একো পোৱা নাযায় কিছু স্বাৰ্থপৰ মানুহে নিজৰ উৎকৃষ্ট সাধনৰ বাবে প্ৰাকৃতিৰ তেনে বন্যা নিচেই ধ্বংস কৰিছে সেয়ে লাহে লাহেকৈ চব আজি বিলুপ্তি হৈছে। তাৰ প্ৰতিত্তোৰত মই

:-  আচলতে আমি হেমাহি ! অৱশ্যে কামত ব্যস্ত হোৱাৰ বাবে সেইবোৰৰ প্ৰতি মাত মাতিব পৰা নাই,মই কেতিয়াবা সিহঁতক সুধিব খোজো তহঁতি মানুহ নে জন্তু ।

কথাৰ মাজতে প্ৰনয়ে কৈছিল আগফালে টাৰ্নিং এটা আছে সেই টাৰ্নিঙেদি সোমাই যাবলৈ কোৱাত সোমাই গলো ,ৱাহ কি পৰিৱেশ । সেউজীয়া সেউজীয়া,ঘৰৰ পদুলিবোৰত তামোল-জোপাঁৰে ভৰা ,আজিয়ো গাৱলীয়া আধুনিকতাৰ যুগ হৈয়ো কিছু পুৰণিবোৰ দেখিছো নদীত কেইটামান লৰাই খেলি আছে চুহা-চুই ,সিহঁতক দেখাৰ লগে লগে শৈশৱলৈ যেন বৰকৈ মনত পৰিল । বেলি পশ্চিমত ডুবিছিল সৰু ছোৱালী সেয়ে টোপনিত সুপ্ৰিয়াই নিলমৰ কোলাতেই শুই দিলে । আৰু এঘৰ মানৰ পিছতেই প্ৰনয়ৰ হতঁৰ ঘৰ পাবহি ,সি আজি বহুদিনৰ পিছতেহে আহিছেগৈ ,চুনামিৰ ঢুকোৱাৰে পৰা অকলশৰীয়া অনুভৱ কৰাৰ ভাৱে দেউতাকে ঘৰলৈ মাতি পঠিয়াইছে।হয়তো দেওবৰে প্ৰনয়ক আগৰ দৰেই মৰম কৰিব । বাহ ! জপনামুখত নিৰলাই অপেক্ষাতে আমি আহি পালেহি নেকি বুলি চকু পঠিয়াইছে,অৱশেষত আমি প্ৰনয়ৰ ঘৰ পালো ,সকলোৱে গাড়ীৰ পৰা নামি  ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলো ।

Post a Comment

0 Comments