খণ্ড-উনৈশ
সন্ধিয়াৰ সান্নিধ্যত পৰি জোন-তৰাই যেন নিশাক উত্ৰাৱল কৰি আমন্ত্ৰণ কৰিছে ,ইফালে পাকঘৰত মাক নিৰলাই সকলোৰ বাবে ভাতৰ যোগাৰ কৰিছেহি,তেনেক্ষণত পাকঘৰৰ পৰাই মাতিছে দেওবৰে
:- অ প্ৰনয় আহাহি ভাত হল ই ! তেনে কোৱাত প্ৰনয়ে নিয়ৰ নিলমৰ সতে সোমাইছে পাকঘৰলৈ ,ঘৰত সকলো কাম মাক নিৰলাই কৰি আছিল তেনেক্ষন্তৰ মাজত সি শেৱালীৰ শে..আখৰেৰে মাত দিছিল..
:- আপুনিয়ে কাম কৰি আছে যে...শেৱা..( সি ৰৈ দিছিল ইটো কোৱাৰ পিছত সি আকৌ লাহেকৈ বহি দিছিল )হয়তো বুজি পাইছে নিৰলাই কাৰ নাম ,লোৱাৰ পাহি মেলিছিল হয়তো,কথাষাৰ শুনি দেওবৰে কথাটি ৰেলৰ ছিৰিৰ দৰে আন এটা ছিৰিলৈ যেন ডাল খুৱাই কয়,
:- ভাত অলপ লাগিবনেকি ? নিয়ৰক ,প্ৰনয়ৰ মাক দিয়াছোন ! তেওঁৰ কথাৰ পিছত নিৰলাই কলে
:- নিয়ৰ লাজ নকৰিবি দেই নিজৰ ঘৰৰ নিচিনাকেই ভাৱিবি আৰু নিলম তোমাক জ্বোল অকণমান ! প্ৰনয়ৰ মাকে কোৱাত নিলমে কৈছিল,
:- নাই নাই নালাগে নেকি ? হব হব! পিছে আপোনাৰ নাতিনীয়েকৰ কাৰণে থৈছনে নাই ,তাই আকৌ মাজ ৰাতি টোপনি ভাঙি ভোকত ধৰে ,নিলমৰ কথাৰ মাজতে প্ৰনয়ে আকৌ কৈছিল,
:- অ মা এইটো কথা আপোনাক নকলোৱেই নহয় নিলমে নকলেহেতেন আজি ছাগৈ সুপ্ৰিয়াই মোক শুব নিদিলে হয় !
:- তুমি চিন্তা নকৰিবা ,তোমাৰ ছোৱালী তোৰ তাতেই গৈছ ,তুমিয়োটো মাজৰাতি শুই উঠি খাইছিলা কি যে দিগদাৰ কৰা নাছিলা নহয় ,সি বোলে কুকুৰা কণীৰ লগতেহেনো ভাত খায় । মাকৰ কথা সকলো হাহিঁ তৃপ্তী লৈ হাত ধুই বাহিৰৰ বহা চাঙলৈ যায় ক্ষন্তেক জিৰণি লবলৈ ।
ফৰকাল আকাশ আজিছোন আকাশ ধিয়াই তৰাই ধিমিক-ধামাককৈ নাছিব ধৰিছে ,শৰৎ ৰাতি তুপীয়া তৰাৰ মেলা জোনো নাই মাথো তৰা কেৱল তৰা। মাজে মাজে কয় প্ৰনয়ে সেই গাৱৰ শৈশৱতে পাৰ হোৱা ষ্মৃতিবোৰ,মই জানো শৈশৱৰ ষ্মৃতিবোৰ সকলোৰেই আপোন-পাহৰা কৃষ্ণচূড়াৰ তলতে লুকা-ভাকু খেলাবোৰ ।
:- মোৰ এতিয়াওঁ মনত আছে নিয়ৰ সেইখন বহা চাঙতেই আইয়ে ককাদেউতা নাতিলৰাৰ সাধুবোৰ শুনাইছিল ,আইৰ বাওঁ ভৰিত মই আৰু সোঁত শেৱালী । তেতিয়া হয়তো শৰৎ কি গ্ৰীষ্ম কি একোৱেই জনা নাছিলো মাত্ৰ মা'ৰ আসল পালেই যেন সকলো পৰিতৃপ্ত্য । বা বাহ! কি মধুৰ সময় আছিল তেতিয়া হয়তো নাজানিছিলো সূখ কি দূখ কি ? মাথো কেতিয়াবা কেতিয়াবা বিচৰা বস্তু নাপালে মাটিত বাগৰি বাগৰি কান্দিছিলো । সেইবুলি প্ৰনয়ে কোৱাৰ পৰত মইয়ো কৈছিলো
:- ওম সচাকৈ ,মোৰো হৈছিল মোৰ আইয়ে কিন্তু ৰামায়ণহে কেছিল ! ৰাম-ৰাৱণৰ কথাবোৰ ।এতিয়া অৱশ্যে মা আগৰ দৰে হৈ থকা নাই ,ঘৰত অৱশ্যে একমাত্ৰ লৰা হিচাপে বিচৰাটোকেই পাইছিলো বাৰু । পিছে নিলম তোমাৰ কোৱাছোন ?
:- নাই নাই মোৰ সেইবোৰ নাছিল ,বৰ্তমান যি স্থানত আছিল সব নিজৰ কৰ্মৰে । মই জন্ম হওঁতেই আই-পিতাইকে হেৰুৱাইছিলো ,অৱশেষত মোক দাদা আৰু বৌয়ে ডাঙৰ কৰিছিল ,অন্যৰ দৰে সূখ কি একোৱেই জনা নাছিলো বিচাৰি নোপোৱা বস্তু নাপালে বাগৰি বাগৰি কান্দিবলৈয়ো সময় পোৱা নাছিলো কাৰণ গৰু চৰাবলৈ যাবলগীয়া হৈছিলো নহলে নবৌয়ে ভাত যে নিদিয়ে ,কত কিমান মাৰ খাইছো তাৰ হিচাপেই নাই ভতিজাক পঢ়াবলৈ কত কিমানবাৰ বেলেগৰ ঘৰত হালোৱা হিচাপ থাকিছিলো তাৰো যে হিচাপ নাই ,আজি কেনেকৈ সেই অৱস্থাত পালোহি তাৰো যে কাহিনী আছে কেৱল মইয়ে জানো । বাৰু যিকি নহওঁক তুমি কিন্তু নকলা ? মই অবাক থিৰ হৈ নিলমলৈ চকু থোৱাই চালো আৰু কলো
:- মই আকৌ কি কোৱা নাই ?
:- নিবেদিতাৰ লগত আকৌ কেনেকৈ ? সংসাৰ ?নিলমে কৈছিল
:- অহটো ? তুমিটো তাইৰ আশা দেখোন হেৰিছিলাই ! কেনেকৈ আৰু পিছে বিয়াত !প্ৰনয়ে কোৱাত মই তেওঁৰ উত্তৰত কলো
:- বহুত দীঘল কাহিনী ?
:- চুটী কৰি কোৱাছোন ?মই কোৱাত নিলমে তেনেকৈ কৈছিল।
:- ৰ কয় আছো ইমান ব্যাকুল নহবাছোন ?পিছে মোৰ প্ৰেমৰ তাৎপৰ্যটো বুজি পাবা জানো ? মই সেইবুলি ধেমেলীয়াকৈ কোৱাত প্ৰনয়ে কৈছিল,
:- অহ! তোৰ সেই প্ৰেমৰ তাৎপৰ্যটো কোনেনো বুজি নাপায় সেই দিনৰ সমস্ত ডেপাৰ্টমেন্টেই চিনি পাইছিলে তোৰ প্ৰেমৰ কথাবোৰ । সি লৰাই কলেজত নিবেদিতাক দেখিলে মন উৰি যায় এনো ঘৰত গৈ পালেগে যেন একোৱেই যেন হোৱা নাই ,তোকে দেখিলো আৰু এটা কথাৰ বাবে তিনিবছৰ বাট চাব লগীয়া হলনে ? প্ৰনয়ৰ কথা কথাক্ষ কৰি নিলমে কলে
:- হব হব ! আৰু নুশুনো তোৰ লেকচাৰ সোণকালে কোৱা মোৰ কিন্তু টোপনি আহিছে ।
:- নাই নাই তই টোপনিয়াই থাকিলে মোৰ কথাটো কোনেনো শুনিব ? চকু দুটা পানীৰে দুই আহগৈ যাহঁ॥সেইবুলি নিলমক কলো ,
:- নিয়ৰ অহ! ধেমালী নকৰচোন? কোৱানা !! নিলমে এনেকৈ কোৱাত আৰু ৰৈ থাকিব নোৱাৰিলোঁ ,নাজানো ইমানকৈ কিহে পৰিল বা আনৰ প্ৰেমৰ কাহিনীবোৰ শুনিবলে । কাহিনীটো পাতনি মেলোতে মুখ মেলিয়েই শুনি আছিল প্ৰনয় আৰু নিলমে যেন এনেকুৱা অনুভৱ হল শুনিবলে যেন বৰ ইচ্ছা প্ৰকাশ কৰিছে ,মই আৰু কোনোমতেই ৰৈ থাকিব নোৱাৰিলো।
তিনিবছৰে আগৰে কথা ,কলেজৰ পৰা শেষ ছেমিষ্টাৰ পৰীক্ষা উত্তীৰ্ণ হৈছিলো ইফালে কলেজৰ দ্ধিতীয় সপ্তাহত ফেয়াৰ ৱেল ,দুই-এজনে মহাবিদ্যালয় শিক্ষাদিনবোৰৰ অভিকজ্ঞতাবোৰ অনূজ আৰু শিক্ষাগুৰুসকলৰ আগত প্ৰকাশ কৰিছিল । আমাৰ ফালৰ পৰা নিলম আৰু জাহ্নৱীয়ো কিবা এটা কৈছিল আমি প্ৰনয়, চুনামি,অচিন আমি একেটা শাৰীতেই বহি শুনি আছিলো কত যে বক্তৃতাবোৰ ,আমি মাথো জানিছিলো তলমুৰ কৰি হাত-চাপৰি বজাবোৰ । মন্সত উঠি ভাষণ দিয়াৰ অভ্যাস নাই ,ভাষণৰ ভ বৰ্ণৰ উচ্চাৰণেই ভালকৈ নাজানো বক্তৃতা জানো সম্ভৱপৰ হব । দিনটোত তাই নাছিচিল ককাঁল ভাঙি এইবাৰ কিন্তু বিহুগীত হে ,মাইকৰ আগত নিবেদিতাই বিহু গাইছিল এনেকৈ
নাযাবি ঐ মইনা দূৰলে
শুনিছো মনৰ আতৰ হলে চকুৰো
আতঁৰ হয় "॥ তাইৰ চকুৱে যেন বাৰুকৈয়ে মোকেই বিচাৰি ফুৰিছে তাইৰ চকুলৈ যেন মই নুধোকা হৈছিলো মই একেবাৰে চাব খোজা নাই কিন্তু গীতৰ লহৰে লহৰে যেন মোকেই কৈছে তাই মনৰ কথাবোৰ । মই মাথো তলমুৰ কৰি ৰলো ,তাইৰ কন্ঠই যেন বিহুগীতৰ সুৰৰ পৰা গৈ মালিতালৈয়ে যেন ৰূপ লৈছে । এপালত ঢোল বজাইছে অনূজ সকলে সংগী হিচাপে যোগ দিছে বিউটিয়ো । প্ৰায় গীত শেষ হোৱাৰ পৰ্যন্তত মই বাহিৰলৈ ওলাই আহিলো 'ওফ ইমান গৰম 'গৰমত ভিজি গৈছে সিহঁতি ।নাই নাই মই আৰু কোনো পদ্যেই আতঁৰি আহি আমি আটাইকেইজনে ঘৰলৈ লৰ মাৰিলোঁ । আমাক যোৱা দেখি তাইৰ চকুৱেদি কত যুগৰ অপেক্ষাৰথ কাহিনীয়ে নদীৰ ৰূপ লৈ যেন বৈ গৈছে ,তাইৰ মাত যেন একেবাৰে নিমাসিক হৈ গৈছে ।
দুদিনৰ পিছত কলেজৰ কথা অথচ মই কলেজত নাই,কৃষ্ণচূড়াৰ তলে তলে যেন প্ৰথমটো চিনাকি হোৱা দিনৰ কথাৰ পৃষ্টাবোৰ যেন লুটিয়াই ফুৰিছে ,অলপ
![]() |
| খণ্ড-১৯ |
সময়ৰ বাবে কৃষ্ণচূড়াৰ তলত বহি নিয়ৰক মনত পেলোৱাৰ চেষ্টা কৰিছে । মই নাই বুলি জানিয়ো কেন্টিনৰ টেবুলত বহি একাজলীৰে চাহঁৰ তৃপ্তী লয় কাৰণ মই চাহঁ খূউব ভাল পাওঁ । কোনোবা এচুকৰ পৰা কথা পতা শুনিলে মই বুলি দৌৰ মাৰে অথচ মই নোহোৱাকৈ ,আজিয়ে বাৰুকৈ নিয়ৰৰ প্ৰয়োজন যেন অনুভৱ কৰিছে তাই । এদিন নহয় দুদিন নহয় তাইৰ আচৰণ বেলেগ হৈ গৈছিল আৰু সেই কথা কেৱল বিউতিয়েই জানে । তাই মাথো লক্ষ্য কৰিয়ে আছিল নিবেদিতাক ।
দুদিনৰ পিছত ,নিবেদিতাই কলেজৰ কোনোবা শ্ৰেণীকোঠাত অকলে বহি আছিল সম্ভৱত এই শ্ৰেনী কোঠাত কোনো ক্লাছ নাছিল,ইফালে বিউতীয়ে তাইক বিচাৰি ফুৰিছে ,নিবেদিতা অকলে অকলে বহা দেখি সোমাই আহিছে আৰু কয়
:- ঐ বৰুৱা চাৰৰ ছেমিনাৰ লিখা হল নেকি ? লিখা হল যদি দিয়ানা মোকো ,,সেইবুলি বিউতিয়ে কলে নিবেদিতাক
:- নাই নাই,,লিখা ! আচল কথাটো কবলৈ গলে মই নাজানোৱেই ছেমিনাৰ টপিকটো..কিনো কোৱাছোন ?সেইবুলি নিবেদিতাই কলে,নিবেদিতাৰ কথা বিউতিয়ে কলে।
:- সেইবোৰ কি অহ! তই কেতিয়াৰ পৰা হলি এনেকুৱা ,আগতে সি এতিয়া তুমি ॥
নিবেদিতাই হয়তো বুজি পায় বিউতিয়ে কাৰ বিষয়ে তাইৰ আগত আলোকপাত কৰিছে । তাইৰ কথাত নিবেদিতাই কলে,
:- আচলতে মই একো জনা নাছিলো ,প্ৰেমৰ বিষয়ে । মাজে মাজে ভয়ভাৱ লাগিছিল মোৰ ! প্ৰেমত পৰিলে বাৰু মই শেষ হব নেকি ? বা : বা: মই আচৰিত হৈছো নিবেদিতাৰ আৰু মোৰ মন মিলিছে ইয়াকেইটো ভালপোৱা সন্ধি বুলি কয় । নিবেদিতাৰ হৃদয়তো নিজৰ পৰিয়ালৰ প্ৰতি ভাৱ আছে তাইৰ আই-পিতাইৰ সপোনক বাস্তৱ কৰাৰ প্ৰয়াস কৰিছে সেই ভাৱেই আজিলৈকে আছিলো আপোন হৈয়ো পৰ । তাই আকৌ কয় বিউতিক ।
:- মোৰ তেতিয়াৰ পৰাই প্ৰেম হৈছিল তেওঁৰ প্ৰেমত মাথো বিচাৰি পোৱা নাছিলো প্ৰেমত মাধ্যম । তেওঁৰ দৰে কবিতাৰে প্ৰকাশ কৰিবলে ,বিউতি তুমি জানানে ,নিয়ৰ দাৰ কবিতা "তুমিয়ে মোৰ ন" শিৰোনামাটি চাই বৰ দূখ পাইছিলো তেওঁৰ জীৱনত আন এজনী আছে বুলি ।..কিন্তু যিদিনাৰ পৰা তুমি মোক কলাহি সেই কথাটি,সেই কথাটি শুনাৰ পিছত বিউতিয়ে কয়,
:- কি কথা আৰু মই ,তাই আচৰিত হৈ কলে,
:- তুমি যে মোক কৈছিলা নিয়ৰ দাই যে তোমাক সুধিছিলে ,মানে মোৰ প্ৰেমিক আছেনে বুলি ? তেতিয়া তুমি কৈছিলা আছে বুলি । তেতিয়াৰ পৰাই গম পালো যে তেওঁৰ হৃদয়ত মোৰ ভাৱে ঠাই আছে বুলি । তোমাৰ মনত আছেনে ,আমি যোগাযোগ মূলক অসমীয়া কাকতটোৰ বাবে ক্লাছ কৰোতে নিয়ৰ দাই বাহিৰ বেন্সত বহি একেৰাহে মোক যে চাই আছিল ,তেতিয়াৰ পৰাই গম পাইছিলো নিয়ৰ দাই মোক নিশ্চয় ভাল পায় ।তাইৰ কথাত বিউতিয়ে কয়
:- অহটো কিয় মনত নাথাকিব,,তুমি কিন্তু নাজানা নিয়ৰ দাই মোক বেয়া পাইছিলেগৈ । নিয়ৰ দাৰ মনত কিমান বেয়া লাগিছে জানানে যেতিয়াৰ পৰা তোমাৰ বিষয়ে সুধোতে মই কৈছিলো তোমাৰ প্ৰেমিক আছে বুলি ,বেচেৰাটো কত ৰাতি দিনে কলেজে মেছেজে বিচাৰি আছিল তোমাৰ নম্বৰটো । তুমি কিন্তু নিদিলা । নিয়ৰ দাই তোমাৰ প্ৰেমিক আছে বুলি জানিয়ো তোমাৰ প্ৰতি ইমান প্ৰেম জাগিছিল তোমাৰ প্ৰতি খবৰ লৈয়েই থাকে ,এদিনো যদি কলেজলৈ নহা বাৰম্ভাৰে সুধি থাকে তোমাৰ অসুখ হোৱা নাইটো । তোমাৰ মনত আছেনে মই যে এদিন তোমাক দৰৱ দিছিলো আচল কথাটো জানানে সেই দৰৱটো নিয়ৰ দাই দি পঠিয়াইছিলে তোমালৈ সি বা কেনেকৈ গম পালে জানো তোমাৰ অসূখ হৈছে বুলি।
:- আচলতে মই নম্বৰটো দিব পাৰো কিন্তু বেছি কথা পাতিলে মই নিয়ৰ দাৰ প্ৰেমত পৰিব পাৰে বুলি তোমাক দিব নোখোজিলো । এদিন লৈ গৈছিলো নিয়ৰ দাৰ নম্বৰটো কিন্তু লাজতে কৰা নহল ,পিছ দিনা কেৱল মোকেই চাই আছিল কলেজত ।হয়তো সি জানিব বিচাৰিছিল মই কিয় ফোন কৰা নাই বুলি ।ফেচবুকতো মেছেজ দিয়ে মইয়ে একো মনোযোগ দিয়া নাছিলো । নিবেদিতাই সেইবুলি বিউতিক কলে ।
:- তই কিন্তু পষ্টাৱি ! নিয়ৰ দাই ইমান তোক ভাল পায় তুমি কিয় এনেকুৱা কৰিলি ?বিউতিৰ কথাত আকৌ নিবেদিতাই কয়
:- ৰহ! আৰু কয় আছো কিছু কথা নিয়ৰ দাই মোক ভাল পায় বুলিয়ো কৈছিল চল্লিছ টকা কলমেৰে অৱশ্যে প্ৰেমক মুল্যৰে তুলনা কৰিব নোৱাৰে যদিয়ো কলম দি কৈছিল ।তাইৰ কথাত আচৰিত হৈ নিবেদিতাই কলে ,
:- কি ? কেতিয়া কেনেকৈ তুমি গ্ৰহণ নকৰিলা ন!
:- কলেজতেই ,,তেতিয়া কাৰোৱেই ক্লাছ নাছিল ,মানুহজন লাজুকুৰীয়া আছিল ,তেওঁৰ লগৰ বন্ধু কেইজনো নাছিল , মই তেতিয়া কৃষ্ণচূড়াৰ তলত বহি আহিছিলো তেতিয়া কৈছিল । সি মোৰ কাষলে লাহে লাহে আহিছিল মই কিন্তু আতৰি আহিব খুজিছিলো ,কাৰণ যিয়ে আচৰণ কৰিছে কাষত কোনো নাই ,মই আতঁৰি অহাত সি কৈছিল
:- নিবেদিতা তুমি অকনমান ৰোৱাছোন মই তোক কথা এটি কম বুলি ভাৱিছো যদিয়ে তুমি সন্মতি দিয়া । মই বুজি পাইছো তেওঁ বা কি বা কব ।
:- নিবেদিতা মই তোমাক ভাল পাব খুজো,তুমি মোৰ হবানে । প্ৰেমৰ ভালপোৱা শব্দবোৰনো কেনেকৈ প্ৰকাশ কৰে মই নাজানো মই আকৌ কৈছো মই তোমাক ভাল পাব খুজো । মোৰ হৃদয়তো তেওঁৰ ভাৱে ঠাই আছে মাথো প্ৰকাশ কৰিব পৰা নাছিলো । বিউতিয়ে কলে তাৰ পিছত তুমি কি উত্তৰ দিলা বুলি কোৱাত নিবেদিতাই এনেকৈ কলে
:- নিয়ৰ দা তুমি এইবোৰ কি কৈছা । মই আপোনাক নিজৰ দাদাৰ দৰে ভাৱিছিলো আৰু এতিয়া আপুনি সেইবোৰ কাম ছি: মই আশা কৰা নাছিলো এনেকোৱাকৈ ।মোৰ কথাত নিয়ৰ দাই কৈছিল,
:- নিবেদিতা তুমি মোক বিশ্বাস কৰাছোন মই তোমাক ভাল পাওঁ।মই কৃষ্ণচূড়াৰ তলৰ পৰা আতঁৰি আহিছিলোগৈ । বেচেৰা নিয়ৰ দাৰ গাল ৰঙা হৈ পৰিছিল মাজে মাজে কান্দিছিল । তাৰ পিছতো মোক লগ নেৰা নাছিল ,যতেই যাওঁ কেৱল সি মোক শান্ত হৈ চাই আছিল ।মোক ভালপোৱাৰ ভাৱেইটো ...কিন্তু এটা কথা জানানে যেতিয়াৰ পৰা তেওঁক কলেজত দেখা নাই মোৰ মনে যেন কেৱল তেওঁকেই বিচাৰি ফুৰিছে ।
:- নিবেদিতা তুমি কিন্তু সেইটো কৰিব নালাগিছিল ?মই জানো তুমিও তেওঁক ভাল পাইছিল আৰু এতিয়া কিন্তু এতিয়া!
:- তুমিটো জানাই ! মোৰ সপোন বৰ বিশাল ,মোৰ সেই লক্ষক পাবলৈ সেইবিলাক জানি বুজি হলেওঁ হেৰিব লাগিবই ,প্ৰেম বাছৰ ষ্টেচনৰ দৰে মই ভাৱিছিলো গ্ৰেজুৱেট শেষ কৰাৰ পিছতে সেইবোৰ কথা ভাৱিম বুলি । কিন্তু যিমানদিনেই তেওঁক নেদেখা হৈছো ইমান দিনেই তেওঁক চাবৰ মন গৈছো ।
:- এতিয়া কোনেওঁ নোৱাৰে ! তুমি নিয়ৰ দাক এনেকৈ কব নালাগিছিল মই জনাত এতিয়া নিয়ৰ দাই আগৰ নম্বৰ ব্যৱহাৰ নকৰে ,এতিয়া তুমি শুক-উকাই থাকা তুমি নিয়ৰ দাক কষ্ট দিছিলা নহয় ,এতিয়া তোমাৰ পাল।
:- তুমি মোক সহায় নকৰিবানে ?নিবেদিতাৰ কথাত বিউতিয়ে কলে
:- নাই নাই মই নকৰো ! তুমি ভালপোৱা তুমি নিজেই উলিওৱা ,তেওঁৰ নম্বৰ ।
সেই কথা-বতৰাৰ মাজতে পুনৰ অবস্থালৈ ঘুৰি আহে আৰু নিলমে নিয়ৰক কয়,
:- অহ সেই দিনাখন সেই কাৰণে গালত পানী দিছিলা নহ! আমি ভাৱিছিলো গৰমত ঘামি পানী দি ৰুমালেৰে মচিছিলা বুলিয়ে ,আহ ! আহ! কৰি হাহেঁ আৰু প্ৰনয়ে কয় সেই বোৰ কথা কোনে কলে আকৌ
:- বিউতিয়ে কৈছিল ,নিয়ৰে সেইবুলি কোৱাত প্ৰনয়ে কলে
:- অহ ! তোমাৰ নম্বৰ কেনেকৈ পালে তাই,
:- অহ তাই মোক ফেচবুকত মেছেজ কৰি !
:- একদম ইন্টেৰেষ্টিং হৈছে পিছৰ খিনি কোৱা ....এতিয়াহে তাকেইটো ভাৱিছো সি ইউনিবাৰচিটিত পঢ়িয়ে আছিলে কেনেকৈ লগ পালেগৈ ।আৰু কোৱা...॥
বাহ: কি তিলোত্তমাৰ ৰূপ ইউনিবাৰ চিটিৰ ছোৱালীবোৰ যেন জাক -পাতি বাগিছাতে ফুৰি উৰিছে ,ৰজন-জনাই নাচি আছে ইউনিবাৰ চিটিৰ বুকুতে । চিনেমাত দেখা দৃশ্যবোৰেই যেন দৃশ্যান্তৰ হৈছে তাতঁ, সেইফালে চকু দিওঁনে সেইফালে দিওঁ চকুৱে ভাগৰ অনুভৱ কৰিছে ,ইউনিবাৰচিটিৰ মূখ্য প্ৰৱেশদ্ধাৰৰ মুল প্ৰান্তৰ পোনে পোনে যোৱা বাটৰ কাষে কাষে নাহৰ ফুলিছে ,মাজে মাজে কিছু হালধীয়া ৰংঙৰ ফুল ফুলি আছিল তাতঁ । তেওঁলোকৰ হাহিঁত কলেজৰ এইজনীলৈ যেন মনতে পৰি হৃদয়তে চিৰিককৈ বাজি উঠিছিল ,মাজে মাজে কল্পনা কৰিছিলো নফতা ফুকনৰ দৰে বেচেৰী তাইয়ো মোৰ সন্ধানতেই নামি পৰিছে সেয়ে কেতিয়াবা ঘুনুক কাৰোবাৰ হাহিঁ শুনিলে বাহিৰলৈ দৌৰি গৈ চাইছিলো তাই বুলি । ভিতৰি ভিতৰি যোৱা বৰ্ষৰ কথাবোৰে যেন বাৰুকৈয়ে আমনি কৰে যিবোৰ আই-পিতাইয়ে কৈছিল মাজে মাজে অভিমানি কৰিছিলো ,নাই নাই! মই অকলে কিয়নো তাইৰ বাবে তৃষ্ণাতুৰ হম অহটো! তাইৰ যদি মোৰ ভাৱে অকনমানো ভালপোৱাৰ অনুভুতি আছে যদি তেতিয়াহলে মোৰ কাৰণেওঁ তৃষ্ণাতুৰ হব পাৰে দেখোন অকল মইয়ে কিয় হম ,মই কদাপি নহওঁ তাই যদি মোক ভাল পায় তেন্তে তাই নিজে বিচাৰি আহক মোৰ ফালে । যোৱা কলেজৰ দিনত পাগলৰ ধৰে হলো তাইৰ বাবে মনে সাচিঁ থোৱা কথাবোৰ কলো মই আৰু নোৱাৰি তেনেকৈ ॥ সময় বাগৰি গৈছিল ,ইফালে কলেজত হাহাঁকাৰ হৈছিল এতিয়াহে তাই মোৰ নথকাৰ অনুভৱ কৰিছে ,কতদিন ঘুৰিলো তাইৰ বাবে ,এতিয়া তাইওঁ ঘুৰক কিন্তু মই এইটো নকওঁ যে তাইক মই এতিয়া ভাল নাপাওঁ বুলি মাত্ৰ তাইৰ বাবে অভিমানতে হে । মই যেতিয়া ইউনিবাৰচিটিৰ শেষ বাৰৰ বাবে পৰীক্ষা দিছিলো সম্ভৱত তাইৰো শেষ পৰীক্ষা আছিল ।
নিবেদিতাৰ শেষ পৰীক্ষাৰ দিনা কোনোবা এখন নিজান ঠাইত অকলে অকলে বহি কান্দি আছিল ,সেয়ে তাইৰ সংগী দিবলৈ আহিছিল বিউতীয়ে নিবেদিতাৰ কাষলৈ। আনকি বিউতীয়ো জানে ,জানি বুজিয়েই তাইয়ো অলপ খেলিছে ,বিউতীৰ মনত এটাই ভাৱ নিয়ৰ তাইৰ তেজৰ সম্পৰ্ক থকা ভাতৃৰ দৰে সকলো সময়তেই সহায় কৰে সেয়ে তাই নিয়ৰ মানে মোৰ প্ৰেমত সহায়ৰ হাত দিয়ে । বিউতীৰ চকুত নিয়ৰ ভাল লৰা কিমান দিনে তাই মুখ ফুচলাইছিল নিয়ৰ ভাল লৰা বুলি কিন্তু একো কানসাৰেই নহল । এতিয়া পিছে পাইছে যিমান দিন তুমি নিয়ৰক কন্দোৱাই ছিলা এতিয়া তুমিয়েই ভুক্তভোগী বুলি পেটে পেটে হাহেঁ । নিবেদিতা চকু সেমেকি বহি অাছিল বিউতীয়ে তাইৰ কাষত বহি নজনাৰ দৰে ভাওঁ দি কয়,.
:- কি হল নিবি..(.তাই অলপ ৰৈ কয় আকৌ কয়)..হব হব ইমান চিন্তাত উপন্ধি নাভাৱিবাচোন পৰীক্ষাত তুমিয়েই সকলোতেকৈ বেছি নম্বৰ পাবা তোমাৰ বাহিৰে আৰু জানো আছে ; তাইৰ কথাত নিবেদিতাই কয়;..
:- ইটো কথা নহয় অহ...
:- কি কথানো ..কথাবোৰ খেলিমেলিকৈ নকবাচোন বুজিবলৈ বৰ ঠান পাওঁ অহ সেইবুলি বিউতীয়ে কলে ।
:- তুমি কথাবোৰ কিয় বুজা নাই ,কত দিন কত ৰাতি ..
:- ঐ নিবেদিতা কথাবোৰ পাক লগাই নোকোৱাই খুলি কোৱাছোন ?..বিউতীয়ে তেনেকৈ কোৱাত কলে,
:- মই নিয়ৰ দাৰ কথাকে কৈছো ,তাই অলপ সময় স্তব্ধ হৈ আকৌ কলে..সি বাৰু মোক আকৌ আগৰ দৰে ভাল পাবনে মোক? তাইৰ কথাত বিউতীয়ে হাহিঁ হাহিঁ কলে
:- আহঁ আঁহ সি..আৰু এতিয়া তোমাক ভাল পাব অসম্ভৱ কথা এতিয়াবা বিশ্ববিদ্যালয়ত জানো প্ৰেয়সী নথকাকৈ থাকিব জানোঁ পাৰিব ,এতিয়াহে তুমি নিয়ৰ দাৰ প্ৰেমৰ মুল্য বুজিছা নহ! এতিয়া আৰু ভাৱি লাভ নাই । তাইৰ কথাত নিবেদিতা কোনো পৰ্যন্তই বহি থাকিব নোৱাৰে কদাপি,তাই শোকহোকাই চকু মচি উচুপি উচুপি বহা ঠাইৰ পৰা উঠি যায়। বিউতিৰ মনত কিছু বেয়া ভাৱো জাগিছে তাইক মই এনেকৈ নকব নালাগিছিল । তাই আকৌ ভিতৰি ভিতৰি ভাৱিছিল সেইয়া কম হৈছেহে নিয়ৰ দাই তাতকৈ দুগুন কান্দিছে ।
কাহিনীৰ কথাৰ মাজৰ চোৱাতে আকৌ থমকি ৰৈ প্ৰনয়ে আকৌ নিয়ৰক কয়,
:- বাহ! কি ? কাহিনী একদম হিন্দী ফিল্ম যেন লাগিছে ,ধেমালীৰ সুৰত আকৌ নিয়ৰে কয়
:- অভী টো বাকী হেহ! দোস্ত ।
:- বাহ! মানিছো কিন্তু ,তুমিয়ো এনেকৈ কৰিব পাৰা সেইবুলি প্ৰনয়ে মোক কয়। সি কোৱাৰ বাবে প্ৰনয়ক কলো
:- এইটোটো হবই,এই সকলোবোৰ মোক বন্তি বিউতীয়ে ৰচনা কৰিছে সকলো প্লেনিংবোৰ ,মইতো তাইক ভাল পাইয়েইটো আছিলো ,এতিয়াওঁ আছো।
:- তহঁতি কিন্তু কাহিনীটোৰ দিশ বেকা কৰিছা কিন্তু ; এনেকুৱা হলে তই নিজেই খেলি মেলি লাগিব ।নিলমে এনেকৈ কোৱাত প্ৰনয়ে কলে ,
:- বাৰু এতিয়া মই নকওঁ আৰু কাহিনীটো আকৌ পূনৰাবৰ্তী কৰা ?
:- পিছে কোনটো দসৰ পৰা আছিলে? কাহিনীটো মই নিজেই খেলি মেলি হৈছোগৈ !
:-নিবেদিতাই বহা ঠাইৰ পৰা কান্দি কান্দি যোৱা পাছৰ পৰা ,সেইবুলি মোক নিলমে কলে । কাহিনীটোৰ পূনৰাৱৰ্তী কৰিবলৈ আকৌ অতীতলৈ ঘুৰি গলো।
তাই মানে নিবেদিতা ঘৰলৈ দুখমনেৰে গৈছেগৈ ,কলেজত বিউতীয়ে কোৱা কথাবোৰ মনত পৰি পৰি । আৰুটো উপায় নাই কি ঠিকনা এতিয়া নিয়ৰৰ প্ৰেয়সী থাকিবওঁ পাৰে । ঘৰত কেনেকৈ পালেগৈ তাইৰ একো চকুৱেই নাই কেৱল তাইৰ হৃদয়ত মোৰ কথাকেই প্ৰশ্ন তুলিছিল।
তাইৰ চোতালত জোনাকৰ চায়াঁ পৰিছিল ,তাইৰ যেন একো ভোকেই নালাগিছিল অনৱৰতে বন্ধ কোঠাতে বিউতিয়ে কোৱা মতে এনো নিবেদিতা মোৰ কথাকেই ভাৱি আছিল এনো । মোৰ সুৰত ভোক কি ? পিয়াহ কি সকলো পাহৰি গৈছিল । তাইৰ এনে স্বভাৱবোৰ চাই তাইৰ মাক-বাপেকে বৰ চিন্তা হৈছিল।যোৱা নিশাৰ দৰে সেইবাৰো ডাইনিং টেবুলৰ ভাত খোৱা ঠাইত একো মন যোৱা নাছিল ,এনে আচৰণ চাই তাইৰ মাকৰ চকুৱেদি পানী বৈ গৈছিল । দেউতাকে জানিবৰে বৰ ইচ্ছা কৰিছিল কিন্তু তাই অৱস্থা যেন দুৰ্বল অনুভৱ কৰিছিল ।তাইৰ এনে অৱস্থা বুলি বিউতি তাইৰ ঘৰলৈ গৈছিল ,তাইৰ ৰূপ সম্পুৰ্ণ মোৰ কাৰণে বেলেগ হৈ গৈছিল । বিউতিয়ে তাইক কৈছিল কোমলকৈ
:- ঐ .ভাল খবৰ এটা আছে যোৱা কালি সি তোমাৰ খবৰ লৈছে কি বুলি জানানে ?.কথাষাৰ শুনি যেন এনেকুৱা লাগিল মৰহা ফুলিয়ে পানীৰ পৰশ পায় যেন সাৰ গৰজি যোৱাৰ দৰে অনুভৱ কৰিলে । নিবেদিতাই বৰকৈ জানিবৰ ইচ্ছুক কৰিলে ।
:- কত কেনেকৈ ! সচানে ?
:- কালি ফেচবুকত ,,তুমি কেনে আছে বুলি সুধিছিল মোক,
:- আৰু আৰু কি কি কৈছিলে ?
:- অহা সপ্তাহত ৰেজাল্ট দিব সিহঁতৰ আৰু সি কোনোবা এখন কলেজত জইন কৰিব সি । কি পৰীক্ষা আছিলে জানো নেট নে চেট বোলা পৰীক্ষা পাছ কৰিছে হেনো ।
:- মানে সি চাকৰি পালে !..তাই অলপ সময়ৰ বাবে দুখেৰে বিউতীক কয়,
:- অহ! তেতিয়া হলে..সিটো মোক চিনি নাপায় আৰু ।
:- তুমি মিছাতে মনটো ঠেক কৰিছা । আৰু পিছৰ খিনি কোৱাই নাই নহয় ।
:- পিছৰ খিনি মানে?
:- মানে তোমাক অহা সোমবাৰে সেইটো নম্বৰত ফোন কৰিবলৈ কৈছে ,অ সেইয়া লোৱা ফোন নম্বৰটো,সেইবাৰ কিন্তু নকৰাকে নাথাকিবা । নহলে মইয়ে পিছত গৈ গালী খামগৈ নিয়ৰ দাৰ পৰা । নিবেদিতাৰ যেন এনেকুৱা লাগিল বছৰেকৰ সকলো সুখবোৰ যেন ঘুৰি আহিল ।
বাহিৰৰ দৰ্জাখনতে মাকে শুনি আছিল সকলো কথাবোৰ । এনে সময়তেই বিউতীয়ে নিবেদিতাৰ কোঠাটোৰ পৰা ওলাই আহোঁতে মাকে বিউতীক কয়।
:- বিউতী তুমি মোৰ ছোৱালীৰ দৰে ,তুমি নহলে হয়তো তাই এনেকৈ থাকিলে হয় ।পিছে সেই লৰাজন কত আছে এতিয়া।
:- অহ খুৰী ,, নাম নিয়ৰ ,বৰ্তমান সি ডিব্ৰুগড়ত আছে ? আপোনালোকে প্ৰপেছাৰ জোৱাঁই পাবা আৰু ?. মিঠাই চিঠাই ৰেডি কৰাৰ হে দিন আৰু !
যেন এনেকুৱা লাগিল সিহঁতৰ পৰিয়ালটো গ্ৰহ দুষ্ট আতঁৰি যোৱাৰ দৰে সকলো দুখ যেন আতঁৰি গল তাৰেই বোধ কৰিব পাৰি । এতিয়া কেৱল ফৰকাল আকাশ ,সকলোতেই সুখৰ বন্যাৰে ডাকিছে ।চাওঁতে চাওঁতে সোমবাৰ অহাৰ পাল পৰিছিল,মইয়ো তাইৰ লগত বহু দিনেই কথা-পতা নাছিলো ।অলপ ভালো লাগিছে মাজে মাজে হতাশাওঁ হৈছো নাই একদম বুকুত সাহস বান্ধি তাইৰ ফোনৰ বাবে অপেক্ষাৰথ হৈ ৰলো । ইফালে নিবেদিতাৰো লাজ ,কাষত বিউতি আছে । বিউতিয়ে তাইৰ আচৰণ চাব পৰা নাই,ধেমেলীয়া আৰু খংঙৰ ৰাগৰ সুৰত তাইক কলে
:- হেৰৌ লাজুৱতী ? হবলগীয়া মানুহজনক লাজ কৰিলে কি হব হে ? এনেকৈ কেনেকৈ মামী বনিবি ,কাষত থকা পিতাইয়ে শুনি মিছিকিয়াঁই হাহিঁছে । ইফালে লাজতে নিবেদিতাই একো কব পৰা নাই ,আকৌ বিউতীয়ে কয় চিঞৰি
:- অহ খুৰী চোৱাছোন আপোনাৰ জীয়েকক ,লাজ কৰিছে চোৱা ?
:- ঐ ...বিউতী তুমিয়েই ফোন কৰাচোন মোৰ লাজ...লাগিছে ; তাই লাজতে দাতঁ খামুৰি কয় । খংঙতে বিউতীয়ে
:- ইচ আতঁৰ সোণালী বান্দৰ লাজ কৰিছে চা ,যোৱা তিনি-দিন ধৰি ভাত নোখোৱাকৈ নিয়ৰক নাপালে ৰঙানদীত জাঁপ দিম বুলি কয়, এতিয়া কান্দি কান্দি পালেগে যে লাজ কৰিছে চোৱা ..সোণালী বান্দৰ ;সেইবুলি হাহিঁ হাহিঁ কলে । নিবেদিতাই কোৱাৰ বাবে বিউতীয়ে মোক ফোন কৰিছিল । কাষত তাইয়ো আছিল ,কিন্তু ভীষন লাজ। মই ফোন ৰিচিব কৰিছিলো ,মই ফোন ৰিচিব কৰা গম পায়েই গুলি বৰ্ষণৰ ধৰে বিউতীয়ে মোক অভিযোগ তুলিছে অ দাদা আপোনাৰ হব লগীয়া এখেতজনী লাজ কৰিছে সোণালী বান্দৰৰ দৰে । তাইক কলো মই এনেকৈ
:- ঐ বিউতী তাইক দিয়াছোন ,মই কোমলকৈ কোৱাত বিউতীয়ে কলে
:- দাদা অহ এতিয়াই নকবাছোন মৰম লাগি যোৱাকৈ ,দুদিনৰ পিছত কবা আকৌ। কথাষাৰ শুনি ভিতৰি ভিতৰি লাজ পাইছো যদিয়ো আকৌ কলো তাইক ,
:- বাৰু এতিয়া তাইক দিয়াছোন ,মই এইবুলি কোৱাত ,তাই মোৰ লগত কথা পাতিছিল বহু সময় ধৰি ,মনটো যেন এতিয়াহে ভাল লাগিছে । তাই পিছে লাজুকুৰীয়াকৈ কৈছে । মোৰ এনেকুৱাযেন লাগিল কলেজৰ দিনবোৰ এতিয়াহে যেন উঠি ভাহি আহিছে মোৰ কাষলৈ । অৱশেষত তাইক কলো
:- আচ্ছা শুনাছোন ঘৰত মই তোৰ কথাওঁ,তুমি মোৰ হবানে ?আকৌ যোৱা বাৰৰ দৰে ।
:- মই আপোনাৰ অভিহনে জীয়াই থাকিব নোৱাৰিম,আপোনাৰ ভালপোৱাক মই বুজি পোৱা নাছিলো যেতিয়াৰ পৰা আপুনি কলেজৰ পৰা গৈছিলাগৈ তেতিয়াহে আপোনাৰ প্ৰেমৰ ভাষাবোৰ অনুভৱ হৈছো আৰু এতিয়া এনেকুৱা অনুভৱ হয় আপুনি নহলে যেন জীৱনেই আধৰুৱা ,আপুনি মোক নিজৰ কৰিবানে ?নিবেদিতাৰ কথা নিয়ৰে কয়
:- এই জীৱন কেৱল তোমাৰ বাবেইটো নিবদিতা ,আজিয়ো সাৰে আছো ,বাৰু এটা কথা শুনাছোন মই শনিবাৰে আহিমগৈ ,বিউতি আৰু তুমি ৰেল ষ্টেচনত মোৰ ভাৱে ৰৈ থাকিবাছোন । তোমাক খূউৱ চাবলে মন গৈছো ,কিমাননো তোমাৰ ফেচবুকত থকা ফটোখনকেই চাই থাকিম ।
:- আহিম নিয়ৰ দা ।
এতিয়া হয়তো আকাশে বতাহে তোমাকে দেখিছো আই ফিল্ড আই ছামটিং ছামটিং তুমি বাৰু জানানে ? গীতটি বাজিলেহেতেন কিমান সুৱাগী হলে হয় ।
:- অহ ! অহ! পিছে বেয়া পালো বিয়াত কিন্তু ছাতি ধৰিব নিদিলো ,নিলমে মোক সেই বুলি ধেমালীতে কৈছিল ।
:- পিছে অনূজৰ জন্মদিনত আমাক নামতাকৈ নাথাকিবা?প্ৰনয়ে সেইবুলি কোৱাত বিৰক্তৰে কলো
:- আৰেহ! তহঁতি শুকাহে নিকাহে মোৰ ,তহঁতক নামাথাকে থাকিব জানো পাৰি ।পিছে এটা কথালৈয়ে বেয়া লাগি আছে ,
:- কি কথা ! প্ৰনয়ে কলে
:- অচিনক মোৰ বিয়াৰ কথা নোকোৱাৰ বাবে মোৰ বিয়াত নহাকে নাথাকিলে নেকি ? সিটো আহিব পাৰিলে ছাতি তাৰ বাবে ৰাখিছিলো।বেয়া পালে নেকি? মাজে সময়ে সেইটো কথাকেই ভাৱি মন বেয়া কৰি থাকো অহ! ফোনো ৰিছিব নকৰা হল।
:- দেৎ অচিন তেনেকুৱা লৰা নহয়,আমাৰো ফোন ৰিচিব কৰা নাই আনকি এতিয়া ফোন কৰিলেই ফোনেই নাযায়।প্ৰনয়ে কলে ,
:- অহ সেইবোৰ বাদদে! ইয়াৰ পৰা ঘুৰি যাওঁতে অচিনৰ ঘৰত সোমাম নহয় ,তেতিয়া কাণ চেপা দি বুজাম । ইফালে বিনোদ ,জাহ্নৱী হতঁকো লগ কৰিব লাগিব শুনিছো জাহ্নৱীৰো লৰা এজন হল। বাৰু এতিয়া যাওঁগৈ বিছনালৈ বহুত দেৰি হল ,শুহগৈ বল ।


0 Comments