পুৱৰে ৰঙাকৈ বেলিয়ে আকাশীক ৰঙা ফোট দিছে সমস্ত সংসাৰে যেন ৰঙচুৱাক দেখিছে ,ৰঙচুৱাৰ ওখলত ঘৰৰ চালত লুকাই থকা ঘন চিৰিকাহতেওঁ ৰদত তাপ লৈছে আৰু খেলিছেওঁ।চহৰত থকা লৰা হৈয়ো প্ৰনয়ে যেন গাৱৰ ৰীতিবোৰ হেৰিব পৰা নাই। পুৱাতেই উঠি সি নিলমৰ লগত দৌৰিবলৈ ওলাই গৈছে আৰু মই বিছনাতেই পৰি আছো ,সমুখত প্ৰনয়ৰ মাক আলহীক জলপান খুৱাবৰ বাবে যোগাৰ কৰিছে । গাৱৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ এপাক মাৰিছে গাৱঁৰ দুই-এজনে পথাৰলৈ যোৱা কেইজনে নিলম আৰু প্ৰনয়ৰ বিশেষ শৰীৰ চৰ্চাৰ বাবে সাজযোৰক চাই অবাক লাগি আছে । অৱশ্যে দুই এটা কামবোৰ পৰিৱৰ্তন হৈছে ,তেনেতে সিহঁত দুজন দৌৰি গৈ থাকোতে বাটত চাইকেলত ধানৰ বস্তাটো ঠেলি লৈ যোৱা দেখি প্ৰনয়ে সুধিছিল,সি চিনিব পাৰিছিল গাৱৰ ধনবৰ পুতেক ।
![]() |
| 20 |
:- তুমি ধনবৰ খুৰাৰ সৰু পুতেকজন নহয় নে ? সেইবুলি প্ৰনয়ে কোৱাত কলে
:- অহ! আপোনাক মই গাৱত আজি প্ৰথম দেখিছো,আপোনালোক কাৰোবাৰ ঘৰত আছা নেকি ? ধনবৰৰ পুতেকে সেইবুলি কলে ।
:- ভাইটি তুমি মোক চিনি পোৱা নাই ছাগে ? মই সেই যে দেওবৰৰ বৰঠা!সি এনেকৈ কোৱাত লৰাজনে ধৰিব পাৰিছিল আৰু কলে
:- অহ! এতিয়াহে চিনি পাইছো ! আপোনাক গাৱঁত নেদেখা বহুত দিনেই হল সেয়ে চিনি পোৱাগে নাই ! পিছে আপুনি কেতিয়া আহিলে ?
:- অহ কালি !
:- পিছে আমাৰ ঘৰলৈ এপাক আহিব ঘৰত দেউতাই আপোনাৰ কথা কয়েই থাকে পিছে আপোনাৰ বন্ধুকেইজনকো লগত লৈ আহিব।
:- পিছে তুমি ধানৰ বস্তাটো কলৈ লৈ যোৱা ?
:- অহ দাদা ৰাইছ মিললৈ ,আমাৰ গাৱৰ নীল দাৰ ঘৰত ৰাইছ মিল বহালে নহয় । বাৰু দাদা আপোনালোকে গৈ থাকক মই আহোঁ । সেইবুলি কয় গুচি যায় ,প্ৰনয়ে নিৰৱে নিৰৱে ভাৱি হাহিঁছে ,প্ৰনয়ৰ এনে অহা দেখি নিলমে সুধে
:- তোৰ কি হল অহ ! আকৌ
:- আগৰ আৰু এতিয়াৰ কথাকে ভাৱি হাহিঁছো ।
:- কি কথা !
:- বহুত পৰিৱৰ্তন হৈছে বুজিছা , এইমাত্ৰ দেখিলাই যে ঢেকীঁৰ সলনি এতিয়া ৰাইচ মিল ,আজি কালিৰ লৰা-ছোৱালীয়ে কতনো চিনি পাব । ৰাতিপুৱাতে সাৰ পাবলৈ যান্ত্ৰিকতাৰ এলাৰ্ম লগোৱা নাছিল নহ! মোৰ এতিয়াওঁ মনত আছে যেতিয়া কুকুৰাই ঢাক দিছিল তেতিয়া মা'ই ঢেকী দিছিল ঢেকীৰ শব্দত মইয়ো সাৰ পাইছিলো । প্ৰনয়ে সেইবুলি কোৱাৰ পৰত নিলমে কলে
:- তুমি ঠিকেই কৈছা ,তেনেকুৱা ক্ষেত্ৰত মোৰো অভিজ্ঞতা নথকা নহয় ,অভিজ্ঞতা মানে ঘৰুৱা কামৰ কথাকে কৈছো ,মাক-দেউতা নথকা লৰা যেতিয়া খেতি কৰিবলৈটো যাবই লাগিব (ই আবেগিক হৈ কলে)।
:- তুমি!
:-মইয়ো আকৌ কলৈ ডাল খুৱালো । আচলতে যেতিয়া কুকুৰাৰ ঢাক দিয়া মাতটো শুনিছিলো তেতিয়া লমা-লমে বিছনাৰ পৰা উঠি গোহালীত থকা গৰুহালৰ সতে ডৰালৈ গৈছিলো । খেতিডৰাত পানী নাথাকিলে হাকনীৰে পানী দিছিলো । আৰু আজিকালিটো বিজ্ঞান প্ৰযুক্তিৰ পৰিপ্ৰেক্ষিতত খেতি কৰিবলৈ কাম কৰিলে যেনে বৰ্তমানৰ ট্ৰেক্টৰ ,পাৱাৰ টিলাৰ আদিৰ কথাকে চাব পাৰি । নিলমৰ সেই কথাত প্ৰনয়ে কয়
:- ওম ,সচাকৈ । বিজ্ঞান প্ৰযুক্তিত মানুহৰ কিছু লাভাম্লাভো হৈছে আৰু কিছুমান প্ৰযুক্তিৰ ভৰসাত কাম কৰিবলৈ হেমাহি হৈছে ।
:- আৰু নাজানে যে মাটিত প্ৰয়োগ কৰা ৰাসায়নিক কীটনাশক যে মাটিৰ ভাৰসাম্য যে নাইকিয়া কৰে ,কম সময়ত যেন শস্যবোৰ ফচল হবলৈ প্ৰয়োগ কৰি মাটিৰ সাম্য নষ্ট কৰিছে । সেইবুলি নিলমে কয় ,
:- সচাকৈ ।..বাৰু যিকিনহওঁক ,বলা ঘৰলৈ যাওঁ ঘৰত সুপ্ৰিয়াই ছাগে বিচাৰি আছে চাগে ।প্ৰনয়ে সেই বুলি কলে । নিলম আৰু প্ৰনয়ে ঘৰলৈ গন্তব্য কৰিলে ।বাটৰ কাষে কাষে খেতি-পথাৰ সম্পুৰ্ণ সেউজীয়াকৈ ,দুই-এজন খেতিয়কে দুই এডৰাত হাল চপাই আছে গৰু হালেৰে আৰু ইটো কাষত ট্ৰেক্টৰেৰে । প্ৰনয়হতঁৰ গাৱঁৰ মানুহখিনিয়ে লেকলৌ পৰুৱাৰ দৰে সমাগম হৈছে এখন ঘৰত ,বাটৰপিনেটো কেৱল এইঘৰলৈয়ে ঢাপলি মেলিছে ,কি হৈছে নহয়চে একোৱেই নজৰ দিব পৰা নাই । ঘৰটোত মানুহৰ ভীৰ হৈছে ,নিলম আৰু প্ৰনয় সোমাবলৈ চেষ্টা কৰিছিল যদিওঁ দেৰি হোৱাৰ বাবে বাটৰ পৰাই চকু থোৱাই যায়। শেষত দুয়োজনেই ঘৰত আহি পায়গৈ ,ঘৰৰ পদূলিতে সুপ্ৰিয়াই শান্তমনে খেলি আছে আৰু সুপ্ৰিয়াৰ আইতাকে কাপোৰ ৰদত আৰি আছে । জপনাটো খুলি সোমাই অহা দেখি মই প্ৰনয়ক কলো,তহঁত দুজন আমাক এৰি ৰাতিপুৱাই কলৈনো গৈছিলা,সেইমাত্ৰ তাই জিৰাইছেগৈ ।মোৰ কথাত প্ৰনয়ে কয়,
:- জিৰাইছেগৈ মানে ,সুপ্ৰিয়াই ছাগে বহুত আমনি কৰিলে ছাগে ন!আচলতে নিলমৰ সলনি তোকেহে লগত নিব লাগিছিল ? প্ৰনয়ে মোক সেইবুলি কোৱাত নিলমে কয়,
:-কি ?কিয়?নিলমে কলে
:- মানে কেচুৱাৰ নিচুকোৱা নতুবা টাইপাৰ সলনি কৰা অভিজ্ঞতা লবৰ বাবে অৱশ্যে তাই এতিয়া জনা হৈছে বাৰু? সেইবুলি প্ৰনয়ে কলে ।
:- অহ অহ সেইটো হবদে কাইলৈ মই থাকিম ,নিয়ৰ আৰু তই যাবি ,বুলি নিলমে সেইবুলি কলে । নিলম আৰু মই প্ৰনয়ৰ বন্ধু যেতিয়া প্ৰনয়ৰ মাকে আমাক প্ৰনয়ক কোৱাৰ দৰে কৈছে ,
:- বাৰু এতিয়া হব ,হাত-ভৰি ধুই আহগৈ তহঁতৰ বাবে জলপান পাকঘৰত দিওঁ ই । প্ৰনয়ৰ মাকে কোৱাত আমি হাত-ভৰি ধুবলৈ গলো । আমি পাকঘৰত সোমাই জলপান গ্ৰহণ কৰিলো ,এনে সময়তে প্ৰনয়ে আকৌ মাত দিলে
:- ঐ নিয়ৰ সুপ্ৰিয়াই আমনি কৰা নাইটো?সি কোৱাত মই কলো
:- নাই নাই! অৱশ্যে অলপ কন্দা কটাটো কৰিছিলে বাৰু কিন্তু তাই আহি সকলো ঠিক কৰিছিলে ,বিচনা উঠোৱাৰ পৰা ধৰি কাপোৰ ধুৱালৈ । হয়তো সি গম পাইছে,কোন তাইৰ কথা কোৱা হৈছে । গাৱঁতটো শেৱালীৰ বাহিৰে আন কোনো হব পাৰে । আমি মাত্ৰ শেৱালীৰ নাম প্ৰনয়ৰ মুখতে শুনিছিলো তাহানিতে লগ পোৱা নাছিলো ,দেখাতো অলপ ভালেই কামত বাৰু পাৰ্গত । মই এনেকোৱাত প্ৰনয়ে পাকঘৰৰ চিঞৰি কয়
:- মা কোন আহিছিলে ঘৰলৈ ,
:- আৰু কোন আহিব পাৰে ,শেৱালী আহিছিলে অহ !
:- তাইক অলপ ৰবলৈ কব লাগিছিল ? প্ৰনয়ে কলে। মাকে পাকঘৰলৈ সোমাই আহি অশ্ৰান্ত ভাৱে কয়
:- তাই ইয়াত ৰব খুজিছিল ,কিন্তু বহুত কথা আছে তাইৰ ।
গাৱঁৰ মানুহে তাইক বেয়া চকুৰে চায়,গাৱঁৰ মানুহে বেয়া পাই তাইক আৰু মামীক । তুমিতো জানাই তাই বেলেগৰ ঘৰত কাম কৰা ছোৱালী ,তুমি জানো খবৰ লোৱা মামীক ,তোমাৰ মামীয়েক এতিয়া বিছনাৰ পৰা উঠিব নোৱাঁৰে ।কথাবোৰ শুনি প্ৰনয়ে মুৰ তলমুৰ কৰি থাকে আৰুতো উপায় নাই ।
এনে কথা-বতৰাৰ জখলাতো ভাঙিবলৈ নিলমে মাত দিলে ,জানিব ইচ্ছাৰ হেপাহঁৰে
:- বৰমা! বৰঠাক কলৈনো গল ! ৰাতিপুৱাৰ পৰা দেখা নাই যে ।নিলমৰ প্ৰশ্নত নিৰলাই কয়
:- জানো পায় কলৈনো গৈছে ,ৰাতি-পুৱাতেই গাৱঁৰ লৰা এজনেই মাতি লৈ গ'ল ।
:- অহ! প্ৰনয় আৰু মইয়ো দেখিছিলো এখন ঘৰত মানুহৰ সমাগম ,,কিবা হৈছে নহয়চে একোৱেই কানসাৰ নকৰিলো ।বৰঠা তাতে থাকিব পাৰে ছাগে। এইবুলি নিলমে কোৱাত নিৰলাই কলে
:- অহ তাতে থাকিব পাৰে , কিন্তু একোৱেই নোখোৱাকৈ গৈছে ।
:- গাৱঁখনৰ মানুহৰ ঘৰবোৰ চিনি নপৰাই হল,ইমান জনসংখ্যা বাঢ়িছে নহয়,বাৰু ! মা কচোন ৰাস্তাৰ কাষত যে ডাঙৰকৈ শিমলু গছজোপাঁৰ পিছফালে থকা ঘৰতো কাৰ ঘৰনো । এই ঘৰখনতেই মানুহৰ ভীৰ হৈ আছিল ।
প্ৰনয়ৰ কথাত মাকে কয়
:- অহ! এইটো ঘৰ তোমাৰ বিপিন বৰঠাৰ একেবাৰে সৰুটোৰ বীৰেনৰ ঘৰ । জানো তাত বা কি বা হল ,লৰাজনে উচপ-মাৰি আহি কৈছিল যেন ডাঙৰ কথায়ে । দেউতায়ে জানিব আৰু তাতঁ বা কি বা ঘটিল । এনে সময়ৰ মাজতে জপনাৰ সমুখৰ পৰা চাইকেলৰ বেলখন বজাইছে দেওবৰে আৰু চিঞৰিছে
:- ঘৰত কোনো নাই নেকিহে । তেনেকৈ চিঞৰাত মইয়েই ওলাই আহিলোঁ ।মোক ওলাই অহা দেখি বৰঠাই মোক কৈছিল
:- ঘৰত কোনো নাই নেকি ? তুমি আহিলা যে ।
:- অহ বৰঠা সিহঁত জলপান গ্ৰহণ কৰি আছে আৰু বৰমাই সিহঁতক খুৱাই আছে যে সেয়ে মইয়ে ওলাই আহিলো। সেইবুলি কোৱাত অহ অহ কৰি সোমাই আহে ,সম্পুৰ্ণ বগা সাজ বগা চুৰিয়া আৰু বগা গেন্জি এনেকুৱা লাগিল যেন বয়সস্ত পাৰ এটাই যেন সোমাই আহিছেগৈ ।ঘৰত সোমাই আহিয়েই ওচপত হৈ কয়
:- প্ৰনয়ৰ মাক ডাঙৰ কথা হল নহয়,বেচেৰাটোৰ পুতেকক কোনে চাব বাৰু ,ইফালে বোৱাঁৰীৰ গৰ্ভতো ...।।
:- কি হলনো , নিৰলাই তেনেকৈ কোৱাত দেওবৰে কলে,
:- নিপেনে এচকটা মাটিৰ কাৰণে একমাত্ৰ ভায়েকক দা'ৰে ঘপিয়াই মাৰি পেলাব লাগেনে বাৰু ?
:- কি ?...নিৰলাই তেনেকৈ কোৱাত আকৌ কয়
:- মাটিৰ কাৰণে সিহঁত দুজনে কেইবাদিনৰ পৰাই বিবাদত পৰিছিল আৰু আজিৰ সেই দশা । প্ৰনয়ৰ দেউতাকে তেনেকৈ কোৱাত নিলমে কয়
:- নিপেন আৰু বীৰেন ভাই ককাই আছিলেনেকি ?
:- হয় ! সিহঁত সহোদৰ আছিল একেজন দেউতাকৰ,দেওবৰৰ তেনে কথাত মই এষাৰ দিলো
:- এচকটা মাটিৰ কাৰণে (আচৰিত হৈ) লাগিব লাগেনে দুয়োজন l মোৰ কথাত আকৌ বৰঠাই কয়
:- হেৰা ! আজি কালি তেজৰ সম্পৰ্ক থকা ভাই-ককাইয়ে যদি তেনেকুৱা কৰে কি ঠিকনা ! তেজৰ সম্পৰ্ক নথকাবোৰ আৰু কিমান বিপদজনক হব পাৰে । প্ৰনয়ে একোৱে কোৱা নাছিল দেউতাকৰ কথাত তেওঁ সম্পুৰ্ণ শান্ত মাত্ৰ শুনিয়েই আছিল ,তেনে সময়তেই আকৌ বৰঠা দেওবৰে কয়
:- ভূলটো ডাঙৰ লৰাটোৰ মানে নিপেনৰে ভূল আছিল । নিপেন ঘৰৰ এভাগে ভাগ হৈ আছিল বাবে তেওঁৰ বাবদ মাটি কমকৈ পাইছিল ,আৰেহ! বীৰেনটো বয়সস্ত বাপেকক পোহ-পাল দিয়াৰ বাবে বেছি ভাগ পাবই ন । আৰু এতিয়াটো ৰত্নেশ্বৰ ককাই ঢুকোৱাৰ পাছত সেই নিপেনে মাটিত ভাগ লাগে হেনো ।বৰঠাৰ কথাত নিলমে কলে
:- নিপেনক পুলিচে ধৰিলে নে ? নিলমে তেনেকৈ কোৱাত বৰঠাই আকৌ কয়
:- নাই,সি পলাই গল ,অলপতে বাছি গল বোৱাৰিয়ে নহলে বীৰেনৰ লৰাকো কাটি পেলালে হয় ।
:- তাকেই ভাৱিছিলো ! ইমান মানুহ ভীৰ হৈছে যে তাত । আজি কালি মানুহবোৰ বহুত নিষ্টুৰ হল ।নিলমৰ কথাত দেওবৰ বৰঠাই আকৌ কয় কথাৰ চলেৰে
:- হেৰা! প্ৰনয়ৰ মাক চাহ বনাগৈছোন ,অহ আৰু শেৱালীক লগ পালেনে ? তাই তোক বিচাৰিয়ে আছিল ,ৰাস্তাটো সুধিছিলে । বৰঠাই অলপ পিছত আকৌ উদাক্ন কন্ঠৰে আকৌ কয়
:- সেইটো হেৰছোন যোৱা ৰাতি এঘাৰ বজাতেই অত্যা হৈছে বীৰেনৰ আৰু ইফালে আমাৰ গাৱঁৰ ৰাইজক চোৱাচোন কেনেকুৱা মানুহ তেনেকুৱাকৈ নাপায় দেই আগতে আমি এনেকুৱা কৰা নাছিল গাৱঁৰ কোনোবা এজন মৰিলে । তেনে সময়তে পাকঘৰৰ পৰা নিৰলাই চিঞৰে
:- গাৱঁৰ মানুহে কি ভূল কৰিলেনো ?খংঙৰ সুৰত কয় বৰঠাই
:- তুমি একো নকৱাছোন তুমি চাহঁ বনা মাত্ৰ,নহলে চাহঁত চেনী বেছি হব। পাকঘৰৰ পৰাই কয় বৰমাই
:- হব হব ! তাৰপিছত আকৌ কয়
:- আগত আমি তেনেকুৱা কৰা নাছিল ,বুইছা নিয়ৰ । গাৱঁৰ কোনোবা এজন মৰিলে আমি দুদিনৰ বাবে পথাৰলৈ যোৱা নাছিলো নতুবা একো কামেই কৰা নাছিলো আৰুতো ইফালে গাৱঁৰ মুখ্যমানুহ ঢুকালেতো এসপ্তাহলৈ কাম কৰা নাছিলো আৰু নিৰামিষে থাকিছিলোঁ। এতিয়া চোৱাছোন বীৰেনৰ মৃতশৰীৰটো সৎকাৰ কৰিবলৈয়ো মানুহ অহা নাই ,সিহঁতিয়ে কালিয়েই খবৰবোৰ গম পাইছে অথচ আজি নগলেওঁ একো লোকচান নহয়টো সান্ত্বনা দিবলৈটো আহিব লাগে । বেচেৰী বোৱাঁৰীয়েকে কান্দিয়েই আছিল ,অকণমানি লৰাটোওঁ কান্দিয়েই আছে ,মই সহ্য কৰিব পৰা নাই । খংঙৰ মিশ্ৰিত সুৰত কয় এনেদৰে ,মাজে মাজে কলো মই
:- এতিয়া নিপেনৰ মানুহজনী ক'ত?
:- মানুহজনীকেহে পুলিছে লৈ গল আৰু ডাঙৰ লৰাজনেওঁ বাপেকৰ সৈতে পলাই গৈছে । ছে: বোৱাঁৰীলৈয়ে বেয়া লাগি আছে ।
সচাকৈ আজি সমাজে কলৈনো ঢাপলি মেলিছে,আজিচোন মানুহে মানুহক নিচিনা হল । এচিকটা মাটিৰ কাৰণে মাৰা-মাৰি ,সিহঁতক চাইয়ে আৰু সমাজত নিপেনৰ দৰে ওলাব আৰু বা কিমানজনী তিৰোতা কপাল উকা হব ভাৱিয়েই ভয় লাগিছে । তেনে সময়ৰ মাজতে আকৌ বৰঠাই বৰমাক চিঞৰি কয়
:- হেৰা প্ৰনয়ৰ মাক তহঁত কেইটা যোৱাছোন সিহঁতৰ ঘৰলৈ ,তহঁতি গলে ভাল পাব সিহঁত । যোৱাচোন ,প্ৰনয় তুমিয়ো যোৱা আটাইকেইটাই ,মই আৰু সুপ্ৰিয়া ঘৰত থাকিম ।
আচলতে এনেকুৱা ঘটনাবোৰ আমি শিক্ষিত সমাজেই ৰোধ কৰিব লাগিব,শিকাব লাগিব মানৱতাবোৰ । ধ্বংসৰ বাবে নহয় উন্নতিৰ বাবে চিন্তা কৰিব লাগিব । নহলে এই জীৱন ধিক্কাৰ ।
আমি উপায়বিহীন আমি জানো সান্ত্বনা দিব পাৰিব তথাপিয়োঁ এঘাল মান সান্ত্বনা লৈ যাবলৈ আমি আটাইকেইটাই প্ৰস্তুত হলো । কিছুদুৰ বাট অতিক্ৰম কৰি দেখিলো অৱশ্যে বীৰেনৰ সৎকাৰ কৰা হল,দুবছৰীয়া সন্তানেওঁ চোতালত চকু টুপিছে ,মই বুজি উঠিছো লৰাজনৰ পীড়াৰ গাঠাবোৰ । ছে: বৰঠাই কোৱাৰ দৰে তেওঁৰ মানুহজনীয়ে বগা সাজত অক্লান্ত পাৰ চৰাইৰ নিৰাশত অত্ৰুলিত হৈছে । দুই-এজনী মহিলাই সান্ত্বনা দিছে ,সান্ত্বনা জানোঁ মনৰ ইচ্ছাতেই পূৰ হব পাৰি । বৰমাই তেওঁৰ কাষ চাপি কাণত কিবা কৈছে ,কিবা কৈছে মই একোৱেই জনা নাছিলো মাথো বোধ কৰিব পাৰিছো যে ,সান্ত্বনা যেন নিশ্চয় দিছে । কিবা এটা কৰিব পৰাকৈ প্ৰনয়,নিলম আমি মিলি কিবা এটা দি শোকস্থলীৰ গন্তব্য পৰায়ন হলোহি ।
সচাকৈ সমাজত তেনেকুৱা কাহিনী কিমান জৰ্জৰিত হৈ আছে সেইবোৰ প্ৰাকৃতিক দূৰ্যোগতকৈয়ো ভয়ানক ,সেই দূৰ্যোগ কেনেকৈ আহে কব নোৱাঁৰি।ধুমুহাত ঘৰ ভাঙিলে ঘৰ পুনৰ বনাব পাৰি,কিন্তু তেজৰ সম্পৰ্কবোৰ ভাঙিলে বনাবলৈ ঠান, গতিকে সকলোৱে সাৱধান হোৱা উচিত ,তেনে দূৰ্যোগৰ পৰা ।
মিচিং গল্প শুনক


0 Comments