খণ্ড-একৈশ
দুই-দুপৰীয়া কথা আকাশত সুৰ্য্য দেৱতাই খাওঁ খাওঁ কৰি আছে ,ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ চকু থোৱাবই পৰা নাই ,তেনেক্ষণত বন্ধু নিলম পুৱাতেই উঠি গাৱৰ ইটো মূৰলৈ গৈছে । ভিতৰি ভিতৰি আটাইকেইজনৰে বুকুৰ উম উঠিছে ,আৰেহ কালি আমি গৈছিলোৱে ফুৰিব গাৱঁৰ ইটো মূৰলৈ ,সি বা গাওঁখনৰ বাটবোৰ চিনি পাবনে ? নাই ! তেনে কথা-বতৰাৰ সময়ত নঙলা মূু
![]() |
| খণ্ড-২১ |
খতে শেৱালী থিয় দি ডাঙৰকৈ চিঞৰিছে
:- অ বোলো ! ঘৰত মানুহ আছেনে ? বাৰু।শেৱালীৰ তেনে মাত শুনি মামীয়েকে বাহিৰলৈ ওলাই আহি কয়
:- তাতঁ থিয় হৈ কিয় চিঞৰি আছা ? আহাঁ সোমাই । তাই সোমাই আহে আৰু ব্যৱহাৰ যেন এক নতুনত্বৰ দীপ্তিয়ে বিকিৰিত হৈছে কোঠাটোত ,যেন বোধ হয় প্ৰনয়ক যেন চিনিয়েই নাপায় । প্ৰনয় যেন তাইৰ চকুত অতিথীয়ে। তেনে সময়তে আকৌ মামায়েকে শেৱালীক সূধে
:- তুমি বাৰু নিলমক লগ পাইছালানে ? সি যে ৰাতি পুৱাতেই উঠি একো নোখোৱাকৈ গৈছে । সি বা গাৱঁৰ ৰাস্তাটো চিনিয়ো নাপায় ? দেওঁবৰৰ বৰঠাৰ কথাত মই কলোহি ,
:- তাকেহে ! সিটো দস্তোৰুমত আমাক অৱগত কৰিয়ো যাব পাৰে ,কলৈ বা যায় ,সিফালে এই ঠাইত আলহী সি ।গাৱঁৰ মানুহবোৰ অন্য কিবা নাভাৱিলেই হ'ল আৰু । মোৰ কথাত শেৱালীেয়ে কয় ,
:- মই পিছে মানুহজনক নেদেখা নহয় ,ঢেকীত ধান দি থাকোতে দেখিছিলো ,নামটো নজনাৰ কাৰনেহে নামাতিলো ,মই জনাই নাছিলো তেওঁৰ নাম যে নিলম বুলি । শুনিছো তেওঁ হেনো খূউব ধেমালী কৰে হেনো । শেৱালীৰ কথাত মই একোকে ৰ'ৱ নোৱাৰি কলো
:- পিছে মোক চিনি পাইছাই নহয় ,
:- হয় হয় চিনি পাইছো কালি লগ পাইছিলো নহয় সুপ্ৰিয়াৰ লগত ,পিছে তাই উঠিলেনে নাই ?বাৰু কোৱাচোন দাদা নিবেদিতা নবৌ ঘৰত থিকেই আছেনে ? আমাৰ কথা -বতৰাৰ মাজত প্ৰনয়ে একো নোকোৱাকৈ গন্তব্য হৈছিল বাহিৰলৈ । শেৱালীৰ কথাত আকৌ কলো
:- ঠিকেই আছে বুলি কৈছে ! অৱশ্যে অনুজে মাজে মাজে আমনি কৰে বুলিয়ো কৈছে । মই অনুজৰ মাকক কৈছোহি ইয়াৰ পৰা উভতি যাবলৈ কাম এটা আছে এইটো কৰিয়ে যাম বুলি কালি কৈছো ফোনত । তাইৰ মনৰ মাজতে অলপ খেলিছিল প্ৰনয়ৰ ঘৰত বা কিবা কাম আছে ,এসপ্তাহ !! তাই ভিতৰি ভিতৰি ভাৱিব লগাত পৰিছে মামাহতঁৰ কি কাম আছে অথচ মই গম নাপামনে বাৰু?নাই মই মামীক সুধিব লাগিব । সেই সময়ছোৱাত পাকঘৰৰ পৰা বৰমাই চিঞৰিছিল নিয়ৰ অহ! আহাহি চাহঁ খোৱাহিছোন ? প্ৰনয়ৰ কথা সুধাত বাহিৰলৈ ওলাই গল বুলি কলোহি ।কেতিয়াবা মনত পৰি যায় অতীতৰ সিটো কথাবোৰ সেই যে কেন্টিনৰ সিপাৰত আমি আটাইকেইটাই চাহঁ খোৱাবোৰ নতুবা জিলাৰ স্বাগতম হোটেলৰ টেবুলত বহি চাহঁৰ আমেজ লোৱাবোৰ সচাকৈ বৰকৈ মনত পৰিবলগীয়া কথা । কেতিয়াবা কেতিয়াবা ঘৰত দেউতাৰ সতে কাহঁৰ বাটিত লাল চাহঁ খোৱাবোৰ ,কেতিয়াবা কেতিয়াবা কৈছিল দেউতাৰ বন্ধুয়ে লাল চাহঁত নিমখ দিলে হেনো কানিয়া হোৱাৰ হেনো লক্ষণ ,সেই কথাবোৰৰ আচল ৰহস্য এতিয়াওঁ নাজানো কিমান দূৰ সত্য সেইয়া সকলোবোৰচোন সময়ৰ পৰিপক্কতাই জানে কোৱা হয় ঊনৈশ শতিকাত আজুককাঁ সকলে চাহঁৰ লগত নিমখ দিয়ে হেনো চাহঁ খাইছিল । বাৰু যিকিনহওঁক চাহঁৰ কাঁপ খন হাতত তুলিছো ,এনেকুৱা যেন লাগিল কলেজৰ ইটো বিশেষ দিনত চুনামিৰ শাহুয়েক কাহঁৰ বাতিঁত চাহঁ খাই হাত ফুৰিছে এনো সেয়ে তাই প্ৰনয়ৰ মাকলৈ কাঁপৰ চেট দিছিল ,হয় হয় সেই কাপঁখনেই বেলিফুলৰ ছবিতেই দেখা পাইছো । বোৱাৰীৰ চিন বুলি ভালকৈ সাচিঁ থৈছে কিন্তু বৰমাই ,ইয়াতে গম পাইছো বোৱাৰীয়েকলৈ কিমান মৰম । চাহঁ তাপিত উষ্ণই দেহৰ অংশবোৰ চেৰ-বেৰ কৰিছিল ,আহঁ আহঁ কি যে আমেজ । সমুখৰ পৰা নিলম সোমাই আহিঁছেহি সোমাই অহা দেখি ক'লৈ বা গৈছিল ,কি কৰিব গৈছিল জানিবলৈ বৰ ইচ্ছুক আছিল । মই নুসুধাৰ আগতে নিলমে নিজেই কয়
:- পূৱাতেই উঠি আহিলোঁ,প্ৰনয়ক জগাই লৈ যাবলৈ বিচাৰিছিলো যোৱা কালিৰ দৰে সুপ্ৰিয়াই কান্দি থাকিব পাৰে বুলি..আমনি নকৰিলো ইফালে নিয়ৰ তই টো ৰজা টোপনি শুই আছ তেনেক্ষণত মই আৰু.....। সি মোক এনেকৈ কোৱাত কলোহি
:- ব'ৰ ডাঙৰ কামটোৱে কৰিলা আৰু ?? এনে কথা-বতৰাৰ মাজতে শেৱালী আহি কয় নিলমক
:- আপুনিয়ে নিলম নহয় নে ?
:- হয় হয়!
:- পুৱাতেই আপোনাক খৰ-খেদাকৈ যোৱা দেখিছিলো,
:- অহ হয় নেকি ? আপুনি শেৱালী নহয়নে? আপোনাৰ বিষয়ে আমি আটাইয়ে শুনিছো । নিলমৰ কথাত শেৱালীয়ে কয়
:- পিছে আপোনাৰ শ্ৰী মতী ঠিকেই আছেনে? শুনিছো আপোনালোকে ইয়াত এসপ্তাহ থাকিব ।কিবা এটা কামৰ বাবে ?শেৱালীৰ কথাত ধেমেলীয়া সুৰত মই
:- ক'তনো শ্ৰী মতী থাকিব,কলেজৰ দিনত টেম্পু ষ্টেচনত থিয় দি থাকোতেই গল বুইছা শেৱালী,,মনৰ কথাবোৰ নকলে নহয় ,তাই এতিয়া দুটি লৰা-ছোৱালীৰ মাক আৰু আমাৰ নিলম আজিয়ো আই এ এছ ,সম্পুৰ্ণ এখন দাক্ষিণাত্য চিনেমাৰ দৰে কলোহি । নিলম মোলৈ চাই ৰঙা চকু দেখুৱাইছে । তাৰ মাজে মাজে আকৌ শেৱালীয়ে কয়
:- অহ! হয় নেকি পিছে ,আই এ এছ ৰ কথাকে বুজি নাপালো ।
:- নিলম,আই এম ছিংগল,মই এনেকৈ ধেমেলীয়াকৈ কোৱাত শেৱালী হাহিঁ হাহিঁ কয়
:- আপুনি চিন্তা নকৰিবা আমাৰ ইয়াত এসপ্তাহ থাকিবা নহয় আমাৰ ইয়াতেই এজনী চাই দিম ,কি কোৱা নিয়ৰ দা ।আমাৰ কথা বতৰাৰ মাজতে নিলমে আকৌ কয়
:- অহ ! হব হব ,পিছে প্ৰনয়ক দেখা নাই যে ?নিলমৰ এনে কথাত বৰমাই কয়
:- অহ ! সি কলৈনো যাব , নদীৰ কাষত থকা আম-গছৰ তললৈ গৈছ কিজানি ,জানেনে সি যেতিয়া মনে বৰ কষ্ট অনুভৱ কৰে নতুবা কিবা ভাল লাগিলে তালৈ যায় । কি!বা কাহিনী তাতঁ লুকাই আছে সিয়ে জানে কি কোৱা শেৱালী ।শেষৰ শব্দটো কওঁতে বৰমাই তাইৰ চকুলৈ চাই কোৱাত সেই ঠাইৰ পৰা লাহেকৈ ওলাই যায় একো নামাতাকৈ । শেৱালীৰ সেই ৰূপ দেখি কাৰণটো বৰকৈ জানিবৰ মন গ'ল ,সেয়ে এই তাইলৈ নিলম আৰু মই ওলালো । কিছুমান কথা নকলেওঁ বুজি পাই বুলি যে কয় ইয়াতে ধৰিব পাৰিছো। আমি জানো শেৱালী আৰু প্ৰনয়ৰ প্ৰেমৰ সম্পৰ্ক এটা যুগত আছিল হয়তো এতিয়াওঁ থাকিব পাৰে সেইয়া শেৱালী আৰু প্ৰনয়ে জানে ,আমাৰনো কি আৰু প্ৰনয়ৰ সুখেই আমাৰ সুখ । সকলোবোৰ কাহিনী আমাক নকলেওঁ কিন্তু কিছুমান কথা যে আমাক কৈছিল এইয়া কিন্তু সত্য শৈশৱত কাগৰি বন লৈ খেলা গৰখীয়াৰ ৰূপ লৈ ৰাধা-কৃষ্ণৰ কথা আৰু বাৰে-বৰণীয়া মৰমবোৰ হয়তো সেই আমগছৰ তলতেই সৃষ্টি হৈছিল । বৰমাই কোৱাৰ দৰে প্ৰনয়েই আম জোপাহঁৰ তলত থিয় হৈ নৈৰ ইটো পাৰলৈ চকু থৈছো সম্পুে্ৰ্ণ বগা । এই পৰিৱেশ বোৰ নান্দনিক সৌন্দৰ্যৰে ভৰা পৰিৱেশ আছিল নৈখনৰ কাষে কাষে গৰাহ-খহনীয়াকৈ বাৰুকৈ আমনি কৰিছে নৈক । নৈৰ বুকুতেই ফেন ফুটুকাৰে বয়ছে কেৱল বয় গৈছে । দুই এটা মেচিনৰ নাওঁ দেখিছো বট্ -বট্ কৰি যোৱা শব্দবোৰো শুনিছো নাওঁখনত থকা মানুহবোৰক পৰুৱাৰ দৰে দেখিছো ।
![]() |
| এফালি কবিতা |
প্ৰনয় কেৱল শান্তৰে নৈৰ বুকুলৈয়েই চাই আছিল কেৱল নৈখনলৈ । আকাশখনত কলা ডাৱৰে ঢাকি ৰখাৰ দৰে ঢাকিছে তেওঁৰ ৰামধেনুৰীয়াৰ কপালৰ ৰেখাবোৰক । নিলম আৰু মই প্ৰনয়ৰ ওচৰ চাপিবলৈ প্ৰয়াসো কৰিছো তেওঁৰ দুখৰ সমভাগী হবৰ বৰকৈ ইচ্ছা প্ৰকাশ কৰিছিলো কিন্তু একো কানসাৰেই দিয়া নাই । প্ৰনয়ৰ দুখৰ পীড়াত সমভাগী হোৱাৰ হেপাঁহেৰে কাষ চাপিলো কিন্তু একোৱেই ক'ব বিচৰা নাচিল যদিয়ো নিলমে কয়
:- প্ৰনয় কি হৈছে তোমাৰ ?তুমি যদি আমাকেই নোকোৱা কাকনো কবা ।প্ৰনয় কেৱল তলমূৰ কৰিয়েই থাকিল ,কিন্তু মইয়ো যে কম নহয় সেয়ে বলপ্ৰয়োগ কৰি আকৌ সুধিলো
:- কি হৈছে তোমাৰ ,,হৃদয়ৰ দুখৰ বোজাবৰ পাতল হ'ব পৰাকৈ কুলা-কুলি কোৱাছোন কথাবোৰ । অনুৰুধ নে বলপ্ৰয়োগ নাজানো মাথো বাৰে-পতি আমনি কৰাত কয় বৰ দুখৰ উশাহ- নাশ্ৰুতত
:- হেৰা কথাবোৰ বৰ দীঘলীয়া...॥ তহঁত দুজন টোপনিত লাল-কাল, মইয়ো বিচনা যাম বুলি ভাৱছিলোহে কিন্তু তেনে সময়তেই মা'ই আহি যিটো কথাষাৰ কলে তেতিয়াৰ পৰা টোপনিৰ নামেই মূখলৈ নাহিল,ৰাতিপুৱাৰ পৰা সেইটো কথাকেই ভাৱি আছিলো । নিলমৰ সতে বৰ আগ্ৰহেৰে প্ৰনয় কথাবোৰ শুনাৰ মন মেলিলোঁ মাথো সি কৈয়েই গ'ল । পৃথিৱীৰ সমস্ত মানৱসমাজে শুই গল কাষৰ ইটো কোঠাত থকা দুই বন্ধু আমি ,নিলমো নিজান টোপনিত । এনেসময়তে বিচনাত আঠুৱা থৰোতে ,প্ৰনয়ৰ মাক সোমাই আহি প্ৰনয়ক কয়,
:- প্ৰনয় অহ! কিমান দিন এনেকৈ আৰু থাকিবা ,এদিন নহয় দুদিনৰ পিছত তাই ডাঙৰ হ'ব,হয়তো পিছত....॥প্ৰকৃততে বৰমাই প্ৰনয়ক কি'বা কব গৈছে হয়তো প্ৰনয়ে নিশ্চয় বুজি পাইছে, কথাৰ মাজতে প্ৰনয়ে মাকে কোৱা কথাষাৰ বুজি পায় কলে
:- মা,তুমি কোৱা কথাষাৰ বুজি পাইছো ,কিন্তু ! তেনে কিন্তুৰ মাজতে বৰমাই প্ৰনয়ক কলে
:- ইয়াত কিন্তু চিন্তু ,একো নাই সমাজত তুমি নোহোৱা কাম কৰা নাই ,
:- কিন্তু,
:- তুমি আকৌ কিন্তু কৈছা ,চোৱা প্ৰনয় সুপ্ৰিয়া ডাঙৰ হ'ব ,ভৱিষ্যতে মা'ৰ বিষয়ে জানিব বিচাৰিব ,মা'কৰ মৰম বিচাৰিব ,তুমি বজাৰত পোৱাৰ দৰে কিনি আনি দিব পাৰিবা ,তুমি পাৰিবা ।মাকৰ কথাত প্ৰনয়ে আকৌ কয়
:- মা' তোমাৰ কথাটো বুজিছো,মই বাৰু আপোনাৰ কথাত সহমত হৈছো দ্ধিতীয় বিবাহৰ বাবে কিন্তু মোলৈ কোনে বিয়া দিব ,কাৰণ মই বিবাহিত পুৰুষ । প্ৰনয়ৰ এনে কথাত মাকে কয়
:- তুমি কন্যাৰ বাবে চিন্তা নকৰিবাচোন ?কন্যা মই চাই থৈছো হয়তো তুমিয়ো তাইক ভালকৈ চিনি পোৱা ,তাই এতিয়া হয়তো তোমাৰ বাবে অপেক্ষাতে আছে কিজানি ?মাকৰ কথা বতৰাত ওপৰলৈ মূৰ থোৱাই ভাৱিছে ,সন্দেহ হৈছে ভিতৰি মা'কে শেৱালীৰ কথা কোৱা নাইতো । প্ৰনয়ৰ অনুধাৱনে ভালকৈ বুজি উঠিছে তেওঁৰ আইয়ে একালৰ লগৰীয়া,গৰখীয়া,..শেৱালীৰ কথাই কৈছে বুলি । তেনে ক্ষণত মাকে কয় লাহেকৈ বুজনি দিয়া সুৰৰ দৰে
:- তাইৰ বাহিৰে অন্য কোন আছে য'ত তোমাৰ বৃদ্ধ পিতাই আৰু তোমাৰ শীৰ্ণিয় মা'ক বুজি পোৱা । মাকৰ কথা কোৱাত প্ৰনয়ে আচৰিত হৈ কয়
:- কি ? সেইয়া অসম্ভৱ মা ! যদিয়ো মই তাইক বিয়া পাতিব খুজো তাই জানো মান্তি হ'ব আগৰ দৰে জানো মোক ভাল পাব ? ...তাই মোক বেয়া পাইয়েই আছে ,মই তাইক কেনেকৈ ক'ম সেইবোৰ কথা ,চহৰৰ পৰা অহা বহুদিনেই তাই অথচ মোক আৰু মই তাইৰ চকুলৈ চাবই পৰা নাই । মা সেইয়া অসম্ভৱ । প্ৰনয়ৰ তেনে কথাত মা'কে কয়
:- সুপ্ৰিয়াকো খুউব মৰম কৰে ,সুপ্ৰিয়াই তাইক মা'কৰ ৰূপত পালে বহুত ভাল পাব। তুমি তাইক কথা-পাতিবলৈ চেষ্টা কৰাছোন । এই কথা বতৰাৰ পিছত শুনোতা নিলম আৰু মই প্ৰনয়ক কবলৈ চেষ্টা কৰিছো
:- অহটো! বৰমাই ঠিকেই কৈছে , শেৱালীৰ বাহিৰে তোক আৰু সুপ্ৰিয়াক ভাল পাব পৰা জানো পোৱা যাব ,আৰু ইফালে ক'ত ৰাতিয়ে দেখা সপোন বৰঠাৰো পূৰণ হব । নিলমৰ এনে কথা প্ৰনয়ে কয়
:- কিন্তু শেৱালী জানো সন্মতি দিব,তাইক মই বিশ্বাসঘাত কৰিছো আজি মই তাইৰ ওচৰলৈ যাবলৈ লাজে বেৰি ৰাখিছে । প্ৰনয়ৰ কথা মই বুকুপিণ্ডাই কলো
:- তুমি সেইটোৰ প্ৰতি চিন্তা ,সেইটো মোৰ ওপৰত এৰি দিয়া ।
ক'ত কিমান ক'ত কথাৰ সোঁত বিলীন হোৱাৰ পিছত ঘৰমূৱা হলোগৈ । কথা দিছো যেতিয়া কামটো কৰিবই লাগিব ,দুবছৰীয়া সুপ্ৰিয়াৰ ভৱিষ্যতৰ কথাওঁ ভাৱিবটো লাগিব ॥
![]() |
| প্ৰেমৰ কেনভাছ |




0 Comments