Header Ads Widget

অনলাইন শিক্ষাৰ অনুভৱেৰে ইটো-সিটো,তপন পায়েং

 

অনলাইন শিক্ষাৰ অনুভৱেৰে ইটো-সিটো
তপন


তাহানিতেঁ যেতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ  ষষ্টমানত  আছিলো তেতিয়া শিক্ষাগুৰু সকলে মাজে মাজে কৈছিল  তহঁতি এনড্ৰইড মবাইলত গুগুল ব্যৱহাৰ কৰি পাইছানে ? সেই গুগুলৰ প্ৰসংগত কেতিয়াবা কৈছিল তহঁতৰ  সমান বয়সৰ লৰা-ছোৱালীয়ে আজিৰ যুগত অনলাইনত ক্লাছ কৰে ? তেতিয়াৰ পৰাই মনত জানিবৰ হেপাঁহ পুহিছিলো আৰু বৰ্তম‍ান সময়ত ইয়াৰে ছবি পৰিস্পুট হৈছে অৰ্থাৎ অনলাইন ক্লাছৰ। কিন্তু আচল কথাটো হল অনলাইন ক্লাছ কেনেকৈ কৰিব ? হাতত  এনড্ৰইড মবাইল খন আছেই যেনিবা তিনিশ টকাৰ ৰিছাৰ্জ কোনে বঢ়াই দিব ?ইফালে আমি গাৱলীয়া ছাত্ৰ ,মবাইলত নেটৱৰ্ক নাথাকে তাতেই কয়  ডিজিটেল ইণ্ডিয়া ইফালে আমি ইন্টাৰনেট বিচাৰি নৈৰ কাষে কাষে নতুবা খেতি-পথাৰৰ   মাজত যাবলগীয়া হয় । কাৰন ইন্টাৰনেটে আমাৰ গাৱলৈ ঢুকি  নাপায় গৈ, আকৌ ইফালে আমাৰ মবাইলৰ চাৰ্জো নাথাকে ,বৰ্ষা ঋতু আহি আছে বৰষুণ দিলেই বিদ্যুৎ কৰ্তন সেয়ে আমাৰ গাওঁ সমাজে কয় ইয়াক ছাগলী কাৰেন্ট নামেৰে নামাকৰণ কৰিছে  কাৰণ বৰষুণ দিলেই কাৰেন্ট নাহে দুদিনলৈ । কথাষাৰ শুনি আপোনাৰ নিশ্চয় হাহিঁ উঠিছে ,হাহিঁ নুশুঠিব কিয়নো ? যিয়েই আমাৰ অৱস্থা ।  এতিয়া কওঁকচোন অনলাইন ক্লাছ কেনেকৈ কৰিম ?

Post a Comment

0 Comments