Header Ads Widget

কভিদ মহামাৰী আৰু আমাৰ জীৱন,তপন পায়েং

 

আৰম্ভণি:-  জীৱশ্ৰেষ্ঠ মানুহৰ ক্ৰমাগত উন্নত চিন্তা চৰ্চাৰ মাধ্যমেৰে দিনে দিনে প্ৰগতিৰ জখলাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে ।  ন ন চিন্তা চৰ্চাৰ বাবেই বৰ্তমান সময়ত অৰ্থনৈতিক ,ৰাজনৈতিক ,
সামাজিক তথা বৈজ্ঞানিক আদি সকলো দিশত সফলতা লাভ কৰিছে ।  বিজ্ঞানৰ
চৰম প্ৰগতিৰ বাবে মানুহে অসম্ভৱকো সম্ভৱ কৰিব পাৰিছে । চিকিৎসা বিজ্ঞানে যেনেধৰে বিভিন্ন ৰোগ নিৰাময় কৰাত সফল হৈছে ঠিক তেনেধৰে কিছুমান ৰোগ নিৰাময় কৰাতো বিফলো হৈছে । বৰ্তমান সময়ত প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰা ৰোগেই হৈছে -কৰণা মহামাৰী।
            সমগ্ৰ পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা কৰণা মহামাৰী হৈছে ভাইৰাছ জনিত ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বতেই তিনি কোটিৰ অধিকে লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

কৰণা ৰোগৰ উৎপত্তি:-  এই ৰোগ চীন দেশত আৱিৰ্ভাৱ হৈছিল কিন্তু কেনেকৈ হৈছিল সঠিকভাৱে কোৱা ঠান আছিল যদিওঁ কিছু বিজ্ঞানী তথা চিকিৎসক সকলে ২০১৯ চনত চীন দেশত সেই ৰোগৰ প্ৰথম ধৰা পৰিছিল । ই এনে ৰোগ যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলাইছিল।
                      কৰণা মহামাৰী ২০১৯ চনত চীন দেশৰ ওৱানহু চহৰত উৎপন্ন হৈছিল।২০১৯ চনত কৰণাই উৎপত্তি হোৱাৰ বাবে ইয়াক কভিদ-১৯ নামাকৰণ কৰা হয়। ই ইমানেই ভয়াৱহ যে সংক্ৰমণৰ কিছুদিনৰ পিছতেই মানুহজনৰ মৃত্যুমুখত পৰিব পাৰে । বৰ্তমান সময়ত পৰিস্কাৰ ,পৰিচ্ছন্নতা,সচেতনতা সাৱধানতা আদিয়েই ইয়াৰ প্ৰধান মহৌষদ। কভিদৰ প্ৰতিকাৰ স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষনা কৰা নিয়ম তথা দুই-মিটাৰ ব্যৱধানত থকা ,শাৰীৰিক দুৰত্ব বজাই-ৰখা মাক্স পৰিধান কৰা ,ঘৰত থকা প্ৰয়োজন হলেহে ওলাই যোৱা আদিবোৰ ।
               কভিদৰ পৰা প্ৰতিকাৰ পোৱাৰ সমাধান স্বৰূপে সেইবোৰ হল জনবহুল ঠাইলৈ নোযোৱা,এই ভাইৰাছৰ লক্ষণ জ্বৰ ক‍াহঁ,পানীলগা,বমি নিউমনিয়া সদৃশ লক্ষণ আদি গাতঁ দেখিলে চিকিৎসক সকলৰ পৰামৰ্শ লোৱা ,কোনো ব্যক্তিক কৰমৰ্দন বা আলিংগন নকৰা ,হাত দুখন সঘনাই চাবোনেৰে বা ছেনিটাইজ কৰা ইত্যাদি ইত্যাদি ।

মানৱ জীৱনত ইয়াৰ প্ৰভাৱ :- কৰণা  মহামাৰীৰ বৃদ্ধিৰ ফলত আমাৰ জীৱনত বহুতো প্ৰভাৱ পৰিছে । কৰণা ভাইৰাছক সংক্ৰমণৰ ৰোধৰ প্ৰাৰম্ভিক প্ৰচেষ্টা হিচাপে চৰকাৰে " লকডাউন" অৰ্থাৎ "গৃহবন্ধী" ঘোষনা কৰিছে। এই মাৰাত্মক ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ কোনো পৃথক ব্যৱস্থা নাই । সেয়ে চৰকাৰে এনে নিৰ্দেশনা জাৰিকৰণ কৰাত বাধ্য হৈ পৰিছে । ফলত মানৱ জীৱনত বহুতো ভাল আৰু বেয়াৰ প্ৰভাৱৰ  বিস্তাৰ দেখিবলৈ পোৱা গৈছ।

মানৱ জীৱনত মহামাৰীৰ কু-প্ৰভাৱ:- কৰণা মহামাৰীৰ ফলত এনে লকাডাউনে সাধাৰণ মানুহৰ মাজত বিশেষভাৱে প্ৰভাৱবোৰ দেখিবলৈ পোৱা গৈছে । ইয়াৰ গ্ৰাম্য সমাজৰ কভিদৰ প্ৰভাৱত কৃষিক্ষেত্ৰ তথা কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীবোৰৰ অভাৱে দেখা দিয়াৰ ফলত কৃষকৰ হাহাঁকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । ফলত দেশত কৃষিখণ্ডত উৎপাদনৰ অৱনতি ঘটিছে । আনহাতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষা  জীৱনতো প্ৰভাৱবোৰ দেখিবলৈ পোৱা গৈছে । মহামাৰী কৰণাৰ উদ্ভৱ হোৱাৰ লগে লগে স্কুল,কলেজ বিভিন্ন শিক্ষানুষ্ঠান বন্ধ হোৱাৰ পাছত ছ‍াত্ৰ-ছাত্ৰী সকলৰ বৃহৎ ক্ষতিৰ ছবিবোৰ দেখিবলৈ পোৱা গৈছে । আনকি কিতাপৰ লগত থকা সম্পৰ্কবোৰেওঁ শিথিল হৈ পৰাৰ সম্ভাৱনাৰ ছবিয়ো দেখিবলৈ পোৱা গৈছে । ভাইৰাছৰ কু-প্ৰভাৱত আৰ্থ সামাজিক দিশতো অৱসান ঘটিছে ,উদাহৰণস্বৰূপে দৈনিক অসম কাকতত প্ৰকাশ পোৱা এজন ফটোগ্ৰাফাৰ জ্যোতিবৰ্ণ বৰাৰ কথাকেই উনুকিয়াব পাৰি । তেওঁ এজন ফটোগ্ৰাফাৰ হোৱাৰ উপৰিওঁ জেৰক্স মেচিন ,কম্পিউটাৰ দোকান চলাই ,পৰিয়ালক পোহ-পাল দিছিল। এনে লকডাউনৰ ফলত জ্যোতিবৰ্ণৰ পৰিয়ালৰ ভৰণ-পোষণত নাজল-নাথল অৱস্থা হৈছে।
        আনহাতে এনে লকাডাউনৰ গহীনা লৈ অসাধুৰ ব্যৱসায়ীৰ জন্ম হোৱা পৰিলক্ষিত হৈছে  । বজাৰত সামগ্ৰীৰ মুল্য বৃদ্ধি কৰা আদিয়ে দুখীয়াৰ হাহাঁকাৰৰ সৃষ্টি হৈছে ।

কভিদ মহামাৰী আৰু আমাৰ জীৱন
কভিদ মহামাৰী আৰি আমাৰ জীৱন


মানৱ জীৱনত মহামাৰীৰ সু-প্ৰভাৱ:-  বিশ্বজুৰি মহামাৰীৰ সন্ত্ৰাসৰ ফলত আমাৰ জীৱনত কিছু সু-প্ৰভাৱো দেখা দিছে ।  কভিদ-১৯ ৰ পৰা পৰিত্ৰান পাবলৈ লোৱা বিধিয়ে স্বাস্থ্যৰ দিশতো সু-প্ৰভাৱে দেখা দিছে। নিতৌ গৰম পানী সেৱনৰ ফলত অন্য আনুসংগিক ৰোগসমুহে আক্ৰমণ কৰিব নোৱাৰাত কিছু হলেওঁ বতৰৰ ৰোগৰ পৰা মানুহে পৰিত্ৰান পাবলৈ সক্ষম হৈছে । এনে লকডাউনৰ ফলত গাড়ী-চলাচল হোৱাত বন্ধ হোৱাৰ পাছত মানুহকে ধৰি প্ৰকৃতিৰো লাভালাভ হৈছে যাৰ ফলত গোলকীয় উষ্ণতা কিছু পৰিমানে হ্ৰাস পোৱাৰ লগতে বায়ু প্ৰদুষণো ৰোধ হৈছে বুলি ঠাৱৰ কৰিব পাৰিছে ।  স্কুল -কলেজৰ বন্ধ হোৱাৰ  পাছত সমাজত অনলাইন শিক্ষাৰো প্ৰভাৱ পৰিছে যাৰ ফলত কম্পিউটাৰ শিক্ষাৰ চাহিদা বাঢ়িছে ।  লকডাউনৰ ফলত বস্তুৰ দাম বৃদ্ধি হোৱাৰ ফলত মুল্যবোধ আৰু মিতব্যয়ী হবলৈ শিকাইছে যাৰ ফলত মানৱ জীৱনত কুপ্ৰভাৱৰ লগতে সুপ্ৰভাৱৰো ছবি দেখিবলৈ পোৱা গৈছে । ইয়াৰ গুৰুত্বপুৰ্ণ প্ৰভাৱটো হল যে মানুহ পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকিবলৈ শিকাইছে ,মুদ্ৰা সাচীৰখাৰ কথা শিকোৱা ইত্যাদি ॥

সামৰণি:-      মানৱ জীৱন অধিক অমুল্য। গতিকে সকলোৱে তেনে ৰোগৰ পৰা ৰক্ষা পাবলৈ চৰকাৰৰ নিয়ম বা প্ৰটকলবোৰ মানি চলি কৰণাক প্ৰত্যাহত কৰোহঁক ॥
       শেষত

       আহক সকলোৱে গৃহবন্ধ হওঁ

       হাত দুখন চাবোনেৰে ধুওঁ

       অলৈ-থলৈ যাওঁতে মাক্স পিন্ধো

       তেতিয়াহে পৰাস্ত কৰিব কৰণাক ॥






Post a Comment

0 Comments