হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,খণ্ড-বাইশ,কাৰ্চাং তাকাৰ
খণ্ড-বাইশ
জোনাকে শূন্য আকাশত ৰজন-জনাইছে।আহুলীয়া তৰা বোৰেওঁ ধিমিক ধামাকৈ জ্বলিছে । মাথো আমি তিনিজনে জোনাকলৈ চায় চাঙতে ৰাজহাঁড় মেলি বহিছোঁ । তাৰ মাজে মাজে কিছু কথা কোৱা নোকোৱা কথা সমাজে আদৰি ল'বনে নলয় ,এনেই ব্যংগ । মানুহে কয় সেই যে সেই কথাবোৰ যেতিয়া আপোনাৰ প্ৰিয় বা আপোন মানুহজন স্বৰ্গঘামী হোৱাৰ পিছত হেনো তৰা হৈ সৌ দেখা জোনাকৰ লগত চম্-চমকাই । সেই ভাৱে প্ৰনয়ো থয় নেত্ৰ আকাশলৈ ,আপুনি জানো বুজিব তেওঁৰ দৰে অন্যজনৰ কথা জানো বুজিব পাৰিব তেওঁলোকে । নিতৌ কি ৰচে সপোন আৰু কিমান ভাগে সপোন মকৰা জালৰ দৰে । পুনৰাই জাল বনাবলৈ সংগীয়েই জানো পাৰিব অকলে অকলে । আমি মাথো নিৰৱে নিৰৱে সহিছো একো নোকোৱাকৈ ,কেৱল সিয়ে জানে স্বৰ্গঘামী হোৱা চুনামীৰ কথা নে কন্যা সুপ্ৰিয়াৰ কথা নে নাই ৰাতিটোত কোৱা শেৱালীৰ কথা । .
:- ঐ নিলম তোক যে আজি মাতি যোৱা কোন আছিল অহ! মোৰ কথাত নিলমে কয়
:- অহ সেইজন ! ৰমনী খুৰা,হেই এনো তেওঁৰ লৰাকে সেইবাৰ মেট্ৰিক দিব পাৰিছেনে নাই চাই দিব লাগে আকৌ ।
:- ভাল কৰিছা দেই ! আশীৰ্বাদ পাবা তুমি লগতে মৰম । এইবুলি কোৱাঁৰ পৰত প্ৰনয়ে কলে
:- বা ,তুমি কম বস্তু নহয় দেই সেই-কেইদিনতে বহুত চিনাকি হ'লা ।প্ৰনয়ৰ এনে কথাত নিলমে কয়
:- সদায় ৰাতিপুৱা দেখি থকা মানুহক চিনি পাবই নহ! প্ৰত্যেক গাৱৰ মানুহবোৰেই ভাল বুইছা! যেন সেই যে আমি দেখা ধাননি দৰে ,ভাল মহৌষদ এটা পালেই তেওঁলোকেওঁ ধুনীয়া হৈ পৰিব । নিলমৰ কথাত প্ৰনয়ে কয়।
:-প্ৰকৃততে প্ৰত্যেক মানুহেই ভাল বুইছা! অৱশ্যে দুই-এটা বেয়াওঁ নোহোৱা নহয় যত ,ভাল আলু বস্তাৰ মাজতে বেয়া আলুৰ দৰে কাম কৰে যাৰ ফলত পৰিৱেশেই ধ্বংস হৈ পৰিছে । কি কম ! গাৱত পঢ়া মানুহৰ সংখ্যা খূউব তাকৰ।যাৰ ফলত এনে অৱনতি ।
:- কিয় গাৱঁত স্কুল নাই নেকি ? মই প্ৰনয়ক এনে কোৱাৰ পাছত
:- আছে ! কিন্তু দহ মাইলৰ নিলগত । বাৰিষা হলেই ভৰিৰ আঠুলৈকে পানী উঠা। আচলতে শিক্ষা নোলোৱাৰ কাৰণ কেতিয়াওঁ সেইটো হব নোৱাঁৰে । মানুহৰ ইচ্ছা থাকিলে সকলো কামকেই সিদ্ধি কৰিব পাৰি । তুমিয়ে চোৱাছোন নিয়ৰ ,দেউতাক নিজে স্কুল নোযোৱা নাছিল বুলিয়েই পুতেকক স্কুল নপঠিয়াকে থাকিব পাৰিনে । মই সিহঁতৰ আগত কিমানবাৰ কলো লৰা-ছোৱালী কেইটাক স্কুললৈ পঠাব লাগে । মই তেনেকোৱাত ওলোটা মোকেই কয়,চোৱাছোন মই জানো আগতে স্কুল গৈছিলো ! চোৱা এতিয়া মোকেই ,মই এতিয়াওঁ জীঁ আছো।তেওঁলোকৰ এনে মানসিকতাৰ বাবেইটো পিছপৰা । প্ৰনয়ৰ কথাত মই আকৌ কলোঁ
:- আচলতে শিক্ষিত -অশিক্ষিত বুলিবলৈ নাই ! ভাল মানুহ হবলৈ হল মানসিকতা ভাল হব লাগিব ,মানুহজন ডিগ্ৰীদাৰী হৈ কি লাভ মানুহক ভালকৈ ব্যৱহাৰ কৰিব নাজানিলে ।এনে কথাৰ বতৰাৰ মাজত নিলম কয়
:- আচলতে ভাল-বেয়াবোৰ চিনিবই নোৱাৰি । চিনিব পৰা হলে ভাল আছিল বুইছা নিয়ৰ ,অণুবীক্ষণ যন্ত্ৰৰ সহায়েৰে চাব পৰা হলেওঁ ভাল আছিল কোন ভাল কোন বেয়া । যেনে আমাৰ আশে-পাশে থকা মানুহবোৰ ভাল হোৱাৰ অভিনয় কৰে। সিহঁতি ভাৱে যে কেৱল সেই মানুহজনক কেনেকৈ অন্যায় বা ঠগিব পাৰি । সেয়ে কিছুমান কাম চাই-চিন্তিয়ে কৰো । যেনে তহঁতৰ গাৱঁতেই ঘটি যোৱা ঘটনাবোৰ । চোৱাচোন নিজৰ স্বাৰ্থৰ বাবে তেজৰ সম্বদ্ধৰ মানুহকো হত্যা কৰিব পাৰিনে ,তেনে উদাহৰণৰ ফলতেই অন্য মানুহকো বিশ্বাসত লবলৈ দ্ধিধা বোধ কৰে।তেনে কথা বতৰাৰ মাজতেই প্ৰনয়ে কয় ।
:- বাৰু ! সেইবোৰ বাদ দিয়া ,নিলম কোৱাচোন ৰাতিপুৱা ৰাতিপুৱা তুমি কলৈনো যোৱা ,আমাক কয় থৈ যাব লাগে নহ! আমি বৰ চিন্তাত পৰো অহ ,,তোমাৰ কিবা এটা হলে তোমাৰ দাদা-বৌএৰক কি বুলি কম ,তুমিটো জানাই আজিকালি বিপদৰ কথা কব নোৱাৰি কাৰ কি কেতিয়া হৈ যায় কবকেই নোৱাঁৰি । প্ৰনয়ৰ এনে কথাবোৰে নিলমৰ হৃদয়ত যেন খুন্দা মাৰিছে তাৰেই উমান । বৰ আবেগিক হৈ পৰি কয়
:- হেৰা! তোমালোকে মোক যিমান আপোন কৰি ৰাখিছা,কাহানিওঁ মোৰ আই-পিতাইয়েওঁ থাকিলেঁহেতেন সিহঁতিওঁ কৰিব নোৱাৰিলেহেতেঁন ,যিটো তোমালোকৰ মৰম ,কথা-বতৰাই আপোন কৰি ৰাখিছে ,সেইবুলি কয় চকু নিগৰাই প্ৰনয়ক সাৱটি ধৰে । নিলমৰ এনে কথাত মই কলোহিঁ,
:- তুমি আমাকো কন্দোৱাইছা!
:- যাক মই আপোন বুলি ভাৱিছিলোঁ ,তেওঁলোকেই মোৰ পৰা আতৰি গল অহ! দাদা-বৌয়েওঁ চায় মোক কেৰা চকুৰে ,মই ইমানেই দুৰ্লক্ষ নে । মোৰ প্ৰেমো বিচ্ছেদ কয় হেনো মই শনি লগা কিয় মোৰ কি! ভূল আছিল । (নিলমে কান্দি কান্দি কয় )।
আমি যিমান ভাৱিছিলোঁ নিলমৰ কথা তাতকৈ বহু গাম্ভীৰ্য্যৰ বৈশিষ্ট্য পূৰ্ণ বহন কৰিছে । যেন বহু গভীৰতালৈ পোট মেলিছে,প্ৰনয় আৰু মই নিৰৱে নিলমৰ চকুত চকু টুকিছো ,প্ৰয়োজনত কান্দিছো মাথো সি কয়েই গল অতীতৰ কাহিনীবোৰ।
নিলমৰ দেউতাক চৰকাৰী কৰ্মচাৰী ৰাজহ চক্ৰ বিষয়া । মাকে ঘৰতেই থাকে ,তেতিয়া নিলমৰ ককাঁয়েক ৰানা সু-সম্ভৱত নিলমতকৈ পাচঁবছৰ ডাঙৰ । গতিকে ঘৰটোৰ একমাত্ৰ সৰু পুতেক কেৱল নিলম । ৰানা নিলমৰ প্ৰতি ইমানেই হিংসাত্মক যে নিলমক মাৰি পেলাবলৈ কুণ্ঠাবোধ নকৰে কাৰণ মা-দেউতাৰ মৰম সি এনো কমকৈ পাইছে । সকলোবোৰ বস্তু নিলমেহে বেছিকৈ পায়,বিহুৰ কাপোৰ হলেওঁ ৰানাতকৈ নিলমে বেছিকৈ পায় ।
তেতিয়া বহাগ মাহ আছিল ৰঙালী বিহুৰ শুভেচ্ছাৰে নিলম মা-দেউতাকৰ সৈতে মামায়েকৰ ঘৰলৈ ওলাইছে ; সিহঁত ওলোৱা দেখি ৰানাওঁ জোতা-মোজা পিন্ধি একদম গাড়ীৰ ভিতৰত বহি আছে । ঘৰৰ দৰ্জাৰ মুখত থিয় হৈ মা-দেউতাকে ৰানাক মাতিয়েই আছে ইফালে আনন্দতে ৰানাই দেউতাকৰ চিঞৰ শুনাই নাই । অৱশেষত দেউতাৰ চিঞৰটো শুনি পায় গাড়ীৰ পৰা বাহিৰৰ পৰৱ ওলাই আহি কয়
:- দেউতা মোৰ হ'ল!ৰানাৰ এনে কথাত দেউতাকে খংঙতেই কয়
:-তই কলৈ যাৱ! তই গলে ঘৰত কোনে থাকিব ,ঘৰখনক কোনে চাব ।কথাষাৰ শুনি ৰানাই ভিতৰি ভিতৰি কান্দে কান্দে ,মনৰ বেজাৰতে জোতা -মোজা খুলি ঘৰৰ ভিতৰলৈ সোমাই । মাকে পুতেকৰ এনো অৱস্থা দেখিব নোৱাৰি সোমাই যায় । সি ৰানাই দৰ্জাটো বন্ধ কৰি কোঠাটোত আছে খুলিবলৈ কোৱাত সি খোলে । আৰু মাকে কয়
:- অ সোণ কিয় ! কান্দিছা ,তুমি ডাঙৰ হ'লা নহ,সেয়ে তোমাক থাকিবলৈ কৈছো নহলে নিলমকো লৈ নগলো হয় । আজি সন্ধিয়াতেই ঘুৰি আহিম । নাকান্দিবাছোন বাৰু সেইটো লোৱা বিশ টকা ।কাষৰ ঘৰটোৰ দোকানত খোৱা বস্তু লৈ খাবা । বাৰু আহিছো । ৰানাৰটো এনে অৱস্থাৰ ফলত হিংসা আৰু বাঢ়িবই ,কোনেওঁ বান্ধ দিব নোৱাৰে,মাথো ভয় যাতে সেই বানে বানপানী নহয় । ৰানাই হয়তো ভাৱিছে আই-পিতাইয়ে কেৱল "নিলম"কে কিয় চেনেহ কৰে ,মইয়ো এই মৰমৰ পাত্ৰ হব নোৱাৰোনে ?
এই খিনিতে উনুকিয়াওঁ বেদব্যাসৰ ৰচিত মহাকাব্য মহাভাৰতৰ কথা । কৌৰৱ আৰু পাণ্ডৱৰ কথা সকলোৰে পৰিচিত । পৰিচিত যেতিয়া পাণ্ডৱসকলৰ বনবাসলৈ যোৱা কথাবোৰ নিশ্চয় পৰিচিত নহ'য়নে ? ইয়াতে উল্লেখ কৰিব বিচাৰিছো যে সেই সময়ৰ সাধাৰণ দম্পতি হালে অৰণ্যৰ পৰা খৰি কাটি আনিছিল আৰু এই হাবিৰ পৰা ঘৰলৈ উভতি আহোঁতে বাটতে পৰ্বত সদৃশ্য ৰাক্ষস-মানৱক লগ পায়,ৰাক্ষস-মানৱক লগ পায় ভয়তে দম্পতি হালে কম্পিত হ'বলৈ ধৰিছিল । আৰু পৰ্বত সদৃশ্য শৰীৰ থকা ৰাক্ষসজন কোনো নহ'য় তথা এই যুগৰ ভাৰতৰ শ্ৰেষ্ট গধাদৰ ভীম সিংঙৰ পুত্ৰ ঘটোৎকস। ঘটোৎকসক দেখি ভয়তে কপিবলৈ ধৰিছিল এনে সময়ছোৱাতে ঘটোৎকসে দম্পতিহালক কলে
:- ঐ মানৱ তহঁতৰ মানৱৰ ভিতৰত ,পূজাৰ বাবে মানৱৰ প্ৰয়োজন । তহঁতৰ ভিতৰত কোন যাবা কোৱা ?
এই কিনিতে আকৌ কওঁযে দম্পতি হালৰ তিনিজন পুত্ৰ আছিল । তিনিজন পুত্ৰৰ দেউতাকে মাত দিয়ে
:- মোক লৈ যাওঁক ! মোৰ আৰু পৃথিৱীত থাকিবলৈ বেছি সময় নাই আৰু! হে দানৱ তুমি মোকেই লৈ যোৱা । এনেকৈ কোৱাত পাছত ঘটোৎকসে কলে
:- হেৰৌ,মই আপোনাক পূজাৰ বাবে নিমন্ত্ৰণ কৰিব নোৱাৰিম,পূজাৰ বাবে সুস্থ মানৱল মানৱৰে প্ৰয়োজন। আপোনাৰ সেই সন্তানকেইটাৰ ভিতৰত অগ্ৰজক নতুবা অনূজক?তেনেই কোৱাত মাতৃয়ে কলে,
:- হে দানৱ ! ডাঙৰ লৰাজনক কেতিয়াওঁ কোনো কদাপি নিদিওঁ আপোনাৰ পূজালৈ। মাতৃৰ কথা
:- নহ'লে সৰুহকেই দিয়ক পূজালৈ । ঘটোৎকসৰ এনে কথাত মাতৃয়ে আকৌ কলে
:- নাই নাই,সি মোৰ চকুৰ মনি,আটাইতকৈ সৰু ল'ৰা।
অৱশেষত মাজুটোৱে কলে ,হে দানৱ,মই বাৰু আপোনাৰ পূজাৰ বাবে মই যোগ্য নহয়নে ,আপুনি আপোনাৰ পূজাৰ বলিৰ বাবে মোকেই পাত্ৰ বনাওঁক। মাতাই কয়ছে ডাঙৰ ককাই তেওঁৰ প্ৰিয় ,আৰু ভাইটি মাতাৰ বাবে চকুৰ মনি । মোক লৈ যোৱা পূজালৈ মই কাৰো প্ৰিয় হ'ব নোৱাৰিলো ,মাতাই মোক প্ৰেম নকৰে । মোক লৈ যোৱাহি তোমাৰ বলিস্থলীলৈ ।মাজু পুত্ৰৰ এনে ভাষ্যত তিনি পুত্ৰৰ মাতৃয়ে কান্দিবলৈ ধৰিছিল আনহাতে সেই সময়তেই ভীমো তেওঁলোকৰ দৰে অৰণ্যখনৰ পৰা খৰি লবলৈ গৈছিল ,হাবিখনৰ উভতি আহোঁতে ভীমে সকলো কথাবোৰ শুনি ভীম মাজু পুত্ৰক কয়
:- হেই ভালক মা মমতাক লৈ সন্দেহ কৰিব নাপায়,মা সকলোৰ বাবেই সমান ,মাতাৰ যিমান পুত্ৰ থাকিলেওঁ সেই আটাইবোৰৰ মা মৰম সকলোৰ বাবে একেই ,মাতাক লৈ কেতিয়াওঁ এনে বাক্য ন'কবা । ভীমৰ এনে কথাত মাজু পু্ত্ৰই নিজৰ মা'কক ক্ষমা খুজে আৰু এই মাজু পুত্ৰৰ সলনি ভীমেই সেই পূজাৰ বাবে মান্তি হৈ ঘটোৎকসৰ লগত যায় ।কিন্তু ঘটোৎকসে নিজৰ পিতৃদেৱক চিনি পোৱা নাছিল সেই দহটা হাতীৰ সমান বল থকা মানুহজন তেওঁৰ পিতৃ ভীম বুলি ।
ৰানাই জানো বুজিব সেই বাক্যবোৰ মা'ৰ মৰম প্ৰতিটো সন্তানৰ বাবে সমান বুলি । সময় কাটাডাঁলে পুৱৰ পৰা পশ্চিমত শেষত কাটাডাঁল থমকি ৰৈ গৈছিল । বেলি অস্ত হোৱা কমলা ৰংঙৰ আভাবোৰ লাহে লাহে কলা ৰংঙেৰে সন্ধিয়ালৈ ৰূপান্তাৰ হৈছিল। কিন্তু নিলমসহ মা-দেউতাকে অহা খবৰ সুত্ৰওঁ পোৱা নাছিল । চাওঁতে নিশা নিশা আঠ বাজিছিল ,ইয়াতেই পৰিস্পুত হৈছে যে ৰানাৰ শ্ৰদ্ধা মৰম মা-দেউতাৰ বাবে কিমা ইয়াতেই সকলো উপজিছে । ৰানাৰ অকনো চিন্তা নাই ,সেই মানুহজন জানো আই-পিতাইৰ বাবে প্ৰিয়-পাত্ৰ জানো হব পাৰি কিন্তু কৈছোৱেই প্ৰতিটো সন্তানেই মা-দেউতাৰ বাবে প্ৰিয় পাত্ৰ একোটা। প্ৰতিজন আই-পিতাই ভাৱে যে তেওঁলোকৰ লৰা-ছোৱালীবোৰ একো একোটা ফুলত টাপ সিহঁতি সজাব খুজে ঘৰৰ চূকত একোটা ফুলৰ দানিৰ দৰে । কোঠাটোত সকলে ব্যয়বহুল শব্দৰে অকলে অকলে টিভিৰ আনন্দ লৈছে ,ঘৰৰ জপনামূখত কি চলিছে চুৰে জপনাখন চুৰি কৰি লৈ গৈছেই নেকি একো খবৰেই নাই।এনে সময়তেই জপনা মুখত মৃত্যুন্জয় গাড়ীৰ শব্দ গাড়ীৰ শব্দ শুনি কোনোমতেই কোঠাটোৰ ভিতৰতে বহি থাকিব পৰা আৰু অৱস্থাত নাই। ঘৰখনৰ ওচৰ-চুবুৰীয়াবোৰ চাবলৈ আহিছে মিষ্টাৰ ফুকনৰ ঘৰত বা কি হ'ল । বৰ দুখৰ কথা যে মিষ্টাৰ ফুকন-ফুকননী আৰু নাই সেই পৃথিৱীত। ভগৱানৰ কৃপাত নিলম বাছিল অৱশ্যে কোনো এটা অংশত আঘাত প্ৰাপ্ত ,সেয়ে আজিৰ সময় ছোৱালৈকে নিলমৰ পেটৰ অংশত বেজিৰে চিলোৱা । কিন্তু কম নিষ্টুৰ নহ'য় ৰানাই ভিতৰি এইটোৱে ভাৱিছে সি কিয় নমৰিল । ভিতৰি ভিতৰি ভাৱিছে ৰ'হ সম্পত্তিবোৰ মোৰ নামেই কৰিম মা-দেউতাই জীয়াই থকাৰ সময়ত মা-দেউতাৰ মৰম নাপালোৱেই চাই লওঁ । এনে সময়চোৱাত ঘৰৰ ওচৰ-চুবুৰীয়া এজনে কৈছে,
:- ৰানা তুমি এতিয়া কম বয়সৰ হ'লেওঁ ,সচেতন হ'ব লাগিব ,নিলমক ডাঙৰ কৰিব লাগিব । মা-দেউতাৰ অভাৱ কেতিয়াওঁ অনুভৱ কৰিবলৈ নিদিবা। সেইবুলি কয় গুচি যায়।
পৰৱৰ্তী কিছু বছৰৰ পিছত । এতিয়া ৰানা পয়ত্ৰিছ বছৰীয়া যুৱক । তেওঁৰ সহধৰ্মিনী সুলেখা ৰানা যেনেকুৱা তাতঁকৈ দুগুন হে সুৰেখা । কিন্তু তেওঁলোক দুজনৰ এজনী কন্যাওঁ আছে নাম ৰশ্মি ,তাই কিন্তু খুউব নিলমক ভাল পায় । কাৰণ নিলম ৰশ্মিক নিজৰ ভন্টিৰ দৰে স্থান দিছে সম্বদ্ধত ভতিজী হ'লেওঁ। সময়ৰ পিছত সময় যোৱাৰ পাছত ৰানা অৱশ্যে আগতকৈ অলপ সলনি হ'ল ,তেওঁ কমকৈ হ'লেওঁ নিলমকো মৰম কৰিছেগৈ পিছে বিবাহীত পুৰুষ সদায় ৰশ্মিৰ মাকৰ তলতেই থাকে । সেয়ে সুৰেখাৰ আগত সম্পুৰ্ণকৈ মূখ মেলি ক'ব নোৱাৰে । যিমান পাৰি যিটোৱে কওঁক নিলমক কিন্তু নিলমে কিন্তু দাদা-নবৌলৈ কোনো দিনে ওলোটাকৈ ধনুৰ কাঁৰ থোৱা নাই কাৰণ সি দাদা-নবৌক সি সদায় নিজৰ পিতৃ-মাতৃৰ ধ্বজা দিছে । তেওঁৰ বিশ্বাস যে ৰানা আৰু সুৰেখাই এদিন নহয় এদিন নিশ্চয় তেওঁক আকোৱালী ল'ব ।
এনেকৈ নিলমৰ কথাত শুনি প্ৰনয় আৰু মোৰ মূখৰ শব্দই বাৰুকৈয়ে হেৰাই গৈছিলগৈ মাথো প্ৰনয় আৰু মই সিটোৰ পিছত ইটো জীৱন কাহিনীৰ পৃষ্ঠাহে মেলিলোঁ মাথো সি কৈয়েই । প্ৰনয় আৰু মই কেতিয়াওঁ ভৱাই নাছিলোঁ তেওঁৰ এদিন প্ৰেমীকা আছিল । সেইটো কথা জ্ঞাত হৈছিল অচিন আৰু বিনোদে ,তেওঁৰ প্ৰেমৰ বিষয়ে কেতিয়া কোৱা নাছিল। হয়তো আজি মূখ মেলিছে সকলোবোৰ ।
কাহিনীটো এনেকুৱা ধৰনৰ "পাখী ভঙা চৰাইৰ দৰে " প্ৰেমীকাৰ নাম তেওঁ ক'ব খুজা নাছিল। কাৰণ তেওঁ ভাৱে যে অন্য পুৰুষে যাতে তাইক ,তাইৰ ক্ৰিয়াকৰ্মৰ ভাৱে মুখ উদঙি নকয়,তাৰেই ভৱিষ্যত ভাৱি কোৱা নাই । কাৰণ সি ছোৱালী তথা নাৰীসমাজক সন্মান কৰি আহিছে সেই ভাৱেইটো জানি-বুজিওঁ বুকুতে গুপুটিছে । তেওঁৰ মতে প্ৰেম বুলিলেই যে বিবাহ হব পাৰে সেয়া কোনো কথা নহয়।কিন্তু কোৱা হয় যাক বেছিকৈ ভাল পোৱা যায় তাক কেতিয়াওঁ পাহৰিব পৰা নাযায় সেয়াইটো প্ৰকৃত প্ৰেম। কিন্তু পাখী বঙা যে চৰাই ,কিমান যে সপোন দেখিছিল , এদিন দুয়োৱে পাখী মেলি উৰিব আকাশত । কত কিমান যে সপোন ৰচিছিল । কেৱল সিয়ে জানিছিল । মানুহ সদায় লুভীয়া হয় সদায় আনৰ সম্পত্তিৰ ওপৰত ,কাৰণ তাই জানিছিল নিলম ধনী ঘৰৰ ল'ৰা ,যত সি থাকে পকী ঘৰত । কিন্তু তাই যে জনা নাছিল সেইখন ঘৰ যে চলে কেৱল নবৌ সুৰেখাৰ মতে । যিদিনা নিলমে সকলো কথা তাইক বিৱৰি কলে যে তেতিয়াৰ পৰা সেই পাখী ভঙা চৰাইজনী"পাখি ভাঙিয়েই গল। আছে মাথো নিৰাশাৰ সেইভাৱে কলেজৰ সময়ছোৱাত অচিনৰ সতে হাহিঁ-ধেমালীৰে দিনবোৰ কটাইছিল।অথচ আমাকো জানিব দিয়া নাছিল তেওঁৰো যে এদিন প্ৰেম হৈছিল ।
নিলমৰ কথাই যেন জোনাককো ওভতনি কৰিছে,সময় জানো কেনেকৈ গ'ল একো গমকেই নাপালোঁ ।এনে সময়তে নিলমে আকৌ কলে
:- বাৰু যিকিনহওঁক আজিলৈ বহু ৰাতি হ'ল পিছৰ খিনি কথা পিছত কম,তেওঁৰ কথাত মই কলোঁহি
:- অহ পিছে তোৰ ইটো কথাটো নকলা নহ'য়?
:- হ'ব দিয়া পিছত ক'ম প্ৰথমে প্ৰনয়ৰ কামটো কৰি লওঁ কি কোৱাঁ? নিলমে সেইবুলি কয় আৰু আমি আটাইকেইটাই নিজৰ নিজৰ শুৱা বিছনালৈ গন্তব্য স্থান হ'লো ॥
পৰৱৰ্তী তেইশ খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে:-----



1 Comments