Header Ads Widget

আপোনাৰ শব্দত প্ৰাণ পোৱা কথাবোৰ?নীলা খামৰ চিঠি

 


মৰমৰ

      সুখলতা বাইদেওঁ

 

কুশলে আছাটো? বেয়া বুলিনো কেনেকৈ ভাৱিম হাহিঁ মুখীয়া ৰূপৰ কথা-বতৰাই ,তোমাৰ এই ভাইটিজনৰ হৃদয়ত দুখৰ শ্মশান দিব জানো পাৰি। কিন্তু মই জানো আপোনাৰ হাহিঁত বা কিমান বিষাদৰ নৈবোৰে পোতঁ খাই আছে ,আপোনাৰ এই নিৰিৱিলিৰ চকুৰ ভাষাই মোৰ কাণে কাণে অশান্ত বতাহ হৈ বৈ যায়,মই মাথো শুনি আছো বিষাদৰ গীতটি তাৰ পাছতো আপুনি ?এই হাহিঁ কিহৰ বাবে!মোলৈ ইমান চেনেহ নে?আপুনি ঠিকেই কৈছিল তেওঁলোকৰ পৃথিৱী আৰু আমাৰ পৃথিৱী সম্পুৰ্ণ পৃথক । প্ৰতিটোতেই কেৱল টকা টকা ,দুই বৰ্ণৰ শব্দকে বাৰে বাৰে শুনি মোৰ কাণ দুখন হাতীৰ  কাণৰ দৰে হৈছেহি । বাৰুকৈয়েই বুজি উঠিছো টকা নহলে মানুহে চিনি নাপায় । সকলোৰে পৰিৱৰ্তন ঠিক এটা বস্তুৰ সলনি সেয়া সৰুতে দেখা সুৰ্য্যৰ পোহৰ  ,আগতো আৰু এতিয়াওঁ একেই ৰূপ । আপুনি জানেনে ? যোৱা ৰাতিটোত মিঠাতেল নোহোৱাত আলু আৰু বেঙেনাৰ পিটিকা বনাই মা'ই খোৱাইছিল আৰু কৈছিল  নিয়ৰ অহ আজি আলু পিটিকাকে খোৱাহি মদন দাৰ দোকানত  মিঠাতেল শেষ হল বুলি। মই বুজো মা'ৰ মৰম ,কিমান হেপাঁহ আছিল পুতেকক জুতি লগা এসাজ ভাত খোৱাবৰ বাবে কিন্তু  বস্তুৰ দামেই মাৰ ইচ্ছা চুটী কৰি পেলাইছিল । মা'ৰ আশা ,আপুনি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব ঘৰখন আপুনিয়েই চাব লাগিব পিছলৈ ,কিন্তু  কেতিয়াবা মই নভৱাওঁ নহয় পঢ়িব শুনিব চাকৰিৰ বাবে পৰীক্ষাওঁ দিব ,চাকৰিৰ পৰীক্ষাওঁ দিবা উৰ্ত্তীৰ্ণ হবা  কিন্তু চাকৰিৰ বাবে ইমান টকা কত পাব । দেৎ তেৰি ! মই মিছাতেই সেইবিলাক ভাৱি আছো ।  আজি কালি সেইবিলাক নাই বুলি শুনিছো মুঠতে আপুনি সেইবিলাক কানসাৰ এক্কেবাৰে নিদিবা । আইৰ আপোনালৈ বৰ চিন্তা অহ!  কুশলে থাকিবা দেই ,নতুন চহৰ নতুন মানুহ চিনিবকে নোৱাৰি যিয়ে উৎপাত বাটৰ কাষত থকা পান দোকানীয়ো চিঞৰে  "কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা " , নতুবা মাজনিশাত বাহুবল দেখুৱাই এন্ধাৰত ছিগাৰেট জ্বলাই  দানৱে ।মুঠতে আপুনি সাহসী হ'বা । চিঠিখনি পঢ়ি হৃদয়খন কোমল কৰি নেপেলাবা  আইয়ে গম পালে আইৰ বুকুখনিওঁ বৰকৈ বিষাব  আৰু বেছি দীঘলীয়া নকৰো সুখী বা  ,নিজৰ যত্ন ল'বা । আপোনাৰ মৰমৰ

                                                  ইতি

                                                চেনেহৰ  ভাইটি

                                                  নিয়ৰ

আপোনাৰ  শব্দত প্ৰাণ পোৱা কথাবোৰ?



Post a Comment

0 Comments