মৰমৰ
প্ৰতিমা বৰুৱা পাণ্ডে আৱাসৰ মিতালী বাইদেওঁলৈ।
(গুৱাহাটী বিশ্ববিদ্যালয়)
কেনে আছা বাইদেওঁ, প্ৰতিমা বৰুৱা পাণ্ডে আৱাসীৰ ছোৱালীজনী,কুশলে আছাটো। আৰম্ভণিতে কবি প্ৰনৱ কুমাৰ বৰ্মণৰ অনুৰাগী বুলি উমান পাই "সন্দিকৈ কলেজৰ সাগৰিকা তুমি"কবিতাৰে আপোনালৈ এক সাগৰ মৰম পঠিয়ালোঁ । বাৰু কোৱাছোন ? গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা! আশা কৰিছো পৰিৱেশৰ লগত খাপ খুৱাব পাৰিছা বুলি॥ অহ এটা কথা সুধিছিলা নহয় আমাৰ নতুনকৈ লোৱা ভাড়াঘৰৰ বিষয়ে নহয়,সেয়ে আজি কওঁ বুলি তোমালৈ হাতত কলম তুলিলোঁ । ঘৰখন ভালেই বাৰু? বৰ্তমান শীতৰ লগত খাপ খাব পৰাকৈ পুৱাৰ হেঙুলীতেই ভাস্কৰৰ কিৰণে শিৰ চুই যায় আমাৰ কোঠাটোৱেদি । মাজতে আপোনাক তুমি বুলি কলো বেয়া নাপায়তো ? আপোন আপোন ভাৱ সেয়ে তুমি শব্দ জন্মিল আপোনালৈ ।আপুনি জানেনে ,বাহ! কি মৰম মানে আমাৰ কাষত থকা ভাড়াঘৰৰ মানুহ হালৰ কথাকে কৈছো দিপ আৰু দিপুক কেনেকুৱা মৰম কৰে নিজৰ সন্তানৰ দৰে। বেচেৰা বেয়াই লাগে , মানুহ দুজনলৈ এজনী কন্যা সন্তান আছিল হেনো টকাৰ অভাৱত সন্তানটিক বচাব নোৱাৰিল । সিদিনা আমাৰ কোঠাত আহি কৈছিল আৰু আমাক কন্দুৱাইছিল অলপতে মনিকুমাৰৰ দৰে মইয়ো চকু টুপিলোহেতেন। অন্য পিতৃ-মাতৃৰ দৰে হয়তো খুৰা-খুৰীৰো ইচ্ছা আছিল ছোৱালীয়ে এদিন মা মা বুলি মাতিব নতুবা দেউতা দেউতা বুলি কিন্তু ভগৱানে কাঢ়ি নিলে এইষাৰ মাত চিৰদিনলৈ ।সেয়ে অন্য মা-বাপেকৰ লৰা-ছোৱালী দেখিলে খূউব মৰম কৰে। সেয়ে দীপ আৰু দীপুক কেনেকুৱা মৰম কৰে য'ত নেকি আপুনি শুনি আচৰিত লাগিব ,প্ৰকৃততে দীপ-দীপু লৰা বা কন্যা সন্তান নহয় সেয়া কুকুৰ পোৱালীহে ,শুনামতে যেতিয়া আমাৰ কাষত থকা ঘৰত নতুনকৈ সোমাব লৈছিল তেতিয়া পদুলিৰ মূখৰে পাৰ হৈ যোৱা ৰাস্তাত দীপ-দীপু কেকাই কেকাই কান্দি আছিল কাৰণ সিহঁত দুটিৰ মাক এটা গাড়ীয়ে খুন্দিয়াই মাৰি পেলাই গৈছে সেয়ে দুখৰ সহ্য দেখিব নোৱাৰি খুৰা-খুৰীয়ে লৈ আহে আৰু নাম ৰাখে । দীপ আৰু দীপু সকলো বুজে কেৱল মুখেৰে কথাহে কব নাজানে ,মানুহৰ অনুভৱ সকলো বুজে ।আপুনি হয়তো আচৰিত হব,ৰাতি যেতিয়া খুৰা আৰু খুৰী বিচনালৈ যায় ঘৰৰ বাহিৰতে বহি দীপ আৰু দীপু পহৰা দি বহি থাকে কোঠাটোৰ প্ৰৱেশদ্বাৰত । বা কি বৰ্ণিল ছবি দীপ আৰু দীপুৰ ,মৰম লগা । খুৰা আৰু খুৰীৰ কিনো যতন চাবা আঠ-মহীয়া সন্তানৰ দৰে গা-ধুৱাই বডিলোচন পাউদাৰ সনা কিনো চাবা চকু মুদি যদি কোৱা দীপ আৰু দীপু যেন কেচুৱাহে । অহ সিদিনা মোৰ ওৱাটচাপৰ ষ্টেঠাছৰ কোঠাটোৰ বেৰতো আৰিছিলো দীপ-দীপু ফটো দুটি , বোধকৰো আপুনি চাইচে ? লগতে মইযে লিখিছিলো ! মনত আছেনে বাৰু? পোহনীয়া জন্তু পুহিলেওঁ কিছু আনন্দ পোৱা যায় বুলি । অহ এই খিনিতেই কথা এটি কয় থলো আমাৰ মহাবিদ্যালয়ৰ বৰ্তমানৰ উপাধ্যক্ষ চাৰ ড° ৰমেশ কাকতি চাৰে এশখনৰো অণুগল্প থকা " বকুলৰ সুবাস "নামেৰে এখন কিতাপ প্ৰকাশ কৰিছে। মই পঢ়িলো ,ভালো পাইছো, ভাল নাপাবনো কিয়নো কাৰণ এই কিতাপখনত চাৰে প্ৰায় সংখ্যেক প্ৰকৃতি বিষয়ৰে অণুগল্প লিখি উলিয়াইছে আৰু আপুনিতো জানেই মই প্ৰকৃতিৰ প্ৰেমীক বুলি । সময়ে যদি কয় আকৌ এদিন কম অণুগল্পৰ কাহিনীবোৰ । সময় পালে আপুনিওঁ এদিন পঢ়ি চাবছোন ? বাৰু যিকিনহওঁক আজিলৈ ইমানেই দেই নহলে কথাবোৰ এখন ৰেলৰ দৰে যাব ইটো ষ্টেচনৰ পিছত আনটো ষ্টেচন পাৰ হোৱাৰ দৰে আকৈ ফুতাদি ফুটি আহিব মোৰ হাতৰ চিয়াহীৰে কথাবোৰ । প্ৰতিমা বৰুৱা পাণ্ডেৰ আৱাসী শইকীয়া বাইদেওঁ কুশলে থাকা দেই । আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা আপোনালৈ ॥
ইতি
নিয়ৰ

0 Comments