হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,সপ্তম খন্ড karchang ta:ka:r
সপ্তম খন্ড
কিন্তু এনেকুৱাযেন অনুভৱ হয় মানুহৰ শ্বাস প্ৰস্বাসৰ পাৰ্শ্চ ক্ৰিয়া হে তেনে বোধ হয় উশাহত অক্সিজেন যেন লবলৈয়ে পাহৰি গৈছো । তাৰ পিছতো মনে যেন ডেউকা থকা পক্ষীৰ দৰে উৰা মাৰে নাজানো কলৈনো উৰে ,হয়তো কেৱল হব পাৰে মাথো নিবেদিতাৰ বাবে হলো কিজানি ডেউকা থকা চৰাই । মনে মনে এটাই প্ৰশ্ন ! মই প্ৰেমত পৰিছো বুলি সিহঁত গম পাব আৰু গম পালে যে কি যে পাল্লাত পৰিব কোনে জানিব? এলপি স্কুলৰ ছাত্ৰৰ দৰে এছাৰি খুবাই কাণ চেপা দিব ঘৰৰ মানুহে ? কলেজত পঠাইছোনে নে নাই ছোৱালীৰ লগত গান গাবলৈ । একেটা গানকে কাণত পেপা বজাদি বজাব দেউতাই দৈনিক ৰুটিনৰ কামৰ দৰে ।পঢ়িব পঠাইছোনে ছোৱালী চাবৰ।
সেইবিলাক কথা শুনি ভাতবোৰ পেটলৈ নাযাব । আচঁলতে তেওঁ ঠিকেই কৈছে তোমাক প্ৰেম নকৰিব নকওঁ কিন্তু উচিত সময় আহঁক উপযুক্ত সময়॥দেউতাই একেটা কথাকেই কৈছিল যোৱা বাৰ মহিমৰ পুতেকে বিয়া পাতিলে তোৰ লগৰটোৱে এতিয়া লৰাটোৱে অৰুনাচলত কাম কৰিব গৈছে কাৰণ বিয়া পাতিছে যেতিয়া মাক-দেউতাক,তিৰোতাক পোহ-পাল কৰিব লাগিব । সেয়ে কৈছো তোক ভালকে পঢ় ডাঙৰ মানুহ হ। তুমি চাকৰি কৰিলে ছোৱালী শাৰী-পাতিব তোমাৰ ভাৱে,ঘৰলৈ গলে মোক কৈয়েই থাকে । আৰু সেইবোৰ শুনাৰ পাছতো যদি মই প্ৰেমত পৰো ? ঘৰত অগ্নি লাগিব মুধচত ,অন্সলটোত দেউতাৰ নাম তল যাব ।সেইভাৱে কোৱা হৈছিলো অচিনকো দেউতাই কোৱাৰ দৰে অচিনকো কৈছিলো প্ৰেমত নপৰিবা ,প্ৰেমত পৰক কিন্তু কিতাপৰ প্ৰেমত পৰক ,কিতাপ পঢ়াৰ আনন্দত পৰক ।সেই প্ৰেমত পৰিলেই ধবংস হব সকলো আশা সপোন, অথচ নিজৰ নহলেওঁ আমাৰ ভাৱে সপোন দেখা মা -দেউতাহতৰ । কিমান সপোন আছে মা-দেউতাৰ লৰাজনে চাকৰি কৰিব এদিন আমাক সূখত ৰাখিব ,সকলোবোৰ কথা অচিনক কাণত সোমোৱাৰ দৰে কৈছিলো কাণৰ পোনে পোনে তাৰ পিছতো প্ৰেমৰ কামদেৱলৈ ৰূপান্তৰ হল বন্ধু অচিন ।
![]() |
| episod7 highlights |
এতিয়া মাথো বাট চাই থাকে কলেজৰ এটা ত্ৰিছৰ ঘন্টা ,কাৰণ সি যায় হাইস্কুলত এবাৰ ধুনীয়া মুখখনিৰ চাবৰ বাবে অথচ দুবছৰেই হল অচিনৰ এই কাৰ্য।আমি অজ্ঞাত আছিলো অচিনৰ সেই প্ৰখ্যাত প্ৰেমৰ কাহিনীৰ বিষয়ে । অচিনৰ ভাগ্যৱতীৰ নাম "অনুপমা" অচিনৰ মতে অনুপমা দেখা শুনাই সপেস্বৰীৰ দৰে সেয়ে দিনত যদি এবাৰো নোচোৱাকৈ থাকে বুকুৰ ধপধপনি বাঢ়ে ।বুকুৰ ধপ্ ধ্পনি নাবাঢ়িবনো কেনেকৈ অচিন থাকে কলেজত আৰু অনুপমা থাকে স্কুলত । তাই দশমমানত পঢ়ে সেইবছৰ মেট্ৰিক দিব যি দেখিছো সকলোবোৰ চোৱা-চিতা অচিনেই কৰে । সেই ভাৱে আমি ফোন কৰিলেওঁ তেওঁ সদায় ব্যস্ত হৈ থাকে,আমি ভাৱছিলো সি গেম খেলি থাকে ,আমি ভূল ভাৱি আছিলো । সিদিনা সেইটো ঘটনাৰ পিছতহে গম পালো ,যোৱাবাৰৰ দৰে অচিনৰ আকৌ বুকুখন পীকপিকাইছিলেগৈ কলেজৰ ডেৰ ঘন্টীয়া বেলৰ পিছত সেয়ে আমাৰ নিলম ,প্ৰণয় আৰু বিনোদে অচিনক ঘৰৰ ফালে আগবঢ়াই থৈ আহিছিলেগৈ....(((অহাখন্ডত )))



0 Comments