কৰৱী ফুলৰ বিষয়ে জানোঁহক-MyBloggingTapan
আৰম্ভণি :- কৰৱী ফুল একধৰনৰ হালধীয়া ৰঙৰ ফুল । কৰৱী ফুল প্ৰাকৃতিক অৰ্থাৎ ভৌগোলিকৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰজাতিৰ পোৱা যায়। কৰৱী উদ্ভিদ পৃথিৱীৰ চুক-কোণত মেক্সিকো আৰু মধ্য আমেৰিকাত বিশেষ বিষাক্ত উদ্ভিদৰ লগত তুলনা কৰা হয় । আনহাতে ইয়াক বাগিছা বা বাৰীৰ সুন্দৰতা বৰ্তাই ৰাখিবলৈ ব্যাপক ভাৱে ৰূপন কৰা হয় । কৰৱী ফুলক ধৰ্মৰ ক্ষেত্ৰত অৰ্থাৎ হিন্দু ধৰ্ম বিশেষভাৱে ভগৱান বিষ্ণুক উপাসনা কৰিবলৈ ব্যৱহৃত কৰা হয় ।
![]() |
| কৰৱী ফুলৰ গা গছ |
![]() |
| কৰৱী ফুলৰ গা গছ |
শ্ৰেনীবিভাজৰ বিজ্ঞান ভিত্তিত
ৰাজ্য/Kingdom-Plantae
বৰ্গ/Order- Gentianales
পৰিয়াল/Family-Apocynaceae
উদ্ভিদ ৰাজ্য:- Angiosperm
প্ৰজাতি/Species:-C.Thevetia
Botanical Name:- Cascabel thevetia
![]() |
| কৰৱী ফুলৰ গুটি |
প্ৰাকৃতিক বিৱৰণ :- কৰৱী এবিধ চিৰসেউজী গ্ৰীষ্মকালীন গছ ,ই চাপৰ বিধৰ । কৰৱী ফুলৰ পাত প্ৰকৃতিভাৱে ৰৈখিক আৰু সেউজীয়া । ইয়াৰ ডাল তথা কান্ডবোৰ মটীয়া আৰু বয়স অনুযায়ী ছিলভাৰ ৰংঙলৈ ৰূপান্তৰ হয়। ইয়াৰ ফুলবোৰ গ্ৰীষ্মকালীনত হালধীয়া ৰঙৰ ফুল ফুলে । আনহাতে কৰৱী এবিধ সুবাসহীন ফুল। গছ ডালৰ কান্ধবোৰ আঠাজাতীয় ,ফুলৰ পাহীবোৰ চাৰি পাচটা পাহিৰে আৱৰা আনহাতে ইয়াৰ গুটিয়ো থাকে ,গুটিটো পকীলে হালধীয়া ৰঙৰ হয় আৰু পিছলৈ কলালৈ পৰিনত হয় ।
ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত বিহাৰ,দিল্লী,গুজৰাট,মধ্যপ্ৰদেশ,পশ্চিম বংগ,ৰাজস্থান,তামিলনাডু আৰু উত্তৰ প্ৰদেশত মাটিৰ ভাৰসাম্যতা অনুসৰি বিভিন্ন প্ৰজাতিৰ পোৱা যায় ।
![]() |
| কৰৱীৰ পাত |
ব্যৱহাৰ :- কৰৱী গছক বাগিছা বা বাৰী বা ঘৰৰ সন্মুখত সুন্দৰতা বঢ়াবলৈ ফুল হিচাপে ৰূপন কৰা হয় । বৰ্তমান সময়ত ইয়াক গ্ৰীণ হাউচত গছ তাফত ৰুপন কৰি লোৱা হয় । কৰৱী ফুলক মাটিৰ সহিষ্ণু বৰ্তাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে ইয়াক খেতি পথাৰত জৈৱ কীটনাশক হিচাপেওঁ ব্যৱহাৰ কৰা হয়॥
👉তাৰোপৰিয়ো আপোনালোকে যদি কৰৱীৰ ওপৰত অধিকতম জ্ঞান আছে যদি আমাৰ comment ত জনাওঁক নতুবা sms কৰক ধন্যবাদ






0 Comments