Header Ads Widget

ৰঙালী বিহুত ঘাগৰ ঘাটৰ ঝাওবনবোৰ হালে-জালে !!-MyBloggingTapan

 ৰঙালী বিহুত ঘাগৰ ঘাটৰ ঝাওবনবোৰ হালে-জালে !!

ৰঙালী বিহুত ঘাগৰ ঘাটৰ ঝাওবনবোৰ হালে-জালে !!
travelling


বিহু বিহু তিনিটি বিহু
ৰঙৰে ৰঙিলী ৰাঙলী বিহু
ভোগৰে বিহু ভোগালী বিহু
.....

গতিকে আজিৰ দিনটোত অৰ্থাৎ 15-04-2021 ৰঙালী(মানুহ বিহু) । সেয়ে তেওঁ তথা বন্ধু Achin Kumar ৰ ঘৰলৈ অতিথীৰ ৰূপ লৈ যাবলৈ ওলালো । অৱশ্যে অচিন কুমাৰেই মোৰ আগুৱাই লৈ আহিছিল কাৰণ মই তেওঁৰ ঘৰটো চিনিযে নাপাওঁ,বন্ধু Babesh Taid আৰু Rakesh Bora ৰো অহাৰ কথা আছিল কিন্তু নহল,কাৰণ ভৱেশ ঘৰলৈ গৈছেগৈ আৰু ৰাকেশৰ মাতৃ তেওঁৰ কোঠাটোলৈ(Rent House) আহিছে সেয়ে অহা নহল। বন্ধু অচিনৰ মটৰ চাইকেলত  উঠিলো ,,অলপ দূৰ অতিক্ৰম কৰাৰ পিছত সকলো পৰিৱেশ পৰিৱৰ্তন হোৱা ছবি মোৰ চকুত ভাহি উঠিছিল কাৰণ সেইফালে যোৱা ৰাস্তাবোৰ অৰ্থা ঘাগৰলৈ যোৱা ৰাস্তাবোৰ পকীকৰণ হৈছেগৈ । বাপতি সাহোন ৰঙালী বিহুৰ উলহ-মালহ পৰিৱেশ মানুহৰ ঘৰে ঘৰে দেখিবলৈ পোৱা গৈছিল ,সচাকৈ আটাইতকৈ ভাল ক্ষণ ,কাৰণ সৰু সৰু কণমানিয়ে বিহুগীত গাই বিহু মাৰিছে ,আপোনালোকেটো জানেই পৰিবৰ্তনতাৰ সোঁতত বৰ্তমান সময়ত সেইবিলাক আটাইকৈ নেতিকতাৰ সময় । 

ৰঙালী বিহুত ঘাগৰ ঘাটৰ ঝাওবনবোৰ হালে-জালে !!
পোনাকন হতৰ বিহু


আৰু জানেনে? আপুনি ! সেই যে ৰাস্তাবোৰৰ কাষে কাষে গছবোৰৰ সেউজীয়া পাতবোৰে পথটোক আৱৰি ৰাখিছে যেন অনুভৱ ইন্দ্ৰপুৰীলৈ যোৱা বাটহে । ঘাগৰলৈ যোৱা প্ৰায়েই তিনিবছৰ মানেই হল ,ইয়াৰ পিছৰখিনি আপোনাক পিছত কম । অৱশেষত  অচিনৰ ঘৰ পালোঁ ,অচিনৰ ককায়ৰ ছোৱালী কণমানি নন্দিতা দাসৰ লগত চিনাকি আৰু অলপ ধেমালীয়ো কৰিলো । বিহু বুলি ৰঙালীৰ তেল পিঠা ,তিল পিঠা আৰু ৰঙা চাহঁৰ লগত উকা পিকাহঁলো। মাজে মাজে Marvel EntertainmentAnt Man -Super hero বোলছবিটি চালো ,যদিয়ো চোৱা হৈছে ,আপুনি বিশ্বাস নকৰিব কিজানি মই মানে অচিন আমি দুটা MC অৰ্থাৎ MarvelBig Fan ॥বোলছবি শেষ হোৱা পৰ্যন্তলৈকে তেওঁ আৰু মই পাকঘৰত এসাঁজ তৃপ্তিৰ সোৱাদ ললো । কিছু সময়ৰ ভাৱে জিৰণি লৈ  তিনিবছৰলৈ নোযোৱা ঠাইখিনি অৰ্থা ঘাগৰলৈ গলো । বহুতেই পৰিবৰ্তন হল, প্ৰকৃতি সদায় সময়ৰ লগত পৰিৱৰ্তন হয় আৰু সেই কথাষাৰ সেই ঘাটতেই নিদৰ্শন দেখিবলৈ পাইছে । যোৱা 2018 চনৰ কথা আছিল নতুন বছৰ বুলি বনভোজ খাবলৈ গৈছিলো,আপুনি আচৰিত বনভোজৰ ভাৱে কোনো গাড়ীৰ যোগাৰ কৰা নাছিল ,বাহনৰ ভাৱে নিজৰ নিজৰ চাইকেলবোৰ লৈ আহিছিলো গোটকেইটাৰ ভিতৰত বন্ধু Mahesh Doley,Biswajit Das(Achin Kumar),Dharma Payeng,Krishna Saikia,,Jitu Sonowal আৰু Jyotiprosad Das আমি অচিন কুমাৰে সকলো সা-সৰন্জাম বোৰ ঘাটৰ পাৰলৈ আনিছিল । 

ৰঙালী বিহুত ঘাগৰ ঘাটৰ ঝাওবনবোৰ হালে-জালে !!
ঘাগৰ ঘাটৰ দৃশ্য

আৰু আজি যি দেখিলো আমি বনভোজ ঠাইখন নৈখনে উঠোৱাই লৈ গৈছিল বৰ্তমান সেই ঠাইখন গৰাহখহনীয়া হৈ আছেগৈ । মাজে মাজে বালি পৰি আছে দুবৰি বন । ৰঙালী বিহুৰ ঢোলৰ শব্দত যেন নদীৰ মাজত থকা বালিচৰিত গজা ঝাওঁবন বোৰৰ নৃত্যবোৰো ভালকৈ দেখিবলৈ পোৱা গৈছিল আৰু মাজে মাজে দুয়োহে ফটো তুলিলো । আৰু শেষত সেই ঠাইৰ পৰা গন্তব্য হলোগৈ ।
Thankyou for your valuable time to my bloggs.

Post a Comment

1 Comments