হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,নৱম খন্ড,কাৰ্চাং তাকাৰ
নৱম খন্ড
তাৰ মাজে মাজে আকৌ পুৰণিৰ কথা কেইটামানৰ মাজত উভতিবলৈ চেষ্টা কৰিলে , প্ৰণয়ে আকৌ কলে
প্ৰণয়:- মনত আছেনে সেই কথাটো ,তুমি যে কৈছিলা সবৰে হল ,মোৰ কেতিয়া হব এতিয়াটো তোমাৰো হৈ গল ।
সময় পাৰ হৈ গৈছিল উকা আকাশখন মেঘাৱৰণলৈ ৰূপান্তৰ হৈছিল। সমগ্ৰ কহুৱাবনবোৰৰ দৰেই যেন অচিনৰ মন উৎফুল্লিত হৈছে কাৰণ সমুখত পৰিৰ যে শেষৰ উক্তি অথাৎতে অচিন আৰু অনুপমাৰ হৃদয়ৰ অনুভুতি । চকুৱে চকুৱে চালেই,বা দুচকুৰ মাজত কথা পাতে যদিয়ো প্ৰেম হয়,তাইৰ মিছিকিয়া হাহিঁৰ সুৰৈতে যেন প্ৰেমৰ ৰিদিত জাঁহ যাব জানো পাৰে যদিয়ে হৃদয়ৰ কোনত আত্মীয়ৰ কিছূ কথা যদি সাচিঁ থৈছে তেতিয়াহলে যিমানেই চকুৱে চকু যদি কথা কব বিচাৰে তেতিয়া হলেওঁ প্ৰেম হোৱাৰ সম্ভাৱনা নাথাকে ।কিন্তু এষাৰ কথা আছে নহয় বিপদ কেতিয়াওঁ মানুহক সুধি নাহে সেইদৰে প্ৰেমেওঁ সুধি নাহে ,চকুৱে চকুৱে চালে ,তাই হাহিঁলে তাইৰ হাহিঁত মই বিভূৰ প্ৰেম এনেকৈয়েইটো আৰম্ভ হয় কাৰণ প্ৰেম কৰা নাযায় প্ৰেম হয় যায়।প্ৰেম সেইদৰে মোৰো হৈ গল তাতেঁই ইমান ডাঙৰ কথা হলনে । হয়তো মোৰ সেই প্ৰেম নিবেদিতাক লৈ একপক্ষীয়া আছিল মই ভাৱিছিলো নিবেদিতা কেৱল মোৰ ভাৱে কিন্তু এতিয়ালৈকে তাইক মনৰ কথাবোৰ খুলি কোৱা নাই ,মই তাইৰ হৃদয়ৰ কথাবোৰ জানিবৰ খূউব ইচ্ছা আছিল কিন্তু ভিতৰি ভিতৰি মনে আনকাৰোবাকে পচন্দ কৰিছে যোৱা নিশা দেওবাৰে দেউতাই কোৱাৰ পৰা প্ৰেমৰ মিতিৰালিৰ পৰা দুৰত থাকিব বিচাৰিছিলো ।
তাইৰ নামৰ পৰা দূৰে দূৰে থাকিব বিচাৰিছিলো নামটিৰ পৰা অচিনাকি হোৱাৰ অভিনয় কৰিবওঁ বিচাৰিচিলো কিন্তু কিয় জানো মনে বিচাৰে ফুৰে তাইক। টোপনিটো নিবেদিতাৰ নামলৈ কবিতা লিখিব খোজো ...তুমি চালেই শেৱালী ফুল ফুলে,মিছিকিয়া হাহিঁয়ে হিয়াৰে কোণতে কিনো সাতোৰঙী মৰম সানিলে "।
কেতিয়াবা ভাৱো কোনেওঁ নেদেখাকৈ তাইৰ হাতত চিঠি এখনি দিব পৰা হলেওঁ ভাল আছিল বুলি কিন্তু ভিতৰি প্ৰশ্ন কৰে মনে মোৰ হাতৰ আখৰ খূউব বেয়া তাই চিনিব পাৰিব জানো বুলি ভাৱো,তাইৰ মবাইল নাই সচানে মিছা ,নাজানো ?সেইভাৱে চিঠি এখনকেই দিয়াৰ মন মেলিছিলো। চিঠি লিখা হয় কেৱল দিয়াহে নহয় ভিতৰি ভিতৰি দ্ধিদা বোধ কৰো সিহঁত কি ভাৱিব আধুনিকতাৰ পৰিপ্ৰেক্ষিততো ফেচবুক ,ওৱাটছাপৰ সলনি চিঠি লিখেনে? সেয়েহে দিয়াহে নহয় ।মহাবিদ্যালয়তো নিবেদিতাৰ কাষ চাপিব খুজো মনলে ভীষন লাজ দেৎ তেৰি তাই কি ভাৱিব ইমানে দিনে দাদা বুলি মাতি আহিছে তাতেই যদি মই তাইক মনৰ কথাবোৰ খুলি কয় দিওঁ বৰ আচৰিত ধৰনৰ নালাগিবনে ? বিউতীক কয় পঠাবলৈ ভয় তাই কোৱামতেই তাইৰ ইতিমধ্যেই প্ৰেমিক আছে বুলি ?ছে: কওঁনে নকওঁ কৰিছো ইফালে ৰাতি দেউতাই কোৱা কথাষাৰ মন-মগজুত ফাকুৱা খেলিয়ে আছে । এনে নিৰৱধিৰ ব্যস্ততাৰ মাজতো মনে প্ৰাণে ভালপোৱা জনীৰ কথা যদি মাজে মাজে কয় থাকিলে মনতো বা কিমান সূখ অনুভৱ কৰিব পাৰে ভিতৰি ভিতৰি তাইৰ মিছিকিয়া হাহিঁৰ ৰংবোৰ যদি মনত পৰে কিমান ভাল লাগি যায় নিশ্চয় ব্যাখ্যা কৰিব পৰা নাযায় । উকা উকা পাতল মন বগা কাগজত নীলা চিয়াহী ৰং সানি নিবেদিতাক লৈ এখন কবিতা লিখিব বিচাৰিছিলো কবিতাৰ শিৰোনামা কি ৰাখিম ,এইবাৰ বাৰু ফেচবুকত প্ৰকাশ কৰিলে তাই পঢ়িবনে নে নপঢ়িবই ? পঢ়িলেওঁ বুজিবনে কবিতাটি কাক লয় লিখা হৈছে? সিদিনাওঁ "হৃদয়ৰ ঠিকনা বিচাৰি"বুলি এখনি কবিতা লিখিছিলো মন্তব্যৰ শাৰীত তাইওঁ মন্তব্য দিছে
নিবেদিতা:- দাদা! কাক লয় লিখিছা?কোন হব পাৰে ভাগ্যৱতী নবৌজনী !
মন্তব্যটি চোৱাৰ পিছত গাৰোৰ কাষত থাকিওঁ নিশা টোপনিৰ যেন নাম মূখলৈওঁ অহা নাই ,ভিতৰি ভিতৰি লাজ পাইছো ! প্ৰণয়,অচিনসতে কবিতাটোৰ মন্তব্যটো চালে মোক হাহিঁব ইতিকিং মাৰিব মই মোৰ মুখখনিক কত লুকাম ।যাক লৈ কবিতাটো লিখিছিলো ? সেই ছোৱালীজনীয়েই মোক তেনেকৈ কয় মই কি বুলি কম তাইৰ প্ৰতি মন্তব্যত । সেইভাৱে সিহতঁকো কোৱা হোৱা নাই ,তাৰ পিছতো তাইক লৈ কবিতা লিখিবলৈ হেৰা নাই ,সেইকাৰণে প্ৰতিদিনে তাই বুজাকৈ কবিতাৰ কেইটিমান শাৰি প্ৰকাশ কৰিছিলো কিন্তু আচৰিত ! লাগিছে নিবেদিতাৰ যে মবাইলেই নাই ফেচবুকনো কেনেকৈ চলাই ?টেবুলৰ কম্পনাংক বাঢ়িছিল কাৰণ এই সময়ছোৱাত প্ৰণয়ৰ ফোন আহিছিল । কিৰিং....কিৰিং....কিৰিং...বুলি ,সি কেতিয়াবা কেতিয়াবা এনেই মিছাতে ফোন কৰে কাৰণ সি মোৰ ফোনৰ কলাৰ টিউন শুনিবলে যত দিছো ...ন..কনেং নম কামা:পৌ: দুলামাং (মিছিং ভাষাত) ইয়াৰ অৰ্থ হল যে তোমাক নোচোৱাকৈ থাকিব যে নোৱাৰি । প্ৰণয়ে জানে গীতটি কিহৰ ভাৱে ৰাখিছে । মই ফোনটো ৰিছিব কৰিয়েই তেওঁৰ পয়ালগা ভাষা ।
প্ৰণয়:- ঐ তাই কিয় ফোনটো ৰিছিব কৰা নাই! তাই তোমাক ফোন কৰিছিলেনে ?
পৰৱৰ্তী দশম খন্ডত



0 Comments