Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,দশম খণ্ড,কাৰ্চাং তাকাৰ

 হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,দশম খণ্ড,কাৰ্চাং তাকাৰ


হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,দশম খণ্ড
episode 10

                      দশম খণ্ড
নিয়ৰ অ ,নিয়ৰ কৰিছে  প্ৰণয়ে কোনাবা বছৰেকৰ মুৰত ঘুৰি অহা গৰুৰ দৰে  গোহালীত সোমাই  খেৰ বিচৰাদি  ,মই তেওঁৰ অৱস্থাৰ মুল  নথি জানিব খুজিছিলো ।  যোৱা তিনিদিনৰ  পৰ‍‍া আমৰলি পৰুৱাৰ দৰে  প্ৰণয়ৰ পিছে দৌৰিছে  ৰঙাপেটুৰ পৰুৱাৰ দৰে এচুকত নিলম আনচুকত অচিন  আৰু বিনোদ।মাজত একমাত্ৰ মই খালীকৈ ৰাখিছিলো চুনামী আৰু প্ৰণয়ৰ বন্ধুত্বৰ এনাজৰীক প্ৰেমৰ জৰীলৈ ৰূপান্তৰ কৰাত। সিহঁত কেকাই থাকে প্ৰণয়ক অনৱৰতে 

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,দশম খণ্ড,কাৰ্চাং তাকাৰ
hightlight in this story


নিলম:- অচিন ঐ জাপানত কি দুৰ্যোগ হৈছিল ?
অচিন:- চুনামী !
নিলম:- আৰু বিনোদ কোৱাছোন'চুনামী কোন হয়?
বিনোদ:- চুনামী প্ৰণয়ৰ .......পিছৰ খিনি নিয়ৰে কব ? মইনো আজিলৈকে কয় পোৱা নাই কেতিয়াবা শুনিলেওঁ নুশুনাৰ ভাওঁ ধৰো ,কেতিয়াবা কেতিয়াবা হাহিঁ এটিকে মাৰি দিয়ো । মই জানো সিহঁত দুজনৰ মাজত গভীৰ সম্পৰ্ক আছে ,আৰু সেই সম্পৰ্ক বন্ধুত্বৰ যত সিজনে ইজন  চোৱা কৰে ভাতৃ-ভগ্নীৰ দৰে । সেই বুলিয়েই যে তেওঁলোকে বাট-কথৰা কৰে মহাদেৱ আজি শ্ৰীকৃষ্ণ হল। সিহঁত নোজোকাব কিয়নো যিয়ে লীলা প্ৰণয়ৰ ,মিঠা মাত বহাগত কূলীয়ো তেনেকৈ নামাতে কূউ কূউ বুলি  প্ৰণয়ে মাতে কাউৰীৰ ৰূপ লৈয়ো কূলিৰ দৰে ঐ চুনু কি কৰিছা ,চুনামীয়ে মাতে প্ৰাণ কি কৰিছা ? সন্দেহটো   লাগিবই মৰমতে চুনু বুলি মাতিলে ,প্ৰণয়ক প্ৰাণ বুলি মাতিলে ।নহলেনে এনো জানো নিলমহতে জোকায়? এইদিনাৰ পৰা অভিমানী কৰিছে ? চুনামি আজি সাগৰৰ বুকুত ঢৌ তোলা নাই প্ৰণয়ক লৈয়ে হৃদয়মৌণব্ৰতাৰ বুকুত অভিমানী ৰংঙে ঢৌ তুলিছে ,দুদিন-তিনিদিন পাৰ কৰিছে কেনেবাকৈ সময় পালেওঁ প্ৰণয়ে ফোন কৰিছে ফোন নট ৰিছিব কিমান কষ্টকৰ হব লাগে প্ৰণয়ৰ ।  ৰাতি যদি শুৱাৰ আগতে চুনামীৰ লগত  মৰম সনা কথা পাতিব নাপালে প্ৰণয়ৰ জানো টোপনি  আহিব, গাল দুখনিক চুব নাপালেওঁ অ চুনু মুনু বুলি  মৰমতে কব নাপালে  প্ৰণয়ৰ পেটলৈ ভাত জানো যাব পাৰে । তাকে ভাৱিয়েই দিনে-নিশাই উগুল-টুগুল  নিজকেই প্ৰশ্ন কৰিছে ,মই কি ভূল কৰিলো ? ছে: কিয় বেয়া পাইছ ? ভিতৰি ভিতৰি ভাৱিছে তাইৰ কিবা অসূখ হোৱা নাইটো ? অসূখ হলেওঁ ডাক্তৰৰ পৰা পৰা দৰৱ লৈছেনে ?তাকে ভাৱিয়ে ফোন কৰিছে কিন্তু ফোন নৰ্ত ৰিছিব । দুচকুৰ পৰা চকুৰ পানী নিগৰি আহে ইমান প্ৰেম কিয় ? নাজানে সি চুনামীৰ অভিমানী নে মৰমতে কৰা কাৰ্য্য ? যেনি -তেনিকৈ হলেওঁ ফোন ৰিছিব কৰিলো ।ৰিছিব কৰিয়েই যেন কৰবাত খেলপথাৰৰ দৌৰি অহাৰ দৰে উশাহ শ্ৰাদ্ধ হোৱাৰ দৰে পিক পিকাই:-
প্ৰণয়:- ঐ এটা কথা কওঁকচোন?
মই:- কোৱাছোন !
প্ৰণয়:- তাই গম পালে নেকি? নিলমহতে জোকোৱা কথাবোৰ  ' সিহঁত বেছি কৰে ?
মই:- নাই নাই ! পিছে তাইওঁটো এইটোৱেইটো বিচাৰে ?
প্ৰণয়:-মানে কি বিচাৰে ?
মই:- হবদে ! সেইটোৰ প্ৰশ্ন অচিনহতঁক সুধা ?কিয় ইমান চিন্তা কৰিছা ? তাই কৈছিল ?
প্ৰণয়:- কি কৈছিলে?
মই:- বা: ইমানে ইচ্ছুক নে জানিবৰ !. আচলতে তাই কৈছিল,---
সাহিত্যৰ ডেউকা-The E magazine
sahityar deuka


চুনামি:- ঐ নিয়ৰ চোৱাছোন ? নিলমহতে মোক আৰু প্ৰণয়ক কি বুলি জোকাইছে  ?এনেকৈ কব লাগেনে ? মোৰ কিবা লাজ নালাগেনে ?
মই:- অ হয় নেকি ? পিছে তোমাৰ হাহিঁয়ে বেলেগ এটাকে বুজাবলৈ চেষ্ট‍া কৰিছে ?এনেকৈ  কিমান লুকুৱাবা আমাক ,ভাল খবৰ লাগে মোক ?সেইবুলি চুনামিক কৈছিলো তাই লাজতে ফোন কাটিছিল ।
প্ৰণয়: -নিয়ৰ অ ! ধেমালী নকৰ ?শেৱালী গম পালে কথা বেয়া হব ? কিয় ফোনটি ৰিছিব কৰা নাই সেইটো নকলা যে !
মই:- তোমাক লাজ কৰিছে ? আমি হলে ভাল দেখা নাই ,,দেই..!!
প্ৰণয়:- অচিনহতক নকবাচোন সেইবোৰ কথা ?
মই:- অ অ অ ......

একাদশ খন্ডত

Post a Comment

0 Comments