হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,একাদশ খণ্ড ,কাৰ্চাং তাকাৰ
একাদশ খণ্ড
ৰ কয় আছো ইমান ব্যাকুল নহবা ,ফোন নাকাটিবা ।
প্ৰনয়:- কোৱাছোন সোণকালে ?
মই:- তাই কৈছিল যে ,আমাক কিয় এনেকৈ জোকায় তহঁতিটো জানাই ছাগে প্ৰনয়ৰো প্ৰেমিক আছে ,মোৰোটো ভাল পোৱা আছে? মই কলো ;হয়, সকলোৱেই জানে ? সিহঁত জোকাই ভাল পায়?বেয়া নাপাবা দেই?সিহঁত খূউব ধেমালী কৰি ভাল ,আনফালে চালে তুমি আমাৰ ভাল বান্ধৱী সেয়ে কৰে আৰু জোকায় ।
প্ৰনয়:-পিছে কিয় তাই ফোনটো ৰিছিব কৰা নাই ?
মই:- তাই কলে যে ,এষাৰ কথা আছে নহয় ধেমালীতে লৰা পায় ?বেছিকৈ যদি মোক প্ৰনয়ৰ লগত জোকাই থাকিলে হয়তো মোৰ মনে প্ৰনয়ৰ প্ৰতি আৰু আকৃষ্ট হব,আৰু এনেওঁ সেইকেইদিন প্ৰনয়ৰ ফোন ৰিছিব কৰা নাই ,এনেকুৱা অনুভৱ যেন হৈছে মোৰ হিয়াখনি গধুৰ বস্তু এটা কাণ্ডত লৈ থিয় যেন হয় আছো মইয়ে জানো,প্ৰনয়ৰ ভাৱে নিশা টোপনিয়ো অহা নাই ? সেইকাৰণে ভয় মোৰ যদিয়ে তেওঁৰ লগত আৰু কথা পাতিলে হয়টো সেই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হব বুলি।
সকলো কথাবোৰ শুনাৰ পাছত প্ৰনয়েওঁ ফোনটো কাটিলে ,হয়টো তেওঁৰ মনত আটামপুৰীৰ যুদ্ধৰ মন মেলিছে শেৱালীক নে চুনামি । শেৱালীক দুবছৰৰ প্ৰেম ইফালে চুনামী ডেৰবছৰৰ বন্ধুত্ব। হয়টো দুয়োজনেই পাহৰিছে হবলা প্ৰেমৰ আৰম্ভণি হয় এটি বন্ধুত্বৰ জৰীৰি ,সিজনে ইজনৰ আস্থা,বিশ্বাস সকলো পৰিস্থিতিবোৰ বুজি উঠিছে এনেকৈয়েইটো প্ৰেম আৰম্ভ হয় । বন্ধুত্বৰ অভিহনে প্ৰেম হব নোৱাৰে ,প্ৰেমৰ প্ৰথম পথ বন্ধুত্ব,বন্ধুত্বৰ পথৰ সলনি আৰু নাই যে প্ৰেমৰ একোৱেই বাট ।
প্ৰনয়ৰ মনত ভিতৰি ভিতৰি ভাগ্য পৰীক্ষা কৰিছে শেৱালীক নে চুনামিক। মই জানো শেৱালীলৈ যিমান মৰম চুনামিলৈয়ো ইমানেই মৰম । শৈশৱৰ পৰাই শেৱালী আৰু প্ৰনয় ডাঙৰ দীঘল হৈছে সিজনে ইজনৰ প্ৰতি মৰম আছে । বৃন্দাবন সদৃশ প্ৰনয় আৰু শেৱালীৰ গাওঁখনি ,প্ৰেম আৰম্ভ হৈছিল সেইটো দিনৰ পৰাই সিফালে শেৱালী প্ৰনয়ৰ পেহীয়েকৰ ছোৱালী । দুয়োৰে নলে-গলে লগা এনাজৰী। গাৱলীয়া লৰা-ছোৱালী ,লৰা-ছোৱালী মিলি যায়, পথাৰলৈ গৰু চৰাবলৈ আৰু এনেকৈয়েইটো আৰম্ভ হৈছিল সিহঁতৰ ইটো দিনৰ প্ৰেমৰ কাহিনীটি ।ইটো দিনৰ কাহিনীৰে :----(পৰৱৰ্তী,দ্ধাদশ খণ্ডত)



0 Comments