দ্বাদশ খণ্ড
তেতিয়া প্ৰনয়ৰ বয়স আছিল আঠবছৰ আৰু শেৱালীৰ বয়সো আছিল আঠবছৰ। প্ৰনয়ৰ দেউতা দেওবৰে আলিমুৰ অৰ্থাৎ নিজৰ গাৱৰে যুৱক, তেওঁৰ বন্ধু মনেশ্বৰৰ লগত নিজৰ ভগ্নীক য়াকামীক বিবাহ দিয়া হয়। শেৱালীৰ জন্ম হোৱা প্ৰায়েই চাৰিবছৰৰ পিছত দুৰাৰোগ্য বেমাৰত মনেশ্বৰ ,শেৱালীৰ দেউতাকে চিৰদিনৰ বাবে চকু মুদে । তেতিয়াৰ পৰাই দেউতাক নথকা ছোৱালীজনীয়ে লৰাৰ কাম কৰি আহিছে ? প্ৰনয়ৰ সতে । দেউতাক নথকা ছোৱালী ঘৰৰ সকলো কাম লৰাৰ দৰে কৰিবটো লাগিব ,ঘৰৰ একমাত্ৰ ছোৱালী সন্তান বুলিবলে কেৱল তাইয়েই । য়াকামীয়ে ঘৰৰ কামবোৰ চোৱাচিতা কৰে ,ৰাতি-পুৱাৰ কাণ্ডত নাঙল লৈ পথাৰলৈ যায় শেৱালী সেইবোৰ কাম সহিব নোৱাৰি শেৱালীৰ মামায়েক । নিজমপৰীয়া ঠাইত সকলে বহি কান্দে দেওবৰ আজি যদি জীয়াই থাকিলেহেতেন শেৱালীৰ অৱস্থা তেনেকুৱা নহলেহেতেন ?নিজমপৰীয়া ঠাইত মৌন কাতৰ হোৱা দেখিব নোৱাৰি আঠবছৰীয়া লৰা প্ৰনয়ে যায় শেৱালীক সহায় কৰিবলৈ ।
পুৱৰে আকাশত দিবাকৰে ৰঙাকৈ ফুট আকিঁছে ,এজাক এৰালৰ পঘা কাণ্ডত লৈছে সমুখতে দুহাল গৰু । গামোছাৰে মেৰিয়াই লোৱা পয়তা ভাতো আনিছে ,সমুখতে থিয় হৈ মাতিছে শেৱালীয়ে ।
শেৱালী :- অ মামা ,সি আছেনে ?ঘৰৰ ভিতৰৰ পৰাই মাত দিছে ,মোমায়েক জনে।
দেওবৰ :- অ আছে ৰ'বা ? সি তোমালৈয়ে বাট চাই আছিলে ? তোমাৰ লগত যাম বুলিয়ে আজি সি টিউচনলৈয়ো যোৱা নাই ? তহতি তাত বেছি নেখেলিবা দেই । বেলি পশ্চিমত পোৱাৰ আগতেই ঘৰলৈ আহিবা তোমাৰ মা আৰু মামীয়েকে মন বেয়া কৰি থাকিব ।
শেৱালী :- অ মামা নকৰোঁ । প্ৰণয়ক আকৌ মাতি দিয়কছোন ?এনে সময়তে প্ৰণয়েওঁ মাত এষাৰ দিলে ।
প্ৰনয়:- গৈ আছো ৰ'বা ।
প্ৰনয়েওঁ কাণ্ডত বেগ লৈ আনিছে ,খোৱা বস্তুৰ সলনি এঘালমান কিতাপ ,যত স্কুলত শিকোৱা হয় । সময় পালেই সি শেৱালীকো শিকায় বৰ্ণবোৰ চিনাত সহায় কৰে । দেউতাক নথকা ছোৱালী স্কুল যোৱাৰ সামৰ্থ নাই সেইভাৱে প্ৰনয়ে সময় পালেই তাইক যিমান পাৰি শিকায় ,সেইভাৱে তাই আনিছে কিতাপ। ইফালে শেৱালী খাৱৰ বাবে জলপান আনিছে শুকান মাছৰ ভাজি ,প্ৰনয়ৰ শুকান মাছৰ ভাজি খূউব প্ৰিয় ।
সৰুকৈ হলেওঁ বৃন্দাবনৰ দৰে নান্দনিক দৃশ্য ,সেই বৃন্দাবনত ৰাধা-কৃষ্ণ প্ৰনয় আৰু শেৱালীয়েই । নাইকোনো বিপাদংশা পৰিস্থিতি আছে মাথো ভাল লগা ক্ষণ ,গৰু চৰাৰ আনন্দতে প্ৰনয়-শেৱালীৰ সতে অহা গৰকীয়া বোৰেওঁ উলাহতে গীত জুৰে সিহঁত নাচে ,খেলে নৈৰ বালিয়ৰিত ৰজা-ৰাণী আদি । মনৰ কথাবোৰ খুলি খুলি কয় সিহঁতৰ মাজত প্ৰণয়ে শিক্ষক হয় । আৰু এনেকৈয়েই আৰম্ভ হৈ বন্ধন যত কোনো দিনে এৰিব নোৱাৰা পল। কোনো দিনে সংগ নিদিয়াকৈ থাকিব নোৱাৰি প্ৰণয় ,সিফালে শেৱালী প্ৰনয়ৰ কাপোৰ কানিবোৰ যদি দেওবাৰ হলে নুধুৱাকৈ থাকিব নোৱাৰি ।
সন্ধিয়া নামিছিল পশ্চিম আকাশত থকা ৰঙা সূৰুযে মেলানি মাগিছে ,চনক চনকৈ থকা আকাশখিনিয়ো নেদেখা হৈছে ,লাহেকৈ নুধুকা ৰঙেৰে জোনেওঁ বগা হব ধৰিছে। ইফালে গৰুবিলাকেওঁ উলাহতে জুপুৰিয়াইছে শিং ,কলা গাইজনীৰ ডিঙিত বান্ধা ঘন্টাটিয়ো বাজিছে মুঠতে শ্ৰীকৃষ্ণ আৰু ৰাধা প্ৰনয় শেৱালীয়ে ঘৰলৈ উভতিছে ,এনে নাচি ভাগি গৈছে ধেমালীতে প্ৰনয়ে শেৱালীক উৰি যোৱা পখিলাৰ দৰে খেদি ফুৰিছে ,দৌৰোতে দৌৰোতে কাইটে শেৱালীৰ ভৰি বিন্ধিলে ,বিন্ধাৰ ভাৱে খোজ কাঢ়িব পৰা নাই শেৱালী ,সেই অৱস্থা দেখি ৰাস্তাৰ কাষতে থকা আহতঁৰ তলত সিহঁতক লুকাই প্ৰনয়ে কান্দিছে । উমান পাইছে শেৱালী প্ৰনয় কত গল ,প্ৰনয়ৰ কন্দা শুনিছে তাই,..তাই প্ৰনয়ৰ ওচৰত কাষ চাপিলে কাষ চপা দেখি প্ৰনয়ে কান্দি কান্দি কলে,
প্ৰনয়:- চব মোৰ কাৰনে হল ,আজি তোমাক মই নেখেদিলে হেতেন তুমি এনেকুৱা নহলেহেতেন ?
শেৱালী:-তুমি কিয় কান্দিছা?
প্ৰনয়:- তুমি বেয়া নাপাবা?
শেৱালী:- আপোনমানুহক জানো বেয়া পাব পাৰো ?
এনেকৈ নিশা হল । প্ৰনয়ৰ অনুৰুধত দেউতাকে শেৱালীকো স্কুলত নাম লগালে ,চাওঁতে চাওঁতে দুয়ো কলেজৰ লৰা-ছোৱালী হল ,প্ৰেমৰ বিষয়ে চিনি পোৱা হল দুয়োজনেই সিজনে ইজনৰ কথা চিনি পোৱা হল শেষত মাথো এটা কথাই থাকি গল ।
অহা খণ্ডত...............next part....পঢ়ি মন্তব্য জনাব ...



0 Comments