হৃদয়ৰ বাগিছাৰে সুবাসী তুমি।অষ্টম খন্ড।karchang takar
অষ্টম খন্ড
সিজনে সিজনৰ প্ৰতি ইমান মৰম ,শ্ৰেয় ইয়াতেই উমান পোৱা যায়। অচিনৰ যিমানেই পিয়াহঁত পিকপিকাইছে তাতোকৈ পিকাইছে বন্ধুত্বৰ হৃদয়বোৰ । ভিতৰি ভিতৰি এটাই প্ৰশ্ন আহিছিল ,কি হৈছে! অচিনে সেয়ে তেওঁৰ অনুধাৱনত ,যাতে অচিনৰ কিবা নহওঁক তাৰেই প্ৰেক্ষত নিলম,প্ৰণয় আৰু বিনোদে অচিনক ,অচিনৰ ঘৰৰ পালে মুৰ টোৱাইছিল । মুৰ টোৱালে যেতিয়া ঘৰৰ পালে ঠোৱাইছে কিন্তু কিম্বাতে বিনা মেঘে বজ্ৰপাত ,ভৱা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি । কোন দূৰদৰ্শীয়ে জ্ঞাত আছিল অচিনৰো এনে সংলাপ-বিলাপ থাকিব পাৰে বুলি হিন্দী বোলছবিৰ দৰে ,গাৱলৈ যোৱা মাজ বাটত উপনীত হৈছে সমুখতে হাইস্কুলৰ মুখ্য প্ৰৱেশদ্বাৰখন দেখিছে অচিনৰ ভগ্ন হৃদয়খন লাহে মিঠা মিঠা মৰমৰ হাহিঁৰ প্ৰলেপেৰে ডাকিব যেন লাগিছিল তেনে ক্ৰমনিশাত । ঠিক ডেৰ ঘন্টা বাজিছে বোধ কৰো অচিনৰ পিয়াঁহটো কমি গৈছে ,প্ৰায়েই কেইজনৰে ভিতৰি ভিতৰি প্ৰশ্ন তুলিছে আৰেহ! সেইটো কি আচৰিত ধৰনৰ ? হাইস্কুল পোৱাৰ লগে লগেই যে অচিন পাৰ চৰাইৰ দৰে হল ?নিশ্চয় কিবা ৰহস্য এটা আছে ? এনে সময়তে ষ্কুটাৰৰ পৰা নামি বন্ধুকেইজনক কলে।
![]() |
| camera-Tapan |
অচিন:- ঐ তহতি ! অলপ সময়ৰ ভাৱে ৰবাছোন মোৰ কাম এটা মনত পৰিছে,ফটগে গৈ কৰি আহোঁ ।
বিনোদ:- আমি যাব নোৱাৰিমনে ?ধেমালীৰ সুৰত নিলমে কলে ? অৱশ্যে ধেমালীটোৱেই সচা বুলি প্ৰমাণিত বোধ কৰিছো ।
নিলম:- বিনোদ অ! কথাবোৰ অলপ বুজিবলৈ চেষ্ঠা কৰাছোন ?
প্ৰণয় :- অ! অ!
অচিনৰ অৱস্থা ,যেন অনুভৱী ছোৱালী ,আপুনি বুজা নাই নহয় তেওঁৰ অৱস্থা এজনী ছোৱালী দৰে যেনেকৈ এজনী ছোৱালীক প্ৰথম বাৰৰ ভাৱে দৰাই কন্যা চাবলৈ তেওঁৰ ঘৰলৈয়ে যেন
আহিছে ॥ বিনোদৰ মিছিকিয়া হাহিঁৰ মাজতে আকৌ বিনোদেকলে ।
বিনোদ:- বা ,তোমাৰ কি অপৰম্পা ছত্ৰছায়া ,আমি বোলো ৰাম ৰাম ।
এখন হিন্দী চিনেমাৰ নায়কৰ দৰে হাইস্কুলৰ প্ৰান্তত খোজ দিছে নৱনিৰ্বাচিত প্ৰেমিক চৰাই অচিন ,অচিন এতিয়া অচিন হয় থকা নাই এতিয়া সি অচিন কুমাৰলৈ ৰূপান্তৰিত হল ,আমি এতিয়া নিৰূপায় তেওঁৰ লগত কথা পাতিবলৈ হলে আবেদন কৰিব লাগিব সেইবুলি কলে নিলমে ।
বিনোদ :- এতিয়া সিয়ো নিয়ৰৰ দৰে ৰাতি ৰাতি কবিতা লিখিব হয়টো মাতাল প্ৰেমিকৰ দৰে হব ,তোমাক নাপালে মই নদী জাঁপ দিম বুলি নপ্ৰেমীকক পাৰ চৰাইৰ দৰে পদূলিত ধানা খোৱাব ।
সময় আহি পৰিছে বতাহৰ খোহে খোহে ,ফুলৰ সুবাসীৰ জুণ্ঝিৰিত উঠিভাহি আহিব,এনে লাগে যেন অচিনৰ শুৱগা গালত জোনাকৰ দৰে উজ্বলি উঠিছে ,ফুলিছে দুই উঠে তগৰ ফুলৰ দৰে আমাৰ চকুত পৰিছিল অচিনৰ আনন্দ সকলোৰে মাজতে এটাই উমান পাইছিল নিশ্চয় অচিন আৰু ছোৱালীজনীৰ সেতুবন্ধন গঢ়িছে । ছোৱালীজনীয়ো স্কুলৰ প্ৰৱেশদ্বাৰৰ গেঠলৈ হাতে হাত ধৰি আগবঢ়াই আহিছে । সিহঁত নোচোৱা চলেৰে চাইছে প্ৰেমীকক মাজে মাজে আচিনৰ লাজুকুৰীয়া হাহিঁ ।এনেহেন সিহঁতৰ কাষ পালেগৈ অচিন,অচিন হাহোঁনে নাহোঁ অৱস্থা তাৰ মাজতে প্ৰণয়ে কলে ।
প্ৰণয়:- হেৰ ডেকা লৰা ! কি মোহন বাহী বজালী ? ৰাধাৰ লগত ?
নিলম:- সি লৰা , কম বিধৰ নহয় সিযে ছোৱালীৰ স্কুলত যে সোমাই ষোল্লস গোপিনীৰ লগত লীলা কৰিলে নিশ্চয় প্ৰসংশনীয় কথা । আমি অবাক তোমাক লৈ গৌৰৱ অনুভৱ কৰিছো ।নিলমৰ হাস্যকৰ কথা শুনি সকলো হাহিঁ পৰিল ,তাৰ মাজে মাজে আকৌ প্ৰণয়ৰ ভাষ্য।
প্ৰণয়:- সেই ভাল খবৰত খানা এটা খুৱাব পাৰা ,এতিয়া চোৱা তোমাৰো হল ?



0 Comments