খণ্ড-চৈধ্য
টাউনৰ মজিয়াত থকা কলেজত এনেকৈ লগ পালে বৰ্তমানৰ বন্ধুবৰ্গ নিয়ৰ ,অচিন,নিলম,চুনামি,বিনোদ আৰু জাহ্নৱীক । সকলোবোৰ কাহিনী পৰিচিত শেৱালী আৰু চুনামিৰ মাজত ।
চুনামিৰ লগত কথা-বতৰাত অলপ সময় আগবঢ়ালো । বহা টেবুলৰ পৰা সময় কেনি গল গমকেই নাপালো ।প্ৰায় এক বাজিছিল যোৱা নিশা ফেচবকুত দিয়া কবিতাটোৰ মন্তব্য দিছে । মই চাবওঁ খুজিছিলো নথিফিকেচনত Nibedita commented your post বুলি আহিছে। মই চাবওঁ খুজিছিলো আঘোণৰ কুৱলীৰ দৰে যেন ধাৱনিক ডাকি ৰখাৰ দৰে নেটৱৰ্কে নিবেদিতাৰ কমেন্টটো চাবলৈ দিয়া নাই ,বহুত সময়ত অপেক্ষা কৰিলো এনে কুৱঁলী আতৰি যাবলৈ । তাই কমেন্টৰ তিনি ক্ৰমিশৰ শাৰীত এনেকৈ লিখিছে ,আপোনাৰ কবিতাটোৰ কিছু ভাৱ প্ৰকাশ পাইছে ,মই কিন্তু সকলোবোৰ কথা প্ৰকাশ কৰিব নোৱাৰিম মই কাৰণ আপোনাৰ দৰে নাজানো । কেতিয়াবা কম কিছু কথা ,যদি সময়ে অনুমতি দিয়ে । কি আচৰিত সময়ে কি কব ? মই বিপাংঙত পৰিছো । শেষত তাইৰ সকলো কোৱা কথা ভাৱি চিন্তি নিদ্ৰিত হলো ।
পুৱাতেই উঠি একমাত্ৰ ঘড়ীৰ কাটাডালক চাব খুজিলো সময় আঠটা ত্ৰিশ বাজিলেনে ? ঘড়ীক বাৰে পতি সুধিয়ে আছো তেনেকৈ ,কাৰণ সেই সময়টোত নিবেদিতাই কলেজলৈ মুৰ থোৱা চাৰিআলিত অটৰ বাবে বাট চাই থাকে সেয়ে এবাৰ তাইক দেখা পাব পাৰেই নেকি বুলি যাওঁ কিন্তু সময়ে মোক মিলাব নোখোজে ।
তাৰ মাজতে যদি আত্মীয় সকলে ,যি সকলে মুখ থোৱাই কব পাৰি সেই সকলে
খণ্ড-১৪
কয় ,নিয়ৰ অ তোৰ চাল-চলন ভাল দেখা নাই,সেইবোৰ বেয়া বুলি কব । সেয়ে সিহঁতিয়ো নেদেখক বুলি লুকাই আহিবলগীয়া হয় । যৌৱনত এজনী তিল্লোত্তমাক দেখিলেটো প্ৰাণ যাওঁ যাওঁ কৰিবই ন ,তাতেই আকৌ ইফালে নিবেদিতাৰ একপক্ষীয় প্ৰেমীক চৰাই আৰুতো উৰিবই । সময় ন বাজিছিল ঠিক টেম্পুৰ ষ্টেচনৰ কাষৰ শিৱ মন্দিৰৰ পৰা তাই সেৱা কৰি আহিছেগৈ তাইক আজি পাৰ্বতীৰ সদৃশ শাৰী পিন্ধিছে ,সেউজীয়া বৰণৰ ,কলা কেশৰ মাজে মাজে দুই-তিনিটা মান হাজাৰ ফুলৰ পাহিয়ো গুজি লৈছে তাইক বিৰাট শুৱনি লাগিছে । টেম্পুৰ হৰ্ণ বাজিয়ে আছে মই কেৱল তাইক হে চাই আছিলো ভুৱা হৈ ,সচাকৈ আজি নিবেদিতাক বহুত ধুনীয়া দেখিছো আগতকৈয়ো ! হয়তো আজিয়ো জোকাঁলেহেতেন নিলমহতে । তাই মোৰ কাষে পাৰ হৈ গৈছিল হাতত প্ৰসাদ লৈ মোৰ বোধেৰে তাই হয়টো মোক দেখিছে । ছে: আজিয়ো ভালকৈ লগ কৰিবই নোৱাৰিলো ,ঘৰৰ পৰা বহুতবাৰ প্ৰস্তুতি কৰি আহোঁ আজি কৈয়েই দিয়ো নেকি বুলি? কিন্তু নিবেদিতাক দেখাৰ লগে লগে গাত-বল নাইকিয়া বুঢ়াৰ দৰে থৰক-বৰখ।
আচলতে এনেকুৱা পৰিস্থিতিত থিয় হবলগীয়া হয় যে ফোনত বা ছচিয়েল মেডিয়াত কথা পাতিব পাৰিলেওঁ বাস্তৱ জীৱনত নোৱাৰে ।
লাহে লাহেকৈ অটখনে চলিব ধৰিছিল ।সমুখতে বহুজনেই মটৰ বাইক উৰুৱাই কলেজলৈ গৈছে , আজিকালি এনেকুৱা এটা সময় আহি পৰিচে যে চাইকেলেৰে কলেজলৈ নাযায় তাৰ সলনি মটৰ বাইকেৰেহে কলেজলৈ যায় আধুনিকতাই সকলোকে লুকুৱাইচে । আজিকালি জানেনে পৰীক্ষাত উত্তীৰ্ণ হলেই অভিভাৱকৰ পৰা বল প্ৰয়োগ কৰি মটৰ বাইক খিনিবলৈ হেঁচা প্ৰয়োগ কৰা দেখা গৈছে । মাক-দেউতাক সকলে কিমান কষ্টকৰ হব পাৰে দূখীয়া, পৰিয়ালে কত খিনিব পাৰি বাইক কিন্তু লৰা সকলে নুবুজে তেনে বিষয়ৰ ৰুচীবোৰ লাগে মাথো আনন্দ । এনে সময়তে গেটৰ সমুখতে অটখন অথাৎতে ব্ৰেক মাৰি ৰাখিছিল সমুখতে স্কুটীত বিউতিহতঁক দেখিছো ; ভিতৰি ভিতৰি মনে বৰকৈ হেলাগি জন্মিছে আজিছোন নিবেদিতাই নাই মই সোমাওঁ নোহোঁমাওঁ বুলি ভাৱিছিলো ,নাই সোমাবই লাগিব । সিহঁতিয়ো কব, মই নথমুৰ কৰি থাকিব লাগিব ,কালি তাই নাহিলে বুলিয়ে তুমিয়ো নহাকৈ থাকিলা । অৱশেষত কলেজৰ প্ৰৱেশদ্ধাৰেদি প্ৰৱেশ কৰিলো ,সমুখত হেজাৰ জন ছাত্ৰ-ছাত্ৰীয়ে উলাহত ব্যাকুল হৈ আছে ,কোনোবা এখন কোঠাৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত বাজিছে "আজি মন্দিৰ দুৱাৰ খোলা" । প্ৰেক্ষাগৃহখন আটক-ধুনীয়াকৈ সজাইছে ,মই সচাকৈ পাহঁৰি গৈছিলো আজি বিশ জুন ৰাভা দিৱস । মোৰ পিঠিত কিতাপৰ টোপোলা আৰু মা-দেউতাৰ মোক লৈ সজস্ৰ সপোনৰ ভোজবোৰ কেৱল মোৰ পিঠিতেই আছিল । তেনেস্থলত এই প্ৰেম-ভালপোৱাৰ প্ৰতি অলপ দুৰত থকা আটাইতকৈ দৰকাৰ কিন্তু য়ে দিল মাংগে মৰ ,প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় মই কোৱা নাই কবিয়ে কৈছে আৰু হৈ যায় এই যৌৱনত । পিছফালৰ পৰা বিনোদ আৰু প্ৰনয় গফা মাৰি ধৰিছিল আৰু কলে ।
বিনোদ :- কি কম আৰু তোক !আজিয়ো কিতাপ লৈ আহিছ ? অ বুজিলো মানে অনুষ্টান চলি থকা সময়ত লাইব্ৰেৰিলৈ গৈ নোট কৰিবা ন! চোকা লৰাৰ কথাই বেলেগ ।
:- নাই !নাই! এইটো কথা নহয় আচলতে মই পাহৰিছিলো?
মই যাওঁগৈ নেকি ৰুমলৈ,এইবুলি কোৱাৰ আগতে প্ৰেক্ষাগৃহৰ পৰা ঘোষনা কৰিছিল আজিৰ দিনটোৰ কাৰ্যসূচীত ,আৰম্ভণি গীত পৰিৱেশন আৰু অৰ্থনীতি বিভাগৰ নিবেদিতাৰ নৃত্য প্ৰদৰ্শন । মই উচপ খাই উঠিছিলো কতা তাই আজি নাহেই কলেজলৈ ,ভিতৰি ভিতৰি এটা কথাই পাঙিছে ,তাই নিশ্চয় ভগৱান শিৱৰ নটৰাজ নৃত্য প্ৰদৰ্শন কৰিব সেয়ে কিজানি তাৰ আগতে শিৱ মন্দিৰত সেৱা কৰিবলৈ গৈছে । সেই সময়ছোৱাত নিলম ,অচিন কেতিয়া আহিল একো গমকেই নাপালো ,এনে মাজতে কলে নিলমে,
নিলম:- এতিয়া যি দেখিছো নিয়ৰ এতিয়া ৰুমলৈ নাযায় ? ইয়াতেই থাকিব ,একেই স্থানত কাৰণটো গম পাইছে নহয় ? সকলোৱে ? তাৰ মাজে মাজে নিবেদিতাৰ বান্ধৱী বিউতি আহি কলে অলপ লাজুকুৰীয়া সুৰত ।
বিউতি:- দাদা নিবেদিতা সাজি-কাছি আহিছে ?(লাহেকৈ কলে )।তেনেসময়তে নিলমে আকৌ কলে।
নিলম:- পিছে কোনোবা এজনৰ মন অগতানুগতিক ভাৱে মৌনব্ৰত যে কিয়?
অচিন:-কাৰণ আজি চুনামি কলেজলৈ নাহে জাহ্নৱীয়ে কৈছিল ।
নিলম:- হব দিয়া আজিয়ে নাহে কাইলৈ আহিব নহয় ? চিন্তা নকৰিবা অ!
ক্ষন্তেক সময়ৰ পিছত অনুষ্টান আৰম্ভ হয় , আৰম্ভণি গীতেৰে "সুৰৰে দেউলৰে॥
আমি মাথো অপেক্ষাৰথ হৈছিলো নিবেদিতাৰ নৃত্যৰ প্ৰদৰ্শনলৈ । তাইৰ নাম মাজে মাজে কৈছিল অনুষ্টানটোৰ হাতধৰোতাজনে । অৱশেষত তাইৰ ফাল পৰিছিল ,বিশ্বৰ ছন্দে ছন্দে গীতেৰে ,মই আকৌ লাজুক হৈছিলো সেইটো নৱাগতা আদৰণী সভাখনৰ দৰে । আজিয়ে জানিলো তাই প্ৰতিভাশালী ছোৱালী ,বাকীবোৰে নিজৰ নিজৰ মবাইলত ৰেকৰ্ডিং কৰিছিল মই একোৱেই কৰিব নোৱাৰিলো যিয়ে লাজুকী । নিলমতে হাত চাপৰি বজাই আছে তাৰ মাজে মাজে বিউতিয়ে কৈছে ,
বিউতি: দাদা ,আপোনালৈ পঠাই আছো দেই ওৱাটছাপত ?
আৰু এনদৰে অনুষ্টানটো শেষ হৈছিল॥
পৰৱৰ্তী খণ্ডত

1 Comments